নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ বোকোচাত উঠি জাতিৰক্ষাৰ শ্ৰুতলিপি দিয়াটো দুৰ্ভাগ্যজনক : সৰ্বানন্দ

🎯”কংগ্ৰেছে অসমীয়া সমাজখনৰ হৃদয়ৰ আৰ্তনাদ কেতিয়াও শুনিব নোৱাৰিলে” : সোণোৱাল

🎯”১ কোটি ৯০ লাখ বাংলাদেশীৰ ভুৱা তথ্যৰে তেওঁলোকে সমাজ জীৱনক অগ্নিগৰ্ভলৈ ঠেলি দিছিল” : সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ “কংগ্ৰেছে ষাঠি বছৰ কাল অসমীয়া মানুহৰ হৃদয়ৰ আৰ্তনাদ শুনিব নোৱাৰিলে। কংগ্ৰেছৰ লগত মিলি তথাকথিত মিত্ৰশক্তিয়ে মই মুখ্যমন্ত্ৰী হৈ থকা কালত ‘কা’ আন্দোলনৰ সময়ত অসমক যি অস্থিৰতালৈ ঠেলি দিলে, তাৰ বাবে তেওঁলোকেই জগৰীয়া। ১ কোটি ৯০ লাখ বাংলাদেশীৰ ভুৱা তথ্যৰে অসমৰ জনজীৱনক উত্তেজিত কৰি তোলা হৈছিল, আন্দোলনৰ বোকোচাত উঠি তথাকথিত নেতাবোৰে মন্ত্ৰী, সাংসদ, বিধায়ক হোৱাৰ সপোন দেখিছিল। তেওঁলোকে কিয় হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লৈ অসমৰ জনজীৱনক অন্ধকাৰলৈ ঠেলি দিলে, তাৰ উত্তৰ ৰাইজক লাগিব।” – কংগ্ৰেছ আৰু কংগ্ৰেছৰ পিঠিত উঠা বিৰোধীৰ প্ৰতি তীক্ষ্ণ বাক্যবাণ প্ৰয়োগ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি এনেদৰে মন্তব্য কৰে। আজি ডিগবৈ বিধানসভা সমষ্টিৰ আঠখনৰো অধিক সভাত স্থানীয় বিধায়ক সুৰেন ফুকন, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকলৰ সৈতে অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে ৰাইজৰ ব্যাপক সমৰ্থন-সঁহাৰি লাভ কৰে। সৰ্বানন্দ সোণোৱালে ৰঙালী বিহুৰ প্ৰাকক্ষণত স্থানীয় ৰাইজৰ সৈতে বিহুনাচতো অংশ লয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মৰম-আশিসেৰে ধন্য হৈ সোণোৱালে কয়, “এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈৰ ক্ষমতা বছৰি ০.৬৫ মিলিয়ন মেট্ৰিক টনৰপৰা ১ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ দিশত আমাৰ চৰকাৰৰ দিনতেই সবল প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। সমগ্ৰ ভাৰতৰ বাবেই এই অঞ্চলটো এক ঐতিহ্যমণ্ডিত অঞ্চল। বৰ্ণাঢ্য ইতিহাস আৰু জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ গাথাৰে উদ্ভাসিত আৰু বিভিন্ন সম্ভাৱনাৰ প্ৰাণকেন্দ্ৰ ডিগবৈ সমষ্টিৰ ৰাইজৰ মাজলৈ আহি মই অতিশয় আনন্দিত হৈছোঁ। ৰাইজৰ আশিস, দিহা-পৰামৰ্শ আৰু সহযোগিতাই আমাক ন উদ্যমেৰে জাতিৰ হকে, ৰাষ্ট্ৰ নিৰ্মাণৰ হকে আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে।” সোণোৱালে ভাষণ প্ৰসংগত কয়, “এইকেইদিন দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ বোকোচাত উঠি এগৰাকী উদীয়মান নেতাই মোৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। ইফালে তেখেতৰ সহযোগী হৈছে এনে এগৰাকী তথাকথিত নেতা- যাৰ অভিধানত শালীনতা, নম্ৰতা-ভদ্ৰতাৰ কোনো স্থান নাই। এজন ভূমিপুত্ৰক জীৱন্তে জ্বলি যোৱাত উদগনি যোগোৱা সেইগৰাকী ভদ্ৰতাহীন নেতাক লগত লৈ আৰু অসম আন্দোলনত ৮৫৫ জন অসমীয়াক নিৰ্মমভাৱে হত্যা কৰা কংগ্ৰেছৰ বোকোচাত উঠি উদীয়মান নেতাজনে আমাক জাতি ৰক্ষাৰ শ্ৰুতলিপি দিয়াটো চৰম দুৰ্ভাগ্যৰ কথা। উদীয়মান নেতাজনৰ সহযোগী এই শালীনতাবিহীন নেতাজনেই কাজিৰঙাত সন্দেহযুক্ত বেদখলকাৰীৰ বিৰুদ্ধে আমি চলোৱা উচ্ছেদ অভিযানৰ সময়ত বাংলাদেশীৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। তেওঁলোকে মোৰ নম্ৰতা-ভদ্ৰতাকো তুচ্চ-তাচ্ছিল্ল্য কৰিছে। মোৰ স্বৰ্গগত পূজনীয় আই-পিতাইক টানি আনি তীৰ্যক মন্তব্য কৰিছে। এয়াই নেকি তেওঁলোকৰ মূল্যবোধৰ ৰাজনীতি?? নম্ৰতা-ভদ্ৰতা, শালীনতা অসমীয়া জাতিৰ ভূষণ। নম্ৰতা-ভদ্ৰতা অসমীয়া জাতিৰ শক্তি, কেতিয়াও দুৰ্বলতা নহয়। আমাৰ আই-পিতাই, গুৰুসকলে, শিক্ষাগুৰুসকলে আমাক সদায়েই নম্ৰ-ভদ্ৰ হৈ, সমাজখনৰ প্ৰতি শিৰনত হৈ কাম কৰি যোৱাৰ শিক্ষা প্ৰদান কৰিছে। মই নম্ৰতা-ভদ্ৰতা, মূল্যবোধৰ ৰাজনীতি লৈয়েই আগুৱাই যাম, তেওঁলোকে মোক যিমানেই তিতকাৰি নামাৰক কিয়। কংগ্ৰেছৰ দ্বাৰা লালিত-পালিত এই গেংটোৱে উচতনিমূলক বক্তব্য আৰু হিংসাত্মক আন্দোলনেৰে অসমৰ জনজীৱন ৰক্তাক্ত কৰি তুলিছিল। অথচ কা বলবৎ হোৱাৰ ইমান দিন হৈ গ’ল, এতিয়ালৈকে অসমত আবেদন কৰা সংখ্যা প্ৰায় শূন্য বুলিব পাৰি।” “অসমীয়া জাতিৰ স্বাভিমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ চলাইছিল, বিজেপিক সমৰ্থন কৰা ৰাইজক শাৰীৰিকভাৱে অপদস্থ কৰিছিল, জনপ্ৰতিনিধিৰ ঘৰ জ্বলাই দিছিল- কংগ্ৰেছ আৰু তেওঁলোকৰ বোকোচাত উঠা তথাকথিত বজ্ৰকণ্ঠৰ অধিকাৰী মিত্ৰশক্তিয়ে। ১ কোটি ৯০ লাখ বাংলাদেশীৰ ভুৱা তথ্যৰে তেওঁলোকে সমাজ জীৱনক অগ্নিগৰ্ভলৈ ঠেলি দিছিল, প্ৰৰোচনামূলক বক্তব্যৰে অসমৰ সহজ-সৰল জনজীৱনক উত্তেজিত কৰি তুলিছিল। এতিয়া সকলো কথা জলজল-পটপট হৈ পৰিছে। তেওঁলোকেই ইয়াৰ বাবে জগৰীয়া। ইয়াৰ জবাব তেওঁলোকে ৰাইজক দিব লাগিব।”– সোণোৱালে লগতে উল্লেখ কৰে।

You might also like