নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শালবাৰীৰ বাৰেঙ্গাবাৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা সৰ্বানন্দ সোণোৱালৰ

২১নং শালবাৰী পৰিষদীয় সমষ্টিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বাৰেঙ্গাবাৰীত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ দাসৰ হৈ আয়োজিত বিজেপি দলৰ এখন নিৰ্বাচনী সভাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, বিটিআৰত প্ৰতিখন সভাতে ৰাইজ বহুত আন্তৰিকতাৰে আহিছে৷ ৰাইজৰ সঁহাৰি অত্যন্ত উৎসাহজনক৷ ৰাইজে বিচাৰে যে বিটিআৰ বিজেপিয়ে দখল কৰক৷

বিটিআৰত বিজেপি আহিলে সকলো জাতি জনগোষ্ঠীৰ মাজত স্থায়ী শান্তি থাকিব৷ সকলোকে সামজিক ন্যায় দিবলৈ বিজেপিয়েহে পাৰিব৷ সকলোকে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সমান্তৰাল সুবিধা দিব পাৰিব ৷

নিয়মীয়া বাৰ্তা, আনন্দ বজাৰ, ১৫ ছেপ্টেম্বৰ

You might also like