নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষত বিজ্ঞানে আনিব প্রগতিৰ জোৱাৰ

🔹 চন্দ্রযান–৩, আদিত্য এল–১ৰ সাফল্যৰে উজ্জীৱিত ইছৰ’ৰ এক ডজন মিছনৰ পৰিকল্পনা

বিশেষ বাৰ্তা, ১ জানুৱাৰী : সময়ৰ গতিত কেলেণ্ডাৰৰ পাতৰ পৰা মেলানি মাগিলে আৰু এটা বছৰে৷ ইংৰাজী ২০২৩ বর্ষৰ বিদায় ৷ পোৱা–নোপোৱাৰ হিচাপ–নিকাচেৰে বিশ্ববাসীয়ে স্বাগতম জনালে ২০২৪ চনক৷ নৱবর্ষটোক সন্মুখত ৰাখি প্রত্যেকেই পৰিকল্পনা যুগুত কৰি উলিয়াইছে৷ চন্দ্রযান–৩ আৰু আদিত্য এল–১কে ধৰি বিভিন্ন সাফল্যৰে উজ্জীৱিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ সাজু হৈছে প্রায় এক ডজন অভিলাষী মিছন ২০২৪ চনত সফল কৰি তুলিবলৈ৷ একবিংশ শতিকা বুলি ক’লে আধুনিক বিজ্ঞান–প্রযুক্তিবিদ্যাৰ যুগ৷ বিশ্বৰ তৃতীয় অর্থনীতিৰ দেশ হোৱাৰ লক্ষ্য সাকাৰ কৰাৰ পণ লোৱা ভাৰতবর্ষয়ো নিত্য ন ন বিজ্ঞান–প্রযুুক্তিৰে ইতিমধ্যে চমক সৃষ্টি কৰিছে৷ নৱবর্ষত বাস্তৱায়িত কৰিবলৈ পৰিকল্পনা গ্রহণ কৰা ইছৰ’ৰ মিছনসমূহ সফল হ’লে দেশলৈ বিজ্ঞানে আন এক জোৱাৰ আনিব৷ যি হ’ব ভাৰতৰ প্রগতি–উৎকর্ষৰ আন এক মাইলৰ খুঁটি৷ নৱবর্ষৰ পহিলা দিনটোতেই যুগান্তকাৰী পদক্ষেপ হিচাপে ইছৰ’ৱে মহাকাশলৈ উৎক্ষেপণ কৰিব এটা কৃত্রিম উপগ্রহ৷ এইটো হ’ল– দেশৰ প্রথমটো এক্স–ৰে’ প’লাৰিমিটাৰ ছেটেলাইট৷ সংক্ষেপতে যাক কোৱা হৈছে এক্সপ’ছাট৷ ইছৰ’ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সদৰী কৰা অনুসৰি আজি পুৱা ৯.১০ বজাত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটা সতীশ ধাৱান স্পেচ ৰিছার্চ চেণ্টাৰৰ লঞ্চিং পেডৰ পৰা প’লাৰ ছেটেলাইট লঞ্চ ভেহিকল চি–৫৮ৰ পিঠিত উঠি মহাকাশ অভিমুখে যাত্রা আৰম্ভ কৰিব এক্সপ’ছাটে৷ উদ্দেশ্য কৃষ্ণগহ্বৰৰ পৰা আৰম্ভ কৰি নিউট্রন ষ্টাৰসহ মহাকাশৰ বুকুত থকা মুঠ ৫০টা উজ্জ্বলতম শক্তি–নক্ষত্রৰ অজানা ৰহস্য উদ্ঘাটন৷ মাটিৰ পৰা ৫০০–৭০০ কিলোমিটাৰ উচ্চতাত অৱস্থান কৰাৰ পাছত নির্দিষ্ট কক্ষপথত পৃথিৱীক প্রদক্ষিণ কৰিব এই উপগ্রহটোৱে৷ লক্ষণীয়ভাৱে এনেধৰণৰ উপগ্রহ মহাকাশৰ বুকুলৈ প্রথমবাৰৰ বাবে পঠিয়াইছিল আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ ২০২১ চনত নাছাই প্রেৰণ কৰা উপগ্রহটোৰ নাম আছিল ইমেজিং এক্স–ৰে’ প’লাৰিমিটাৰ এক্সপ্ল’ৰাৰ (আইএক্সপিই)৷ ইছৰ’ৰ এক্সপ’ছাটে এক্স–ৰে’ উৎসৰ মেৰুকৰণ মহাকাশত পর্যবেক্ষণ কৰিব৷ ইয়াত সংযুক্ত হৈ আছে ৰমণ ৰিছার্চ ইনষ্টিটিউট আৰু ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰে যুটীয়াভাৱে প্রস্তুত কৰা প’লাৰিমিটাৰ ইনষ্ট্রুমেণ্ট ইন এক্স–ৰে’ (পোলিক্স)–এক্স–ৰে’ স্পেকট্র’স্কপি এণ্ড টাইমিং (এক্সপেক্ট)৷ মহাজাগতিক পদার্থবিদ্যাত এই যন্ত্রই নতুন পথ প্রদর্শন কৰিব পাৰিব বুলি বিশ্বাসী মহাকাশ বিজ্ঞানীসকল তথা ইছৰ’৷ ইছৰ’ৰ অভিলাষী মিছন আৰু পৰিকল্পনাই বৈজ্ঞানিক গৱেষণা, প্রযুক্তিগত বিকাশ আৰু বাণিজ্যিক প্রচেষ্টাকে ধৰি বিভিন্ন দিশ সামৰি লৈছে৷ আনকি অদূৰ ভৱিষ্যতে মানৱবাহী মহাকাশযান প্রেৰণৰো ভেটি স্থাপন কৰিছে ইতিমধ্যে৷ নৱবর্ষত মহাকাশলৈ আন এক গুৰুত্বপূর্ণ অভিযান হ’ব ইছৰ’–নাছাৰ যৌথ উদ্যোগ চিন্থেটিক এপাৰছাৰ ৰাডাৰ, চমুকৈ নিছাৰ৷ পৃথিৱীৰ বাহিৰৰ পৰা বিশ্বব্রহ্মাণ্ডখনক পর্যবেক্ষণৰ উদ্দেশ্যে দ্বৈত কম্পনাংকযুক্ত এপাৰছাৰ ৰাডাৰ ছেটেলাইট মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব৷ মহাকাশ গৱেষণাৰ ক্ষেত্রত ইছৰ’–নাছাৰ সহযোগিতামূলক এই প্রকল্পটোৰ ওপৰত সমগ্র বিশ্বই নজৰ ৰাখিছে৷ সকলো ঠিকে–ঠাকে থাকিলে নৱবর্ষৰ জানুৱাৰী মাহতেই ইয়াৰ উৎক্ষেপণ পর্ব সম্পন্ন হ’ব পাৰে৷ এই কৃত্রিম উপগ্রহটোৱে ১২ দিনৰ ভিতৰত পৃথিৱীৰ বাহিৰৰ পৰা বিশ্বৰ মানচিত্র প্রস্তুত কৰিব৷ ইয়াৰ সমান্তৰালভাৱে স্থানীয় আৰু কায়িকভাৱে প্রদান কৰিব সামঞ্জস্যপূর্ণ তথ্য৷ যিয়ে পৃথিৱীৰ পৰিৱেশতন্ত্র, বৰফৰ ঘৰ, গছ–গছনিৰ জৈৱ বস্তু, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি, ভূ–গর্ভস্থ পানী, ভূমিকম্প, ছুনামি, আগ্ণেয়গিৰি, ভূমিস্খলনকে ধৰি প্রাকৃতিক বিপর্যয়সমূহৰ বিষয়ে আগতীয়াকৈ জনাত সহায়ক হ’ব৷ ২০২৪ চনত ইছৰ’ৰ গুৰুত্বপূর্ণ মিছনসমূহৰ অন্যতম হ’ল– গগনযান৷ অৱশ্যে এই অভিযান পৰীক্ষামূলক হ’ব৷ ইয়াৰ জৰিয়তে ভাৰতে ভৱিষ্যতে মহাকাশলৈ মানৱবাহী অভিযান চলাব বিচাৰিছে৷ ইতিমধ্যে যোৱা অক্টোবৰ মাহত ইয়াৰ এক পৰীক্ষা সম্পন্ন হৈছে৷ ২০২৪ চনৰ জানুৱাৰী বা ফেব্রুৱাৰী মাহত ইয়াক পুনৰ পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰাৰ কথা৷ ই ভাৰতীয় মানৱ মহাকাশ উৰণ কার্যসূচীৰ আন এক সম্পৰীক্ষা হ’ব৷ ইছৰ’ৰ ভাৰতীয় ৰাষ্ট্রীয় উপগ্রহ ব্যৱস্থা (ইনছাট) শৃংখলাৰ অবিচ্ছেদ্য অংগ ইনছাট–৩ডিএছৰো জানুৱাৰী মাহত মহাকাশলৈ উৎক্ষেপণৰ সম্ভাৱনা আছে৷ ই দুর্যোগ ব্যৱস্থাপনা আৰু বতৰ বিজ্ঞানৰ পূর্বাভাস উন্নত কৰিব৷ নৱবর্ষত ইছৰ’ই মঙল গ্রহৰ ওপৰত অধ্যয়ন চলাবলৈ দ্বিতীয়টো অভিযানৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ এই অভিযানক নামকৰণ কৰা হৈছে মঙলযান–২ বা মঙল অর্বিটাৰ মিছন–২ হিচাপে৷ প্রধানতঃ মঙল গ্রহৰ পৃষ্ঠৰ বায়ুমণ্ডল আৰু জলবায়ুৰ অধ্যয়নেই ইয়াৰ লক্ষ্য৷ মঙল গ্রহৰ পৃষ্ঠৰ গঠন অধ্যয়নৰ বাবে মঙলযান–২ হাইপাৰ স্পেকট্র’ল কেমেৰাকে ধৰি অত্যাধুনিক বৈজ্ঞানিক যন্ত্রৰে সুসজ্জিত কৰা হ’ব৷ ইয়াৰ উপৰি মঙল গ্রহৰ চুম্বকীয় ক্ষেত্র অধ্যয়ন কৰিবলৈ মহাকাশযানখনত থাকিব মেগন’মিটাৰ৷ সেইদৰে গ্রহটোৰ পৃষ্ঠৰ মানচিত্র প্রস্তুত কৰিব পৰাকৈ ইয়াত বিশেষ ৰাডাৰ সংযুক্ত কৰা হ’ব৷ চন্দ্রৰ ওপৰত গৱেষণা তথা ভৱিষ্যতে চন্দ্র অভিযানত সহায়ক হোৱাকৈ ইছৰ’ৱে গ্রহণ কৰিছে ইডিএছ–১ আৰু স্পেডেক্স নামৰ দুটা প্রকল্প৷ সেইদৰে ইছৰ’ৰ আন এক মিছন হৈছে অ’চেনছাট৷ ই সমুদ্র গৱেষণা আৰু অধ্যয়নৰ ক্ষেত্রত সহায়ক হ’ব৷ দেশৰ টেলিসংযোগ ব্যৱস্থালৈ নতুনত্ব কঢ়িয়াই অনাৰ লক্ষ্যৰে ইছৰ’ই ৰূপায়ণ কৰিবলগীয়া মিছনৰ নাম ৰখা হৈছে জিছাট–২০৷ নৱবর্ষতে নেভিগেচন ব্যৱস্থা উন্নত কৰাৰ হকে মহাকাশলৈ ইছৰ’ই প্রেৰণ কৰিব এনভিএছ–২ নামৰ কৃত্রিম উপগ্রহটো৷ মহাকাশ গৱেষণাৰ ব্যয় কিদৰে কম কৰিব পাৰি সেই উদ্দেশ্যে ইছৰ’ই ২০২৪ চনৰ ভিতৰতে ৰি–ইউজেবল লঞ্চ ভেহিকল (আৰএলভি)ৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ইয়াৰ বাবে ইতিমধ্যে পুনৰ ব্যৱহাৰযোগ্য লঞ্চ ভেহিকলৰ দুটা ৰানৱে’ লেণ্ডিং পৰীক্ষাৰ বাবে প্রস্তুতি ইতিমধ্যে চলোৱা হৈছে৷ ইয়াৰ উপৰি ইছৰ’ৱে ২০২৪ চনত বিভিন্ন বৈজ্ঞানিক আৰু বাণিজ্যিক প্রকল্পৰ বাবে ৬টা পিএছএলভি অভিযান, ৩টা জিএছএলভি অভিযান আৰু এলএমভি–৩ ব্যৱহাৰেৰে এটা বাণিজ্যিক মিছন চলাব বিচাৰিছে৷ এই পদক্ষেপসমূহে ইছৰ’ৰ অভিযানৰ সামর্থ্যক উদ্ভাসিত কৰি তোলাই নহয়, সামাজিক আৰু অর্থনৈতিক সুবিধাৰ বাবে মহাকাশ প্রযুক্তি ব্যৱহাৰতো অৰিহণা আগবঢ়াব৷

You might also like