নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু ১৫০ ঘণ্টা : কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ গোৱালিয়ৰত গোপন মন্ত্ৰণা

বিশেষ বাৰ্তা, নতুন দিল্লী, ৪ মাৰ্চঃ চূড়ান্ত হৈছে অসমত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। পিছে এ আই চি চিয়ে অসমৰ লগতে আন কেইখনমান ৰাজ্যৰ প্ৰাৰ্থী তালিকা একেলগে প্ৰকাশ কৰিব বিচাৰিছে। সেয়েহে অসমৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ ৬-৭ দিন সময় লাগিব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৰাৰ ওচৰত প্ৰকাশ কৰা মতে, অনাগত ১৫০ ঘন্টাৰ ভিতৰত অসমকে ধৰি আন কেইবাখনো ৰাজ্যৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰা হব। বৰাই আজি সংবাদ মাধ্যমৰ ওচৰত ভুল তালিকা প্ৰকাশ নকৰিবলৈ অনুৰোধ জনায়। ভুল প্ৰাৰ্থীৰ নাম প্ৰকাশ পালে দলৰ আভ্যন্তৰত বিভ্ৰান্তিৰ সৃষ্টি হয়। বৰাৰ অভিযোগ- দলৰ মজিয়াৰ পৰাই উদ্দেশ্যপ্ৰণোদিতভাবে একাংশ নেতাই সংবাদ মাধ্যমৰ ওচৰত ভুল তথ্য প্ৰদান কৰি আছে। আনহাতে এইবাৰৰ নিৰ্বাচন কেৱল কংগ্ৰেছ আৰু বিজেপিয়ে নেখেলে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছ সভাপতিৰ বক্তব্য- এইবাৰৰ নিৰ্বাচনত টেট শিক্ষক, পেন্সনাৰ, মূল্যবৃদ্ধিত জৰুলা ৰাইজ, ন্যায্য মজুৰীৰ দাবীত চাহ শ্ৰমিকসকল তথা ছয় জনজাতিকৰণৰ দাবী কৰি অহা জনগোষ্ঠী লোকসকলেও খেলিব। উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে প্ৰদেশ কংগ্ৰেছ সভাপতিজনে কালি নিশা মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এখন বৈঠকত মিলিত হয়। মিত্ৰজোঁট তথা প্ৰাৰ্থীত্বকেন্দ্ৰিক উক্ত বৈঠকত অসমত দলৰ তত্ত্ববধায়ক তথা এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like