ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধানসভা সমষ্টি তথা বিটিচিৰ ৪০নং পৰিষদীয় ৰৌতা সমষ্টিৰ অন্তৰ্গত ওৰাং আৰক্ষী থানাৰ অধীনস্থ ২নং শইকীয়া চুবুৰী গাঁৱৰ নিবাসী অতি দৰিদ্ৰ মণি শইকীয়া আৰু দীপ্তি শইকীয়াৰ একমাত্ৰ কন্যা গুৱাহাটীৰ টানিষ্কৰ গহনা বিপনীৰ কৰ্মচাৰী নেহা শইকীয়া( ২২)ৰ ৰহস্যঘন মৃত্যুৱে সমগ্ৰ ওৰাং তথা ওদালগুৰি জিলাতে কৰুণভাৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আনৰ ঘৰত হাজিৰা কৰি অভাৱগ্ৰস্ত জীৱন-যাপন কৰা মণি শইকীয়াৰ ৰোগগ্ৰস্ততা আৰু সামৰ্থহীনতাৰ হেতু স্নাতক শিক্ষা আধাতে এৰি পৰিয়ালটোৰ পোহপালৰ হেতু জীৱিকাৰ সন্ধানত চাৰি বছৰ পূৰ্বে গুৱাহাটীমূখী হৈছিল নিপোটল চেহেৰাৰ ওৰাঙৰ ১৮ বছৰীয়া নেহা শইকীয়া।
অতি হাহিমূখীয়া নেহাই অইন দিনাৰ দৰে ১৩ জুলাইৰ সন্ধিয়ালৈ হাহি-মাতি টানিষ্কৰ শ্ব’ৰুমৰ সোণৰ গহনা বিপনীৰ কৰণীয় কৰ্মত ন্যস্ত আছিল। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰায় চাৰি মাহ পূৰ্বে শিলপুখুৰীৰ কালী মন্দিৰৰ কাষৰ ভাৰাঘলৈ স্থানান্তৰ হয় নেহা।
ঘটনাৰ দিনা কৰ্মৰ পৰা আহৰি হৈ গৈ ভাড়া ৰূমৰ পৰাই নিশা ৯ মান বজাৰ পৰা ১০ মান বজালৈ প্ৰায় এঘণ্টা নেহাই মাকৰ সৈতে আনদিনাৰ দৰেই সাধাৰণ ধৰণে ভালদৰেই কথা পাতে।
ভাড়াঘৰত মাজনিশালৈ পাৰ্টী চলা আৰু ভাড়া ঘৰৰ মালিকে পুৱাৰ ভাগত (১৪ জুলাইত) চিপ লোৱা অৱস্থাত নেহাৰ মৃতদেহ প্ৰত্যক্ষ কৰা বুলি প্ৰকাশিত কথাবোৰে পৰিয়ালৰ লোকক বাৰুকৈয়ে সন্দিহান কৰি তুলিছে।
এয়া আত্মহত্যা নহয়, এক চাঞ্চল্যকৰ হত্যাকাণ্ড বুলি সন্দেহ ব্যক্ত কৰিছে পৰিয়াল, ওচৰ চুবুৰীয়া আৰু বিভিন্ন দল-সংগঠনে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন হোৱাৰ পিছত ১৪ জুলাইত নিশা ৯ মান বজাত ২২ বছৰীয়া সুন্দৰ-সুঠাম চেহেৰাৰ নেহাৰ নিথৰ দেহ ওৰাঙৰ ২ নং শইকীয়া চুবুৰী গাঁৱৰ ঘৰত আহি পোৱা মাত্ৰকে সমস্তজনৰ হিয়াভঙা কান্দোনত হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।
ইফালে দুৰ্ভগীয়া পিতৃ-মাতৃ -একমাত্ৰ ভাতৃৰ লগতে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি মহেশ্বৰ দাস,উপ সভাপতি সোমেশ্বৰ ডেকা, সম্পাদক বজ্ৰ ডেকা, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি নৱজিৎ কোচ সম্পাদক ৰাজীৱ মহলীয়া, ওদালগুৰি জিলা কোঁচ ৰাজবংশী মহিলা সন্মিলনী, ওৰাং আঞ্চলিক আক্ৰাছু, ওৰাং আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী ,ওৰাং সাংবাদিক সন্থা, ওৰাং প্ৰেছ গীল্ড, ওৰাং শতদল সাহিত্য সভা আদি দল-সংগঠনে নেহাৰ সন্দহ আৰু ৰহস্যঘন মৃত্যুৰ বাবে ভাড়াঘৰৰ মালিক আৰু মাজনিশা পাৰ্টীত অংশগ্ৰহণ কৰাসকলক তদন্তৰ আওতালৈ আনিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী তুলিছে। তেতিয়া নিশ্চয় সন্দেহ আৰু ৰহস্য ভেদ হ’ব।
তৎক্ষাণিক ভাৱে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো প্ৰকাশ কৰিবলৈ দাবী তোলা হৈছে। এনেক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী চৰণ বড়ো, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই যথোচিত ন্যায় প্ৰাপ্তিৰ বাবে ব্যৱস্থা গ্ৰহণ দিশত অগ্ৰগণী ভূমিকা ল’ব বুলি সকলোৱে আশা কৰিছে।
নিয়মীয়া বাৰ্তা, ওৰাং, ১৫ জুলাই