নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ স্মৃতি বিজৰিত পশ্চিমবংগৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ পৰলোক গমন

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: গুৰুজনাৰ স্মৃতি বিজৰিত তথা চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰৰ সমীপৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু নাই । সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসম তথা পশ্চিমবংগ।প্ৰয়াত লক্ষ্মীকান্ত মহন্তই ২০০১ চনৰ পৰা ২০১২ চনলৈ ১১ বছৰ ডেকা সত্ৰাধিকাৰ আৰু ২০১২ চনৰ পৰা ২০২১ চনলৈ সুদীৰ্ঘ ৯ বছৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰৰ দ্বায়িত্বত আছিল।

প্ৰাপ্ত তথ্য অনুসৰি সত্ৰাধিকাৰ গৰাকীয়ে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু বুধবাৰে আবেলি ৫ বজাত সত্ৰাধিকাৰ গৰাকীয়ে কোছবিহাৰৰ টি কে ছাহা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰন কৰে।মৃত্যুৰ সময়ত সত্ৰাধিকাৰ গৰাকীৰ বয়স আছিল ৭৪ বছৰ।উল্লেখ্য যে সত্ৰাধিকাৰ গৰাকীৰ শেষকৃত্য অহাকালি অৰ্থাৎ বৃহস্পতিবাৰে মধুপুৰ সত্ৰৰ তুৰ্ষা নৈৰ পাৰত কৰা হব বুলি সত্ৰৰ ডেকা আতৈ মাধৱদেৱ মহন্তই জানিবলৈ দিয়ে।

প্ৰেৰক::- ধুবুৰীৰ পৰা অমিতাভ চক্ৰৱৰ্তী আৰু ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like