নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত প্ৰাইজমানি মাৰাথান দৌৰ : প্ৰথম স্থানত বিপুল সতনামি, ৰূপালী তেৰীয়া

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বৰহোলা উপ-ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰে তিতাবৰ মহকুমাৰ বৰহোলাত সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমানি মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন হয়। তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা বৰহোলা মহাবিদ্যালয়লৈকে প্ৰায় ২০ কিলোমিটাৰ দূৰত্বৰ পথত হোৱা প্ৰতিযোগিতাত ৰাজ্য বিভিন্ন জিলাৰ প্ৰায় ৪৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত পুৰুষৰ প্ৰথম হয় শিৱসাগৰৰ বিপুল সতনামি, দ্বিতীয় কামৰূপৰ চানিদুৰ ইচলাম আৰু তৃতীয় ডিব্ৰুগড়ৰ বিনোদ ৰাজুৱাৰ। মহিলাৰ প্ৰথম হয় চৰাইদেউৰ ৰূপালী তেৰীয়া, দ্বিতীয় হয় হোজাইৰ পিনা ৰাশী আৰু তৃতীয় স্থান লাভ কৰে লখীমপুৰৰ ৰিমি পেগুৱে। প্ৰতিযোগিতাৰ অন্তত বৰহোলা মহাবিদ্যালয়ৰ চৌহদতে বৰহোলা উপ ক্ৰীড়া সন্থাৰ সভাপতি তথা সমাজকৰ্মী বিবুল হাজৰিকাৰ সঞ্চালনাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।

বৰহোলা উপ-ক্ৰীড়া সন্থাৰ সম্পাদক অমল সোণোৱাল আৰু খেল ব্যৱস্থাপনাৰ দায়িত্বত থকা যদুমণি চুতীয়াই আঁত ধৰা বঁটা বিতৰণী সভাত সন্মানীয় অতিথি হিচাপে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, যোৰহাট জিলা পৰিষদৰ অধ্যক্ষ হীৰেন হাজৰিকা, অৱসৰপ্ৰাপ্ত কৰ্নেল বেনু শইকীয়া, শিশু সাহিত্যিক তিলো সোণোৱাল, বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ দত্ত, যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষা বিমলা সোণোৱাল, অৱসৰপ্ৰাপ্ত বেংক বিষয়া বেনু বৰা উপস্থিত থাকি চমু ভাষণেৰে খেলুৱৈসক‌ল উৎসাহিত কৰে। অনুষ্ঠানতে পুৰুষৰ প্ৰথম স্থান লাভ কৰা শিৱসাগৰৰ বিপুল সতনামিক স্বৰ্গীয় ভোধৰ ৰাজখোৱাৰ সোঁৱৰণত প্ৰাইজমানি প্ৰদান কৰে দাতা পৰিয়ালৰ হৈ ইকৰাণি পঞ্চায়তৰ সভাপতি তপন বৰাই।

ইফালে মহিলাৰ প্ৰথম স্থান লাভ কৰা চৰাইদেউৰ ৰূপালী তেৰীয়াক প্ৰাইজমানি প্ৰদান কৰে দাতা তথা সমাজকৰ্মী বেনু বৰাই। প্ৰতিযোগীসকলৰ পুৰুষৰ পোন্ধৰ গৰাকীক আৰু মহিলাৰ দহ গৰাকী স্থান প্ৰাপ্তক প্ৰাইজমানি-মানপত্ৰ দিয়াৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৌৰ সম্পূৰ্ণ কৰা সকলো খেলুৱৈকে মাণপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে পুৱা ৫ বজাত তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৰ্নেল বেনু শইকীয়াই।

You might also like