মহাজোঁটৰ পক্ষত, ইউডিএফৰে মিত্রতাৰ বিৰোধিতা জ্যেষ্ঠ কংগ্রেছীৰ
মিত্রতা সম্পর্কত বদৰুদ্দিনৰ মন্তব্যক লৈ কংগ্রেছত ধুমুহা
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে মিত্রতাক লৈ কংগ্রেছে এই মুহূর্তলৈ কোনো স্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই৷ বৰং এই বিষয়টোক লৈ চর্চা চলি থকাৰ সময়তে অসমৰ কংগ্রেছৰ ভিতৰচ’ৰাত ক্ষোভ, অসন্তুষ্টি, বিদ্রোহ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত নিখিল ভাৰত কংগ্রেছ অগপৰ সভাপতি অতুল বৰাৰ৷ আজি বৰপেটাত বিধান পৰিষদৰ উদ্যোগত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অসম আন্দোলনৰ দুর্গ হিচাপে বৰপেটা জিলাক অভিহিত কৰি অতুল বৰাই কয়– অসম আন্দোলনৰ প্রথমগৰাকী শ্বহীদ খর্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰ বীৰ সন্তান৷ জাতীয়তাবাদৰ বৰভেটি গঢ়োতা অম্বিকাগিৰী ৰায়চৌধুৰীৰ পুণ্যভূমি এইখন বৰপেটা৷ অথচ দীর্ঘকাল শাসনত থকা কংগ্রেছে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি–সম্প্রীতি সদায় বিঘ্ণিত কৰি আহিছে৷ বিশেষকৈ ধর্মীয় সংখ্যালঘুসকলৰ কল্যাণ তথা উন্নয়ন যিদৰে কংগ্রেছে নিবিচাৰে, সেইদৰে তেওঁলোকৰ পৰম মিত্রদল এআইইউডিএফেও নিবিচাৰে৷ দৰাচলতে আগৰ ব্যৱসায়ী বদৰুদ্দিন আজমলে ৰাজ্যৰ ধর্মীয় সংখ্যালঘুসকলৰ মুখত তলা–চাবি মাৰি থৈ সদায়ে তেওঁলোকৰ মুখ বন্ধ কৰি ৰাখিব খুজিছে৷ সেইবাবেই এআইইউডিএফৰ প্রতীক চিহ্ণ তলা–চাবি৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক কটাক্ষ কৰি অগপৰ সভাপতিগৰাকীয়ে কয়– কংগ্রেছ আৰু এআইইউডিএফৰ মাজত মিত্রতা হ’লে আসনক লৈ দুয়োটা দলৰ নেতা–কর্মীৰ মাজত প্রচণ্ড কাজিয়া হ’ব৷ বৰপেটাৰ সু–সন্তান গুৰুপ্রসাদ দাসে ৰে’লৰ ভেকুৱাম ব্রেক আৱিষ্কাৰ কৰিছিল৷ সেয়েহে বৰপেটাৰ পৰাই কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাক ব্রেক লগাব লাগিব৷ অগপই অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবর্ষ হিচাপে মানি ৰাজ্যখনৰ জাতি–বর্ণ–ভাষা–ধর্ম্ নির্বিশেষে সকলো শ্রেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মর্যাদা দিয়ে৷ অগপৰ অভিভাৱক হ’ল অসমৰ ৰাইজ৷ কিন্তু কংগ্রেছৰ মুৰব্বী বেলেগ৷ দৰাচলতে কংগ্রেছ এতিয়া চার্কাছৰ বাঘ৷ যাৰ ৰিংমাষ্টাৰ থাকে দিল্লীত৷ কংগ্রেছ–এআইইউডিএফৰ্ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অগপকহে সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অসমৰ ৰাজনীতিত কোনো ক্ষতি কৰিব নোৱাৰে৷
ভাষণ প্রসংগত সভাপতি অতুল বৰাই কয়– সংখ্যালঘু ৰাইজক বিভিন্ন ভুৱা কথাৰে আভুৱা–ভাঁৰি আহিছে কংগ্রেছ আৰু এআইইউডিএফে৷ যদি ৰাজ্যৰ ধর্মীয় সংখ্যালঘু জনতাই প্রকৃত উন্নয়ন বিচাৰে তেন্তে তেওঁলোকে কংগ্রেছ–এআইইউডিএফৰ্ সম্পর্ক এৰিব লাগিব৷ তেওঁ কয়– মহাপুৰুষ শংকৰদেৱে প্রতিষ্ঠা কৰা নামঘৰৰ লাইখুঁটা চান্দ সাঁয়ে পুতিছিল৷ নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু এয়াই হৈছে অসমীয়া জাতিৰ আদর্শৰ চানেকি, ধর্মনিৰপেক্ষতাৰ প্রতীক৷ অগপয়ো এই আদর্শ তথা ধর্মনিৰপেক্ষতাক বিশ্বাস কৰে৷ বৰপেটা জিলাখন তাৰেই এক নিদর্শন৷ বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্রায়কেইটা সমষ্টি দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে৷ অগপত নিতৌ আমদানি হৈছে নতুন তেজৰ, আগমন ঘটি আছে বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিৰ৷ এয়া অগপৰ বাবে আশাৰ খবৰ৷ অনাগত দিনত দল আৰু অধিক শক্তিশালী হ’ব৷ আমি নিশ্চিত হৈছোঁ যে অগপ দলৰ প্রতি ৰাইজৰ বিশ্বাস আৰু আস্থা ঘূৰি আহিছে৷ যাৰ বাবে অগপৰ সভা এতিয়া লোকাৰণ্য হৈ পৰিছে৷ আজি জাতীয় ঐক্য সমাৰোহত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বৰপেটা সমষ্টিৰ অগপৰ বিধায়ক গুণীন্দ্র দাস, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস, আক্রাম হুছেইন, দিলীপ পাটগিৰি, মনোজ শইকীয়া, ড০ তপন দাস, কল্পনা পাটোৱাৰী, ৰঞ্জিত ডেকাকে ধৰি অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, ছাত্র পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