নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন আৰ চিৰ বিড়ম্বনাঃ পাঁচবাৰ বহিষ্কৃত বিদেশীও হ’ল ভাৰতীয়

ধ্রুৱ মহন্ত

মানুহজনৰ নাম কেৰামৎ আলী৷ স্বাধীনতাৰ পিছত পূব পাকিস্তানৰ পৰা অসমলৈ ঘটা বিদেশীৰ ব্যাপক অনুপ্রৱেশৰ মাজতে চমচেৰ আলীৰ পুত্র কেৰামতেও থিতাপি লৈছিলহি দৰং জিলাৰ কলাইগাঁৱৰ নাপ্তিপাৰাত৷ কিন্তু বিমলাপ্রসাদ চলিহা চৰকাৰৰ কার্যকালত ১৯৬৪ চনৰ ৯ মার্চত অসমত অনুপ্রৱেশ কৰা কেৰামৎ আলী, তেওঁৰ পুত্র চোৰহাব আলীসহ ছজনীয়া পৰিয়ালটোলৈ জাৰি কৰা হয় ভাৰত ত্যাগৰ জাননী৷ সেই বছৰৰে ২২ এপ্রিলত কেৰামৎ আলীৰ হাতত এই জাননী তুলি দি ৭ মে’ত ডাউকী সীমান্তৰে পৰিয়ালটোক পূব পাকিস্তানলৈ বহিষ্কাৰ কৰা হয়৷ এই বহিষ্কৰণৰ ডেৰ দশকৰ পিছত ১৯৭৯ চনৰ ২৭ নৱেম্বৰত কেৰামৎ আলীয়ে বাংলাদেশৰ পাছপ’ট লৈ এমাহৰ বাবে অসমলৈ আহে৷ ১৯৭৯ চনৰ ২৭ নৱেম্বৰত কেৰামৎ আলী কলাইগাঁৱত উপস্থিত হয়হি আৰু ১৫ ডিচেম্বৰত বাংলাদেশলৈ উভতি যায়৷

                         পাঁচবাৰকৈ বহিষ্কাৰৰ পিছতো অসমতে ৰৈ গ’ল কেৰামৎ আলী
১৯৮০ চনৰ শেষভাগত কেৰামৎ আলীয়ে অসমত পুনৰ অবৈধভাৱে প্রৱেশ কৰি সপৰিয়ালে কলাইগাঁৱৰ নাপ্তিপাৰাত থিতাপি লয়হি যদিও ১৯৮০ চনৰ ১৪ নৱেম্বৰত কেৰামতক সপৰিয়ালে বাংলাদেশলৈ খেদি পঠিওৱা হয়৷ কিন্তু পুনৰ অসমত অনুপ্রৱেশ কৰি ১৯৮৬ চনৰ ১১ মার্চত কেৰামৎ আলীয়ে কলাইগাঁও থানাৰ নাপ্তিপাৰাত বাহৰ পাতেহি৷ অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে ধৰা পেলাই সেই বছৰৰে ১৭ মার্চত গোলকগঞ্জ সীমান্তৰে কেৰামতৰ পৰিয়ালটোক বাংলাদেশলৈ খেদি পঠিয়ায়৷ কিন্তু কেইদিনমানৰ পিছতে পুনৰ ১৯৮৬ চনৰ ২৩ এপ্রিলত কেৰামতে কলাইগাঁৱৰ নাপ্তিপাৰাত সপৰিয়ালে থিতাপি লয়হি যদিও তেওঁক পুনৰ গোলকগঞ্জ সীমান্তৰে বাংলাদেশলৈ খেদি পঠিওৱা হয়৷ আশ্চর্যজনকভাৱে পুনৰ ২৫ এপ্রিলত কেৰামতক কলাইগাঁৱৰ নাপ্তিপাৰাত দেখা পোৱা যায়৷ এইবাৰো ৩১ আগষ্টত কেৰামতক সপৰিয়ালে বাংলাদেশলৈ খেদি পঠিওৱা হয়৷
ইফালে কেৰামৎ আলীয়ে তেওঁৰ পৰিয়াললৈ জাৰি কৰা ভাৰত ত্যাগৰ জাননীৰ বিৰুদ্ধে ১৯৮১ চনত তেজপুৰৰ মুন্সিফ আদালতত এক আবেদন দাখিল কৰিছিল যদিও ১৯৮৪ চনৰ ২৬ মার্চত আদালতে এক নির্দেশযোগে এই আবেদন খাৰিজ কৰে৷ কিন্তু দৰং আৰু শোণিতপুৰ জিলা বিভাজনৰ পিছত ১৯৮৪ চনৰ ১৮ ডিচেম্বৰত পুনৰ কেৰামৎ আলী মঙলদৈৰ মুন্সিফ আদালতৰ দ্বাৰস্থ হয়৷ এই বহিষ্কৰণ আৰু পুনৰ অনুপ্রৱেশৰ খেলৰ মাজতে ১৯৯৪ চনৰ ২৯ এপ্রিলত মঙলদৈৰ মুন্সিফ আদালতে কেৰামৎ আলীৰ বহিষ্কৰণৰ ক্ষেত্রত এক স্থগিতাদেশ জাৰি কৰে৷ আশ্চর্যজনক বিষয়টো হৈছে মুন্সিফ আদালতৰ এই ৰায়ক প্রত্যাহ্বান জনাই প্রশাসন তথা আৰক্ষীয়ে আদালতত পুনৰ আবেদন জনোৱাৰ কোনো পদক্ষেপ গ্রহণ নকৰিলে৷
অৱশ্যে এই সন্দর্ভত একাংশ আইনজ্ঞৰ মতে, বিদেশী চিনাক্তকৰণ তথা বহিষ্কৰণৰ বিষয়টো বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ৰহে এক্তিয়াৰভুক্ত বিষয়৷ এইক্ষেত্রত মুন্সিফ আদালতে প্রকৃততে কোনো নির্দেশ জাৰি কৰিব নোৱাৰে৷ তাৰ পিছতো কেৰামৎ আলীৰ গোচৰৰ ক্ষেত্রত মুন্সিফ আদালতৰ ৰায় আৰু এইক্ষেত্রত প্রশাসনৰ নিষ্ক্রিয়তাই অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ নামত চলা ভেঁকো–ভাওনাকে প্রকট ৰূপত উদঙাই দিছে৷
এনেদৰেই পাঁচবাৰকৈ ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ পিছতো কলাইগাঁৱৰ নাপ্তিপাৰাতে ৰৈ গ’ল কেৰামৎ আলীৰ পৰিয়াল৷ বাংলাদেশত থকাৰ সময়ছোৱাতে কেৰামৎ আলীৰ জ্যেষ্ঠ পুত্র ছোৰহাব আলীকে ধৰি পৰিয়ালৰ একাংশ সদস্যই বিয়া–বাৰুও পাতিলে৷ কিন্তু পুনৰ অসমত অনুপ্রৱেশ কৰি কলাইগাঁৱত থিতাপি লোৱাৰ পিছত ১৯৯৪ চনৰ ৬ নৱেম্বৰত কেৰামতৰ জ্যেষ্ঠ পুত্র ছোৰহাব আলীক টাডা গোচৰত (গোচৰ নং ১০৬/৯৪) গ্রেপ্তাৰ কৰি নগাঁও কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ তথ্য অনুসৰি– ছোৰহাবৰ জিম্মাৰ পৰা আৰক্ষীয়ে বাংলাদেশ সেনাৰ এখন পৰিচয়–পত্র জব্দ কৰাৰ লগতে বাংলাদেশী সেনাৰ পোছাক পৰিহিত ফটোগ্রাফো উদ্ধাৰ কৰিছিল৷ এই গোচৰত ছোৰহাব প্রায় এবছৰ নগাঁও কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকে৷ তাৰ পাছত বহু বছৰ পাৰ হৈ গ’ল৷ এই সময়ছোৱাতে বিভিন্ন জালিয়াতিৰে ভোটাৰ তালিকাতো নিজৰ নাম অন্তর্ভুক্ত কৰাত সফল হ’ল কেৰামৎ–ছোৰহাবৰ পৰিয়াল৷

