বিজেপি আৰু মিত্রদলৰ নির্বাচনী আসন বুজাবুজি কেতিয়া সম্পন্ন হ’ব তাক লৈ চলি থকা চর্চাৰ মাজতে অহা ১০ মার্চৰ পূর্বে অগপৰ সৈতে আসন ভাগ–বাটোৱাৰা সম্পন্ন হ’ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রীয়ে কয়– অগপৰ সৈতে ১০ মার্চৰ পূর্বে আসন চূড়ান্ত কৰা হ’ব৷ ইতিমধ্যে বিপিএফৰ লগত আসন ভাগ–বাটোৱাৰা প্রায় চূড়ান্ত হৈছে৷ আনহাতে যৌথ সংগ্রাম সমিতিৰ সৈতেও নির্বাচনী বুজাবুজি প্রায় চূড়ান্ত হৈছে৷ অগপৰ সৈতে ১০ মার্চৰ পূর্বে সকলো চূড়ান্ত কৰা হ’ব৷
উল্লেখ্য যে উজনি অসমৰ কেইবাটাও সমষ্টি অগপই দাবী কৰি থকাৰ পৰিপ্রেক্ষিতত আসন বুজাবুজিৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই দুয়োটা দল৷ একে সময়তে বিজেপিৰ তৰফৰ পৰা আন কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে অগপলৈ৷
অৱশ্যে আঞ্চলিক দলটোৱে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ প্রতি বিশেষ আগ্রহ দেখুওৱা নাই৷ স্বাভাৱিকতে বিষয়টোক লৈ চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই কয়– মিত্রজোঁট হিচাপে যদি আমি নির্বাচনত অৱতীর্ণ হ’লে সকলোৰে বাবে ভাল৷ কিন্তু যিসমূহ আসন দুয়োটা দলে দাবী কৰে বা এৰি দিব নোৱাৰে, তাত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’বই লাগিব৷ মিত্রতা যদি এশ শতাংশই হয় ভাল কথা, যদি অগপই বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা বিচৰা নাই সেয়া আনন্দৰ কথা৷ ইয়াৰ ফলত সমষ্টিক লৈ কোনোধৰণৰ বিবাদ নহ’ব৷
কিন্তু যদি কোনো সমষ্টিক লৈ দুয়ো দলৰ মাজত মতানৈক্য থাকে, তেন্তে বিজেপিৰ তৰফৰ পৰা বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত কোনো আপত্তি নাথাকিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে যদি অগপই তেওঁলোকৰ প্রার্থীৰ দাবীদাৰক সৈমান কৰিব নোৱাৰে, তেন্তে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ ক্ষেত্রত বিজেপিৰ কোনো আপত্তি নাথাকিব বা ইয়াৰ বাবে বিজেপিয়ে বেয়াও নাপায়৷
বিজেপিৰ হাতত এটা সমাধান–সূত্র আছে৷ সেই অনুসৰি যিকেইটা সমষ্টিত পাৰোঁ, মিলিজুলি খেলিম নোৱাৰিলে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিম৷ উল্লেখ্য যে এজিপিৰ সৈতে চলি থকা এনে মতানৈক্যৰ বিপৰীতে কিন্তু বিজেপিয়ে বিপিএফৰ সৈতে আসন বুজাবুজি চূড়ান্ত কৰাই নহয়, বিটিচিৰ ১৫খন আসনত সম্ভাৱ্য প্রার্থীও প্রায় চূড়ান্ত কৰিছে৷ বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি বিটিচিৰ অন্তর্গত ৫খন জিলাৰ ১৫টা সমষ্টিৰ ভিতৰত বিপিএফে ১১টা সমষ্টিত আৰু বিজেপিয়ে ৪টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
সেইমর্মে বিজনী, তামুলপুৰ, গোৰেশ্বৰ আৰু টংলাত থাকিব বিজেপিৰ প্রার্থী৷ আনহাতে ওদালগুৰি, মাজবাট, ভেৰগাঁও, বাক্সা, মানস, ছিদলী–চিৰাং, কোকৰাঝাৰ, বাওখুংগ্রী, দোতমা পর্বতঝোৰা আৰু গোসাঁইগাঁৱত থাকিব বিপিএফৰ প্রার্থী৷ লক্ষণীয় দিশটো হ’ল যে বিজেপিয়ে বিপিএফৰ সৈতে আসন বুজাবুজি চূড়ান্ত কৰাৰ সময়তে ইউপিপিএল আৰু বিপিএফৰ মাজতো মিত্রতাৰ এক আশাৰ ৰেঙনি দেখা দিছে৷
ইউপিপিএলক লৈ শেহতীয়াকৈ যথেষ্ট নৰম হোৱা হাগ্রামা মহিলাৰীয়ে মিত্রতাৰ বিষয়টোক লৈ এখোজ আগবঢ়া পৰিলক্ষিত হৈছে৷ এনে অৱস্থাত বিপিএফ–বিজেপিৰ আসন বুজাবুজিৰ এই প্রক্রিয়াৰ মাজত ইউপিপিএল কিদৰে অন্তর্ভুক্ত হয় সেয়া লক্ষণীয় হ’ব৷
ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী