নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-জিলা ঘোষণাৰ দাবীৰে সৰ্থেবাৰীত আধ্যাত্মিক প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ: সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰী মৌজাৰ অস্তিত্ব, স্বাভিমান ৰক্ষা আৰু সামূহীক উন্নয়নৰ স্বাৰ্থত ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰীক উপজিলা ঘোষণা কৰাৰ দাবী আৰু এই অঞ্চলত থকা সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত এইবাৰ ৰাজপথলৈ ওলাই আহিল সত্ৰাধিকাৰ নামঘৰীয়া।বঞ্চনাৰ ক্ষোভে উতলাই ৰখা ৰাইজৰ ধৰ্ণা, সমদল, প্ৰতিবাদী সভা আৰু বন্ধ কাৰ্যসূচীৰে বিগত এপষেক ধৰি উত্তাল হৈ আছে ঐতিহাসিক সৰ্থেবাৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চল সমূহ।খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত সৰ্থেবাৰীক উপজিলা হিচাপে ঘোষণা কৰা আৰু অঞ্চলটোত থকা চৰকাৰী সকলো পৰ্যায়ৰ কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত বিগত এপষেক ধৰি হৈছে ধাৰাবাহিক আন্দোলন।উল্লেখ্য যে ১৯৫৫ চনতে নগৰলৈ উন্নীত হোৱা ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰী সৰ্বদিশতে অৱহেলিত অনাদৃত আৰু অনগ্ৰসৰ হৈ থকাৰ ফলত সকলোফালৰ পৰাই বঞ্চিত হৈ আহিছে ঐতিহাসিক সৰ্থেবাৰী।বহু বছৰ ধৰি সৰ্থেবাৰীৰ নামত এটি নতুন বিধান সভা সমষ্টি গঠন কৰাৰ দাবী লৈ যুক্তি সংগত ভাবে আবেদন নিবেদন কৰাৰ লগতে ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰি আহিছিল।কিন্ত সমগ্ৰ অঞ্চলটোৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা এই দাবীক দুৰ্ভাগ্যজনক ভাবে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে।পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিক লুপ্ত কৰি সৰুক্ষেত্ৰীক খণ্ড বিখণ্ড কৰি নতুনকৈ পাকা বেতবাৰী সমষ্টি গঠন কৰাৰ লগতে পাকা মৌজা আৰু সৰুক্ষেত্ৰী মৌজাক চাৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাত সমগ্ৰ অঞ্চলটোক ৰাজনৈতিক ভাবে অস্তিত্বহীন কৰা হল বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।ইয়াৰ মাজতেই সৰ্থেবাৰীৰ লগতে সৰুক্ষেত্ৰী মৌজাক বৰপেটা বিধান সভা সমষ্টিত জাপি দিয়াৰ সমান্তৰালকৈ সৰ্থেবাৰীত থকা চৰকাৰী কাৰ্যালয় উপজিলাৰ নামত অন্য স্থানলৈ স্থানান্তৰিত কৰাৰহে এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ হয়।ইতিমধ্যেই দুটাকৈ চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা বুলিও অভিযোগ উত্থাপন হৈছে।এই কথাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে ঐতিহাসিক সৰ্থেবাৰীৰ সৰ্বস্তৰৰ ৰাইজবৰপেটা সদৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত অৱস্থিত ঐতিহাসিক সৰ্থেবাৰীক কেন্দ্ৰ কৰি পূব বৰপেটাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি বিশেষ অধ্যাদেশ জাৰি কৰি হলেও সৰ্থেবাৰীক উপজিলা হিচাপে ঘোষণা কৰাৰ দাবীত ৰাইজ প্ৰতিবাদ মুখৰ হৈ ৰাইজে বিগত এপষেক ধৰি আন্দোলন কৰি আছে।বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন পৰ্যায়ত অনুষ্ঠিত আন্দোলনৰ মাজতে সৰ্থেবাৰীক উপজিলা ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সৰ্থেবাৰীত থকা সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰি সৰ্থেবাৰীৰ লগতে দাতি কাষৰীয়া অঞ্চলৰ সত্ৰ সমূহৰ সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধি,নামঘৰীয়া আৰু নামঘৰ পৰিচালনা সমিতিৰ প্ৰতিনিধিয়ে আজি প্ৰতিবাদী আধ্যাত্মিক সমদল উলিয়াই এক ব্যতিক্ৰম প্ৰতিবাদ সাব্যস্ত কৰে। আজি প্ৰথমতে সৰ্থেবাৰীৰ লগতে পাকা মৌজা আৰু সৰুক্ষেত্ৰী মৌজাৰ ভিন্ন প্ৰান্তত থকা পোন্ধৰখন সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধি,নামঘৰীয়া আৰু নামঘৰ পৰিচালনা সমিতিৰ প্ৰতিনিধিয়ে ধূতি চোলা পিন্ধি কান্ধত গামোচা চেলেং লৈ সম্পূৰ্ণ ধৰ্মীয় সাজেৰে সৰ্থেবাৰীৰ ঐতিহাসিক বৰগোসাইঘৰৰ সম্মুখত মিলিত হয়।বৰগোঁসাই ঘৰৰ সম্মুখত হৰিধ্বনি দি আৰু ঠিয় নাম গাই এই প্ৰতিবাদী আধ্যাত্মিক সমদল আৰম্ভ কৰে।আজিৰ প্ৰতিবাদী আধ্যাত্মিক সমদলত কোনো জিন্দাবাদ মুৰ্দাবাদ শ্লোগান নাই।কেৱল ঠিয় নাম,ঘোষানাম গাই খোল ভোৰতাল বজাই সত্ৰাধিকাৰ নামঘৰীয়াৰ লগতে ভকত বৈষ্ণৱে প্ৰকাশ কৰিছে মনৰ বেদনা।বঞ্চনাৰ প্ৰতিবাদ কৰিছে ধৰ্মীয় ভাবেৰে।অসম চৰকাৰে খিলঞ্জীয়া অধ্যুষিত তথা সনাতনি সংস্কৃতিৰ সাধনাৰে সমৃদ্ধ সৰ্থেবাৰীৰ ৰাইজৰ মনৰ বেদনা বুজিবলৈ প্ৰয়াস নকৰি কেৱল বঞ্চনাৰহে পৰিকল্পনা কৰি থকাত আজি প্ৰখৰ ৰদ আৰু তীব্ৰ উষ্ণতাকো নেওঁচি বয়োজেষ্ঠ ভকত বৈষ্ণৱে প্ৰতিবাদী আধ্যাত্মিক সমদল উলিয়াই সৰ্থেবাৰী পৌৰ সভাৰ সম্মুখেৰে গৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বহু সময় দিহা নাম,ঘোষা নাম গাই,শ্লোক আওঁৰাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই চৰকাৰৰ সুমতি বিচাৰি আৰু চৰকাৰৰ কৃপা দৃষ্টি বিচাৰি ভকত বৈষ্ণৱে হৰিধ্বনিও দিয়ে।উল্লেখ্য যে এই প্ৰতিবাদী আধ্যাত্মিক সমদল সমাপ্ত কৰাৰ পূৰ্বে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে এখন প্ৰতিবাদী সভা অনুস্থিত কৰে।সভাত সত্ৰাধিকাৰ সকলে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত সৰ্থেবাৰীক উপজিলা হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ লগতে সৰ্থেবাৰী অঞ্চলত থকা সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখা সম্পৰ্কত স্থিতি স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই। আজিৰ এই ব্যতিক্ৰমি তথা আকৰ্ষণীয় প্ৰতিবাদী আধ্যাত্মিক সমদলত সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ মজুমদাৰ,অৰ্চককে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে সৰ্থেবাৰী পাঁচ খেল উন্নয়ন সমিতিৰ সম্পাদকৰ লগতে কেইবাগৰাকীও প্ৰতিনিধি,সৰ্থেবাৰী আঞ্চলিক স্বাৰ্থ ৰক্ষা সমিতিৰ সদস্য, সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য আৰু ৰাইজে অংশ গ্ৰহণ কৰে।প্ৰতিবাদী সভাৰ অন্তত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ সামূহীক ভাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।ইপিনে সৰ্থেবাৰীক উপজিলা ঘোষণা কৰা আৰু সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত অঞ্চলটোৰ সকলো সত্ৰ নামঘৰত সন্ধিয়া একে সময়তে সামূহিক ভাবে বন্তি প্ৰজ্বলন কৰাৰ লগতে খোল তাল শংখ ঘণ্টা ডবা আদি মাঙ্গলিক বাদ্য বজাই প্ৰতিবাদ সাব্যস্ত কৰে।

 

প্ৰেৰক নকুল তালুকদাৰ

You might also like