                এন আৰ চিয়ে ভাৰতীয় সজালে বাৰম্বাৰ বহিষ্কৃত ছোৰহাবৰ পৰিয়ালক

ইয়াৰ পিছত আহিল ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ অধ্যায়৷ অৱশ্যে ইতিমধ্যে কেৰামতৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ সতি–সন্ততিয়ে কলাইগাঁৱৰ নাপ্তিপাৰাতে স্থায়ীভাৱে ঘাটি পাতি ল’লে৷ নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়াত কেৰামতৰ পুত্র ছোৰহাব আৰু অন্যান্যসকলেও আবেদন জনালে৷ আশ্চর্যৰ বিষয় এয়ে যে বিদেশী ৰূপে চিহ্ণিত হৈ পাঁচবাৰকৈ ভাৰতৰ পৰা বহিষৃকত হোৱাৰ পিছতো ছোৰহাব আলী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ নাম এন আৰ চিত অন্তর্ভুক্ত হ’ল৷ অৱশ্যে ছোৰহাবৰ পত্নী হাজেৰা বেগম আৰু ছোৰহাব–পুত্র বাহাৰুদ্দিন আলীৰ পত্নী মামণি বেগমৰ নাম এন আৰ চিৰ পৰা বাদ পৰিল৷ জানিব পৰা মতে, তেওঁলোক দুজন বাংলাদেশত থকা অৱস্থাতে বিবাহপাশত আবদ্ধ হৈছিল আৰু সেয়ে তেওঁলোকৰ পত্নীৰ কোনো লিগেচী ডাটা দাখিল কৰিব নোৱাৰাত হাজেৰা আৰু মামণিৰ নাম এন আৰ চিৰ পৰা বাদ পৰিল৷
ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নাপ্তিপাৰাৰ এই ঘটনাই অসমত এন আৰ চি উন্নীতকৰণ প্রক্রিয়াৰ নামত চলা কথা–কাণ্ডৰ প্রকৃত ৰূপটো প্রকট ৰূপত উদঙাই দিছে৷ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত ভাৰতৰ পৰা পাঁচবাৰকৈ বহিষৃকত কেৰামৎ আলীৰ পুত্র ছোৰহাব আলী আৰু তেওঁৰ পৰিয়ালৰ নাম তালিকাত অন্তর্ভুক্ত কৰা হ’ল৷ কথা হৈছে– পাঁচবাৰকৈ ভাৰতৰ পৰা বহিষৃকত এজন বিদেশী তথা তেওঁৰ পৰিয়ালৰ নাম যদি এন আৰ চিত অন্তর্ভুক্ত হ’ব পাৰে, তেন্তে এই প্রক্রিয়া কিমান নিকা আৰু কেৰোণমুক্ত হৈছে, সেয়া সহজেই অনুমেয়৷ প্রশ্ণ হৈছে, এন আৰ চি উন্নীতকৰণৰ নামত অসমত চলা এনেবোৰ কথা–কাণ্ডই প্রকৃততে কাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব?

