নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা–এনএছচিএনৰে মধ্যস্থতাকাৰীৰ ৰূপত গুৰগাঁৱৰ ৰহস্যময়ী মহিলা বিষয়া

অৰুণাচলত তৈল কোম্পানীৰ দুই বিষয়াক অপহৰণ কাণ্ড

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ  অৰুণাচলৰ চাংলাং জিলাৰ তৈলখাদৰ পৰা কর্মৰত অৱস্থাত অপহূত হোৱা অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডি’ অপাৰেটৰ ৰাম কুমাৰৰ অপহৰণৰ ঘটনাত জড়িত হৈ পৰিছে এগৰাকী ৰহস্যময়ী মহিলা৷ এই মহিলাগৰাকীৰ কার্যকলাপক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ৷ উল্লেখ্য যে ১৫ দিন পূর্বে অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ ডায়ুনৰ ইনাওৰ তৈলখাদত কর্মৰত অৱস্থাত কুইপ নামৰ দিল্লীৰ ব্যক্তিগত তৈল কোম্পানীৰ ড্রিলিং অধীক্ষক অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডি’ অপাৰেটৰ ৰাম কুমাৰক উগ্রপন্থী সংগঠনে অপহৰণ কৰে৷ এই অপহৰণৰ আঁৰত উগ্রপন্থী সংগঠন এনএছচিএন (খাপলাং) আৰু আলফা (স্বাধীন) জড়িত থকা বুলি সন্দেহ প্রকাশ পাইছে৷ বিগত ১৫ দিন ধৰি অপহূত তৈল অভিযন্তা আৰু বিষয়া দুগৰাকীৰ কোনো শুংসূত্র নোপোৱাৰ পিছত এই সমগ্র ঘটনাৱলীত আৱির্ভাৱ ঘটিছে এগৰাকী ৰহস্যময়ী মহিলাৰ৷ এক অসমর্থিত সূত্রৰ মতে, দিল্লীৰ গুৰগাঁওস্থিত কুইপৰ মুখ্য কার্যালয়ৰ পৰা প্রেৰণ কৰা এই ৰহস্যময়ী মহিলা বিষয়াগৰাকীয়ে অপহূত বিষয়াদ্বয়ৰ মুক্তি সন্দর্ভত সঘন যোগাযোগ ৰাখিছে বিভিন্ন পক্ষৰ সৈতে৷ মহিলাগৰাকীয়ে ম’বাইল ফোনযোগে সঘনাই বিষয়াদ্বয়ৰ মুক্তিৰ বাবে কাৰ সৈতে কথা পাতি আছে, সেই সন্দর্ভত সকলো পক্ষৰ নীৰৱতাই বিষয়টো অধিক ৰহস্যময় কৰি তুলিছে৷ আনহাতে এই বিষয়াদ্বয়ৰ মুক্তিৰ দাবীত উগ্রপন্থী সংগঠনে ২০ কোটি টকা দাবী কৰা বুলি প্রকাশ পোৱাৰ পিছতে বিষয়টোৱে অধিক জটিলতাৰ দিশে গতি কৰিছে৷

তথ্য মতে, এই ৰহস্যময়ী মহিলা বিষয়াগৰাকীয়ে এনএছচিএন (খাপলাং) আৰু আলফা (স্বাধীন)ৰ সৈতে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীর্ণ হৈছে৷ বাতৰি অনুসৰি ব্যক্তিগত তৈল কোম্পানীটোৱে মুক্তিপণ আদায় দিবলৈ মান্তি নোহোৱাৰ ফলতেই বিষয়াদ্বয়ৰ জীৱন অনিশ্চিত হৈ পৰিছে৷ আনহাতে আন এক সূত্রই প্রকাশ কৰা মতে, গুৰগাঁৱৰ পৰা আহি উগ্রপন্থী সংগঠনৰ সৈতে যোগাযোগ কৰি থকা ৰহস্যময়ী মহিলাগৰাকীয়ে মুক্তিৰ বিষয়টো সঠিকভাৱে আগবঢ়াব নোৱৰা বাবেই অপহৰণকাৰী আঁকোৰগোজ হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আনকি উগ্রপন্থী সংগঠনে মুক্তিপণ আদায় নিদিলে ডায়ুনৰ ইনাওল ৰিগ–২ বোমাৰে উৰুৱাই দিব বুলি ভাবুকি প্রদান কৰাৰ অসমর্থিত বাতৰিও প্রকাশ পাইছে৷ এনে পৰিপ্রেক্ষিতত এতিয়া উক্ত ৰিগত কর্মৰত তৈল কোম্পানীটোৰ বিষয়া–কর্মচাৰীসক আতংকিত হৈ পৰাত ৭০গৰাকী বিষয়া–কর্মচাৰীক বিশেষ নিৰাপত্তা প্রদান কৰি অসমলৈ ওভতাই অনা হয়৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ চাংলাং জিলা ম্যানমাৰ সীমান্তৰে সংযুক্ত হোৱা বাবে অপহূত বিষয়াদ্বয়ৰ সন্ধানত অভিযান চলোৱাত ব্যর্থ হৈছে নিৰাপত্তা বাহিনী৷ এইক্ষেত্রত অৰুণাচল প্রদেশ আৰু অসম আৰক্ষীয়েও লাভ কৰা নাই বিশেষ কোনো তথ্য৷ ইফালে, অপহূত বিষয়াদ্বয়ৰ মুক্তিৰ বিনিময়ত উগ্রপন্থী সংগঠনে ধন দাবী কৰা বিষয়টো অস্বীকাৰ কৰিছে অপহূত অভিযন্তা প্রণৱ কুমাৰ গগৈৰ পৰিয়ালবর্গই৷ শিৱসাগৰৰ নিজ বাসগৃহত আজি প্রণৱ কুমাৰ গগৈৰ পিতৃ–মাতৃ আৰু পত্নীয়ে একমুখে মুক্তিপণ দাবী কৰা বিষয়টো অস্বীকাৰ কৰে৷ আনহাতে অপহূত অভিযন্তাজনৰ পৰিয়ালৰ কোনো লোকৰ বক্তব্য নোলোৱাকৈ এনে বাতৰি প্রকাশ পোৱা বাবে আশ্চর্যও প্রকাশ কৰিছে পৰিয়ালবর্গই৷ এনে ভিত্তিহীন বাতৰিয়ে অপহূত স্বামীৰ জীৱনৰ প্রতি সংশয় নমাই অনা বুলি আজি মন্তব্য কৰে প্রণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈয়ে৷ এইক্ষেত্রত অপহূত অভিযন্তাগৰাকীৰ পত্নীয়ে মুখ্যমন্ত্রীৰ তাৎক্ষণিক হস্তক্ষেপো বিচাৰিছে৷

উল্লেখ্য যে শিৱসাগৰত বিগত ১৭ দিন ধৰি বিনিদ্রৰজনী পাৰ কৰিছে প্রণৱ কুমাৰ গগৈৰ ৫জনীয়া পৰিয়ালটোৱে৷ দুই সন্তানক সাবটি উচুপি আছে পত্নী নমিতা গগৈয়ে৷ ১৭ বছৰীয়া পুত্র আৰু ষষ্ঠ শ্রেণীত অধ্যয়নৰত একমাত্র কন্যাৰ দুচকুত এতিয়া মাথোঁ এটাই প্রশ্ণ– তেওঁলোকৰ পিতৃ কেতিয়া উভতি আহিব? আনহাতে আনজন অপহূত তৈল কোম্পানীটোৰ বিষয়া ৰাম কুমাৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷ অপহূত ৰাম কুমাৰৰ বিহাৰৰ বাসগৃহতো একেই পৰিৱেশ বিৰাজ কৰা বুলি সদৰী কৰিছে তৈল কোম্পানীটোৰ এক সূত্রই৷ ইফালে ব্যক্তিগত তৈল কোম্পানীটোৰ অপহূত এই বিষয়াদ্বয়ৰ মুক্তিৰ দাবী জনাইছে বিভিন্ন দল–সংগঠনে৷ আজি সংগ্রামী যুৱ–ছাত্র পৰিষদ, অসমৰ সভাপতি দেৱজিৎ দত্ত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ, ঐক্যসেনা অসম, বীৰ লাচিত সেনা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সদৌ টাই–আহোম ছাত্র সন্থা টাইপা, অনুসূচিত জাতি ছাত্র সন্থা, সদৌ অসম মৰিয়া ছাত্র সন্থা আদি সংগঠনে বিবৃতিযোগে অপহূত বিষয়াদ্বয়ক সুস্থ শৰীৰে মুক্তি দিবলৈ অপহৰণকাৰীৰ প্রতি আহ্বান জনাইছে৷

You might also like