যোৰহাটত উজ্জীৱন ফাউণ্ডেচনৰ কৃতী শিক্ষার্থীক জলপানি প্রদান
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: যোৰহাটৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান এন ই উজ্জীৱন ফাউণ্ডেচনৰ শৈক্ষিক আৰু সমাজহিতৈষী কর্মসূচীৰ আধাৰত যোৰহাট জিলাৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ কৃতী ছাত্র–ছাত্রীক জলপানি প্রদান কৰা হয়৷ যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহ প্রেক্ষাগৃহত কালি আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত বিশেষ কৃতিত্বসহকাৰে উত্তীর্ণ নির্বাচিত শিক্ষার্থীসকলক সর্বমুঠ ১.৫ লাখ টকাৰ এককালীন জলপানি প্রদান কৰা হয়৷ অনুষ্ঠানত উজ্জীৱনৰ সঞ্চালক শ্রীমন্ত মাধৱ দত্তই উদ্দেশ্য বাখ্যা কৰে৷ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বর্মনে উজ্জীৱনৰ কাম–কাজৰ ভূয়সী প্রশংসা কৰি কয় যে আৱাহন থিয়েটাৰ অনুষ্ঠিত কৰি ৰাহি হোৱা ধনৰাশি আজি প্রথম পর্যায়ত ৫০জন ছাত্র–ছাত্রীৰ মাজত বিতৰণ কৰি উজ্জীৱনে যি দৃষ্টান্ত দাঙি ধৰিলে সেয়া সমাজৰ সকলোৰে বাবে আদর্শ হওক৷ অনুষ্ঠানত পদ্মশ্রী লখিমী বৰুৱা, অসমীয়া বিজ্ঞানী, ভাৰতৰ সর্বোচ্চ বৈজ্ঞানিক বঁটা প্রাপক ড০ বিনয় কুমাৰ শহকীয়া, ৰাজ্যৰ সফল উদ্যোগী, অসম গৌৰৱ আকাশজ্যোতি গগৈ, ৰাষ্ট্রীয় পর্যায়ত শ্রেষ্ঠ গৱেষণা পত্রৰ বাবে বঁটা লাভ কৰা যুৱ চিকিৎসক ডাঃ অৰিজিত ৰুমু বৰুৱাক উজ্জীৱনৰ তৰফৰ পৰা সম্বর্ধনা জনায়৷ উজ্জীৱনৰ সভাপতি ড০ বিজয় শর্মা, যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বর্মন, অধ্যাপক ড০ সৌমিত্র পূজাৰী, জ্যেষ্ঠ সাংবাদিক শাংকব কৌশিক বৰুৱাই অনুষ্ঠানত বক্তব্য আগবঢ়ায়৷ সভাখন পৰিচালনা কৰে উজ্জীৱনৰ সঞ্চালক শ্রীমন্ত মাধৱ দত্তই৷