                    এন আৰ চি উন্নীতকৰণৰ নামত বিদেশীক সজোৱা হ’ল ভাৰতীয়

সবাতোকৈ গুৰুত্বপূর্ণ বিষয় হৈছে– অসম চুক্তিৰ ৫নং দফাৰ সপ্তম অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে যে যিসকল বিদেশীক ১৯৭১ চনৰ ২৫ মার্চৰ পূর্বে বহিষ্কাৰ কৰা হৈছিল, তেওঁলোকে অসমত পুনৰ অনুপ্রৱেশ কৰিলেও কোনো পৰিস্থিতিতে ভাৰতীয় নাগৰিকত্ব দাবী কৰিব নোৱাৰে৷ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত এই কথা বাৰম্বাৰ উল্লেখ কৰা হৈছে যে অসম চুক্তিৰ আধাৰতে ১৯৫১ চনৰ এন আৰ চিৰ এই উন্নীতকৰণ প্রক্রিয়া সম্পন্ন কৰা হৈছে৷ এনে প্রেক্ষাপটত অসম চুক্তিমর্মে পূর্বে বহিষৃকত বিদেশীক ভাৰতীয় নাগৰিকত্ব প্রদানৰ কোনো সুযোগেই নাই আৰু তেওঁলোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ প্রশ্ণই উত্থাপিত নহয়৷ অসম চুক্তি অনুসৰি, এনে পূর্বে বহিষৃকত ব্যক্তিয়ে ১৯৭১ চনৰ পূর্বৰ নথি দাখিল কৰিলেও তেওঁলোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত হ’ব নোৱাৰে৷ যদি এনে কোনো ব্যক্তিৰ নাম এন আৰ চিত অন্তর্ভুক্ত হয়, তেন্তে সেয়া হ’ব অসম চুক্তিৰ প্রত্যক্ষ উলংঘন৷ অসম চুক্তিৰ আধাৰতে এন আৰ চিৰ উন্নীতকৰণ প্রক্রিয়া সম্পন্ন হোৱাৰ পৰিপ্রেক্ষিতত অসম চুক্তিক উলংঘা কৰি বহিষৃকত বিদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰাৰ প্রকৃততে কোনো সুযোগেই নাই৷ কিন্তু ছোৰহাব আলী আৰু তেওঁৰ পৰিয়ালৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱা ঘটনাই এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত অসম চুক্তিক নস্যাৎ কৰাটোকে স্পষ্টভাৱে প্রতিপন্ন কৰিছে৷ এইক্ষেত্রত ছোৰহাব আলী এক উদাহৰণহে৷ আমি মনত ৰখা উচিত যে গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিৰ মুখ্যমন্ত্রিত্ব কালত অসমৰ পৰা প্রায় তিনি লাখ বিদেশীক বহিষ্কাৰ কৰা হৈছিল৷ ১৯৬৪–৬৫ চনত বিমলা প্রসাদ চলিহাৰ মুখ্যমন্ত্রিত্ব কালতো প্রায় ১ লাখ ৮০ হাজাৰ বিদেশীক বহিষ্কাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ৰ ৰাজনৈতিক নেতৃত্বৰ সুবিধাবাদী চৰিত্র আৰু ভোটবেংকৰ ৰাজনীতিৰ পটভূমিত এই বহিষৃকত বিদেশীসকলৰ গৰিষ্ঠসংখ্যকেই অসমত পুনৰ থিতাপি ল’লেহি৷ বহিষ্কাৰৰ পিছত অসমত পুনৰ অনুপ্রৱেশ কৰা এনে বিদেশীৰ বংশ বৃদ্ধি ঘটি এই সংখ্যা এতিয়া বহু লাখ হ’লহি৷ কিন্তু অসম চুক্তিক মানি ল’লে পুনৰ অনুপ্রৱেশ কৰা এইসকল বিদেশী আৰু তেওঁলোকৰ সতি–সন্ততিৰ নাম কোনো পৰিস্থিতিতে এন আৰ চিত অন্তর্ভুক্ত হ’ব নোৱাৰে৷ দুর্ভাগ্যবশতঃ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত অসম চুক্তিৰ দফা (৫) অনুচ্ছেদ (৭)ক প্রত্যক্ষভাৱে উলংঘা কৰা হ’ল, যি কার্যতঃ অসম চুক্তিকে নস্যাৎ কৰিছে৷ এন আৰ চি উন্নীতকৰণৰ নামত এনেদৰেই অসম চুক্তিক নাকচ কৰি এন আৰ চি উন্নীতকৰণ প্রক্রিয়াটোকে প্রহসনত পৰিণত কৰা হ’ল৷ সমগ্র প্রক্রিয়াটোত ঘটা গাফিলতি, দায়িত্বজ্ঞানহীনতা আৰু জাতিবিৰোধী ষডযন্ত্রৰ পৰিণতিত এন আৰ চি উন্নীতকৰণৰ নামত এনেদৰে লাখ লাখ বহিষৃকত বিদেশী আৰু তেওঁলোকৰ সতি–সন্ততিৰ নাম এন আৰ চিত সোমাই পৰিল৷ এনে প্রেক্ষাপটত স্বাভাৱিকতেই এতিয়া বিভিন্ন পক্ষই সমগ্র এন আৰ চি উন্নীতকৰণ প্রক্রিয়াটোৰ ব্যাপক পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছে৷

You might also like