নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জীয়ৰী সুৰঞ্জনা দত্ত এছবিআইৰ নতুন মুখ্য মহাপ্রবন্ধক

বিশেষ বাৰ্তা, ১৪ জুনঃ অসমৰ জীয়ৰী সুৰঞ্জনা দত্ত ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ নতুন মুখ্য মহাপ্রবন্ধক (চিজিএম) হিচাপে নিযুক্তি দিয়া হৈছে৷ চিজিএম হিচাপে দায়িত্ব গ্রহণ কৰা সুৰঞ্জনা দত্ত হৈছে অসমৰ প্রথমগৰাকী বেংক বিষয়া৷ ইয়াৰ পূর্বে সুৰঞ্জনা দত্তই এছবিআইৰ উত্তৰ–পূব সংমণ্ডলৰ জেনেৰেল মেনেজাৰ হিচাপে কার্যনির্বাহ কৰিছিল৷ উল্লেক্য যে ১৯৯১ চনত এছবিআইত যোগদান কৰা সুৰঞ্জনা দত্তই বেংকিং খণ্ডৰ বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট৷ তেওঁ মানৱ সম্পদ, আন্তঃৰাষ্ট্রীয় বেংকিং আদিকে ধৰি বিভিন্ন বিষয়ত থকা গভীৰ জ্ঞানৰ বাবে এছবিআইৰ শীর্ষ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি পৰৱর্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল সুৰঞ্জনা দত্ত হ’ল গুৱাহাটীৰ অম্বিকাগিৰি নগৰ অঞ্চলৰ বাসিন্দা ৰবীন্দ্রনাথ দত্ত আৰু নীনা দত্তৰ কন্যা৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে সুৰঞ্জনা দত্তই জাপানৰ টকিঅ’ত ৩ বছৰ ভাৰতীয় ষ্টেটং বেংকৰ বৈদেশিক কাম–কাজৰ বাবে নিয়োজিত হৈ আছিল৷ টকিঅ’ত ৩ বছৰ কার্যনির্বাহ কৰাৰ পাছত অসমলৈ ঘূৰি অহা সুৰঞ্জনা দত্তই ভাৰতীয় ষ্টেট বেংকৰ শীর্ষ পদত নিযুক্তি লাভ কৰা বিষয়টোৱে স্বাভাৱিকতে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে৷

You might also like