নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা নতুন বছৰক আদৰণি

আৰু এটা বর্ষৰ যৱনিকা৷ কেলেণ্ডাৰৰ পাতত সংযোজন ঘটিল এটা নতুন বছৰৰ৷ নতুনক আদৰণি, পুৰণিক বিদায় জনোৱাৰ উৎসৱ চৌদিশে পালন হৈছে৷ নতুন বর্ষটোক আদৰণি জনালে বিভিন্নজনে৷ ব্যক্তিবিশেষৰ পৰা আৰম্ভ কৰি সামাজিক অনুষ্ঠান–প্রতিষ্ঠান তথা সংগঠন, ৰাজনৈতিক দললৈকে সকলোৰে ন–ন সংকল্প এই নতুন বছৰটোত৷ অর্থাৎ বর্ষটোত যেন সকলোৱে গ্রহণ কৰিছে নতুন সংকল্প৷ দিনৰ হিচাপত চাবলৈ গ’লে, সময়ৰ হিচাপত বিশ্লেষণ কৰিবলৈ গ’লে নতুন বুলি বিচাৰ কৰিবলগীয়া একো নাই৷ পুৰণিৰ ভেটিটোৰ ওপৰতেই এটা নতুন দিনৰ পাতনি৷ মাথোঁ সলনি হৈছে সময়, সলনি হৈছে চন, তাৰিখ৷ কিন্তু প্রচলিত ব্যৱস্থাটোৰ মাজত আমি মানুহ এটা প্রক্রিয়াৰ মাজেৰেই গতি কৰি আছোঁ৷ সেই দিশৰ পৰা চাবলৈ গ’লে নতুনৰ বিশেষত্ব নাই৷ নতুন বছৰটোৱে ‘আলাদিনৰ চাকি’ৰ দৰে সকলো সলনি কৰি দিব বুলিও ধাৰণা কৰিব নোৱাৰি৷ পুৰণি বর্ষটোৰ সকলো প্রক্রিয়াৰ মাজেৰে নতুন বছৰৰ কাম–কাজ চলিব৷ দেশ চলিব, চৰকাৰ চলিব, সৰু সৰু মানুহৰ পৰা আৰম্ভ কৰি আঢ্যৱন্ত লোকসকলৰ কাম–কাজলৈ এটা প্রক্রিয়াৰ মাজেৰেই চলিব৷ তথাপি নতুন বুলি ক’লেই আদৰিব লাগিব৷ নতুনক আদৰণি জনোৱাটো নিয়ম৷ সেইবাবেই পৰম্পৰাগতভাৱে ২০২৪ বর্ষটোক স্বাগতম জনালে বিশ্ববাসীয়ে৷ কিন্তু এই নতুন বর্ষৰ আদৰণিৰ মাজত আমি পাহৰি গ’লে নহ’ব বিদায় বর্ষটোৱে দি যোৱা বিভিন্ন দায়িত্ব আৰু কর্তব্যৰ কথা৷ পাহৰি গ’লে নহ’ব অতীত হৈ যোৱা বর্ষটোৰ পৰা আমি লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু শিক্ষাক৷ বিদায় বর্ষটোৰ কাম–কাজৰ খতিয়ান দাঙি ধৰি আমি নতুন বর্ষটোৰ সংকল্প গ্রহণ কৰিব লাগিব৷ অন্যথা প্রতিটো বর্ষ অতীত হৈ থাকিব আৰু আমাৰ কাম–কাজ, সংকল্প সকলো অর্থহীন হৈ গৈ থাকিব৷ সেইবাবে ২০২৪ বর্ষটোক স্বাগতম জনাবলৈ গৈ আমি বিদায়ী ২০২৩ বর্ষটোক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চোৱা উচিত৷ ২০২৩ বর্ষটোৱে আমাক কি দিলে, আমি কি কৰিলোঁ, আমি কি পালোঁ, আমাৰ কি কৰিবলৈ বাকী থাকিল, এই সকলো কথা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিলে ২০২৪ বর্ষটোত আমি বিভিন্ন কামত সফলতা লাভ কৰিবলৈ সক্ষম হ’ম৷
প্রতিটো মুহূর্ত, প্রতিটো ক্ষণ, প্রতিটো দিন সমাজৰ একো একোজন মানুহৰ বাবে সংকল্পৰ হ’ব পাৰে৷ নতুন বর্ষটোৰ প্রাক্ক্ষণত বিভিন্নজনে নিজৰ কাম–কাজৰ ক্ষেত্রখনত এক সংকল্প গ্রহণ কৰাটো তেনেই স্বাভাৱিক৷ যেনেদৰে ব’হাগৰ প্রথম বৰষুণজাক আহিলে গাঁৱৰ কৃষকজন বর্ষটোৰ কৃষিৰ বাবে সাজু হৈ পৰে, সেইদৰে পূজা–পার্বণৰ সময়ছোৱাত সাজু হৈ পৰে মৃণ্ময় শিল্পীসকল৷ তেওঁলোকৰ বাবে সংকল্পৰ সময় সেই ঋতুবোৰ৷ কিন্তু নতুন এটা বর্ষ কোনো এটা শ্রেণীৰ লোকৰ মাজত সীমাবদ্ধ হৈ নাথাকে৷ বর্ষটো হৈ পৰে বিভিন্নজনৰ বাবে গুৰুত্বপূর্ণ৷ কাৰোবাৰ আধৰুৱা কাম–কাজ সম্পূর্ণ কৰাৰ বাবে হ’ব পাৰে বর্ষটো এক সংকল্প৷ কোনোবা এজন লেখক বা সাহিত্যিকৰ বাবে নতুন গ্রন্থ এখন সম্পূর্ণ কৰিবলৈ একোটা নতুন বর্ষ সংকল্পৰ হ’ব পাৰে৷ কোনোবা শিক্ষার্থীৰ বাবে বর্ষটোত উচ্চ শিক্ষা সম্পূর্ণ কৰাৰ সপোন থাকিব পাৰে৷ সেইদৰে প্রতিটো নতুন কামৰ বাবে নতুন এটা বছৰক সংকল্পৰ ভেটি হিচাপে বাছি লয় সমাজৰ সকলোৱে৷ বিশেষকৈ বিদায়ী বর্ষটোত আধৰুৱা হৈ থকা কাম–কাজবোৰ মনে–প্রাণে নতুন বর্ষটোৰ এটা নির্দিষ্ট সময়ত সম্পূর্ণ কৰি তোলাৰ বাবে সংকল্প গ্রহণ কৰা হয়৷ ২০২৪ বর্ষটো সকলোৰে বাবে সংকল্পৰ বছৰ হওক বুলি আমি কামনা কৰিব পাৰোঁ৷ আশা কৰিব পাৰোঁ এই নতুন বর্ষটোৱে সামাজিক সকলো অসূয়া নাশ কৰি শান্তি আৰু সুস্থিৰতা প্রতিষ্ঠা কৰক চৌদিশে৷ সংঘাত, সমস্যাবোৰৰ অৱসান ঘটক৷ সমৃদ্ধি আৰু প্রাচুর্যৰে উপচি পৰক সমগ্র দেশখন৷ দেশৰ জনতাৰ প্রগতি নতুন বছৰৰ সুফল হিচাপে চিহ্ণিত হওক৷ এই আশাবোৰ লৈয়েই আমি আদৰণি জনাব লাগিব ২০২৪ বর্ষটোক৷ নতুন মানে কেৱল আশা, সপোন আৰু প্রত্যাশা৷ নতুনৰ সৈতে কোনোধৰণৰ নৈৰাশ্য বা হতাশা জড়িত হৈ থকা নাই৷ সেইবাবে নতুনক সদায় আদৰণি জনোৱা হয়৷ ২০২৪ বর্ষটোকো নতুন বছৰ হিচাপে আমি আদৰণি জনাইছোঁ৷

You might also like