নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ১২খন বিশ্ববিদ্যালয়ত পূৰণ নোহোৱাকৈ আছে ১,৫৩৩টা শিক্ষক–কর্মচাৰীৰ পদঃ সংকটত শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডত চৰম স্থবিৰতাই বিৰাজ কৰিছে৷ ইয়াৰ মূলতে অসমৰ ১২খন বিশ্ববিদ্যালয়ত বৃহৎসংখ্যক শিক্ষক–কর্মচাৰীৰ পদ খালী হৈ থকাটো৷ যি সময়ত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি প্রৱর্তনৰ বাবে ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে, সেই সময়তে ৰাজ্য চৰকাৰৰ দ্বাৰা স্থাপিত ১০খন আৰু ২খন কেন্দ্রীয় বিশ্ববিদ্যালয়ত পূৰণ নোহোৱাকৈ আছে ১,৫৩৩টা শিক্ষক–কর্মচাৰীৰ পদ৷ দীর্ঘদিন ধৰি খালী থকা এই পদসমূহৰ ভিতৰত শিক্ষকৰ ৪৭৬টা আৰু কর্মচাৰীৰ ১,০৫৭টা৷ ইয়াৰ পৰিপ্রেক্ষিতত উচ্চ শিক্ষা গ্রহণেৰে ভৱিষ্যৎ গঢ়াৰ সপোন দেখা শিক্ষার্থীসকল কার্যতঃ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ইয়াৰ সমান্তৰালভাৱে সমগ্র বিষয়টোৱে ৰাজ্যৰ শৈক্ষিক তথা বিদ্বৎ মহলৰ মাজত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ উচ্চ শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা প্রাপ্ত তথ্য অনুসৰি ৰাজ্য চৰকাৰে স্থাপন কৰা ১০খন বিশ্ববিদ্যালয়ত সম্প্রতি শিক্ষক–কর্মচাৰীৰ খালী পদৰ সংখ্যা ১,৩৫৭টা৷ ইয়াৰে ৩৪৯টা অধ্যাপকৰ হোৱাৰ বিপৰীতে বাকী ১,০০৮টা কর্মচাৰীৰ৷ এই ১০খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৮খনতেই ৩৪৯টা অধ্যাপকৰ পদত নিযুক্তি হোৱা নাই৷ লুইতৰ পাৰ জিলিকোৱাৰ লক্ষ্যৰে স্থাপন কৰা গুৱাহাটী বিশ্ববিদ্যালয়তে খালী হৈ আছে সর্বাধিকসংখ্যক শিক্ষক–কর্মচাৰীৰ পদ৷ বিশ্ববিদ্যালয়খন ১৩২টা অধ্যাপকৰ আৰু ৭৪৬টা কর্মচাৰীৰ পদ পূৰণ নোহোৱাকৈ চলি থকাটোৱে কার্যতঃ উদঙাই দিছে ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডত বিৰাজ কৰা স্থবিৰতা৷ সেইদৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ২৫টা শিক্ষক আৰু ১৪২টা কর্মচাৰীৰ পদ খালী হৈ আছে৷ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ২৬টা শিক্ষক আৰু ২টা কর্মচাৰীৰ পদতো নিযুক্তি হোৱা নাই৷

বিভিন্ন কাৰণত আধাতে শিক্ষা সমাপ্ত কৰাসকলে সম্প্রতি দূৰৱর্তী বা মুক্ত শিক্ষা ব্যৱস্থা আদৰি লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পাছতো কিন্তু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত খালী হৈ আছে ২টা শিক্ষকৰ আৰু ৬টা কর্মচাৰীৰ পদ৷ কটন বিশ্ববিদ্যালয়তো অনুৰূপ পৰিস্থিতি৷ বিশ্ববিদ্যালয়খনৰ ৯০টা অধ্যাপকৰ পদতেই নিযুক্তি হোৱা নাই৷ তদুপৰি খালী হৈ আছে ৪টা কর্মচাৰীৰ পদো৷ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়তো শিক্ষকৰ ১৭টা আৰু কর্মচাৰীৰ ৩টা পদ খালী হৈ আছে৷ শ্রীশ্রীভট্টদেৱ বিশ্ববিদ্যালয় আৰু কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত শিক্ষকৰ কোনো পদ খালী নাই যদিও নিযুক্তি নোহোৱাকৈ আছে কর্মচাৰীৰ ৪টাকৈ পদৰ৷ মাজুলী বিশ্ববিদ্যালয়ৰ ১২টা শিক্ষকৰ আৰু ২৯টা কর্মচাৰীৰ পদ পূৰণ হোৱা নাই৷ অনুৰূপ ধৰণে মাধৱদেৱ বিশ্ববিদ্যালয়তো শিক্ষকৰ ৪৫টা আৰু কর্মচাৰীৰ ৬৮টা পদ খালী হৈ আছে৷ এই সন্দর্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি শিক্ষক–কর্মচাৰীৰ পদ পূৰণৰ বাবে একাংশ বিশ্ববিদ্যালয় কর্তৃপক্ষই সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে৷ কিন্তু কার্যতঃ সাক্ষাৎকাৰতে স্তব্ধ হৈ ৰৈছে নিযুক্তি প্রক্রিয়া৷ ইয়াৰ বিপৰীতে অন্য একাংশ বিশ্ববিদ্যালয় কর্তৃপক্ষই খালী থকা পদৰ বিপৰীতে ঠিকাভিত্তিক নিয়োগেৰে জোৰা–টাপলি মাৰি কোনোমতে পাঠদান প্রক্রিয়া চলাই গৈছে৷

ইফালে অসমত থকা দুখন কেন্দ্রীয় বিশ্ববিদ্যালয়তো খালী হৈ আছে শিক্ষক–কর্মচাৰীৰ বহুসংখ্যক পদ৷ জানিব পৰা মতে এই দুই কেন্দ্রীয় শিক্ষানুষ্ঠানত মুঠ ১২৭টা অধ্যাপকৰ আৰু ৪৯টা কর্মচাৰীৰ পদত নিযুক্তি নোহোৱাকৈ আছে৷ ইয়াৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয় শিক্ষকৰ ৩৮টা–কর্মচাৰীৰ ১৯টা আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয় চলি আছে শিক্ষকৰ ৮৯টা–কর্মচাৰীৰ ৩০টা পদত নিযুক্তি অবিহনে৷ শিক্ষার্থীৰ তথা নৱপ্রজন্মৰ ভৱিষ্যৎ নির্ণায়ক বিশ্ববিদ্যালয়ৰ দৰে একোখন উচ্চ শিক্ষানুষ্ঠানত এনেদৰে বৃহৎসংখ্যক পদত দীর্ঘদিন ধৰি নিযুক্তি নোহোৱাটোৱে স্বাভাৱিকতে ‘শিক্ষা’ত বিৰূপ প্রভাৱ পেলায়৷ বিশেষকৈ বিভিন্ন বিষয়ৰ অধ্যাপকৰ পদসমূহ পূৰণ নোহোৱাত ছাত্র–ছাত্রীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে অৱস্থাত সমগ্র বিষয়টোক গুৰুত্ব সহকাৰে গ্রহণ কৰি ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিশ্ববিদ্যালয় কর্তৃপক্ষই তাৎক্ষণিকভাৱে কেনে ধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like