বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ আজি পুৱতি নিশা ২ বাজি ৫০ মিনিটত পৰলোকপ্ৰাপ্তি হয় ৷ দীৰ্ঘদিনে অসুস্থ হৈ থকা ভাস্কৰজ্যোতি বৰদলৈয়ে পুৱতি নিশা যোৰহাট মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। এটা দশকৰো অধিক কাল ‘নিউজ লাইভ’, ‘নিয়মীয়া বাৰ্তা’ৰ সৈতে জড়িত হৈ আছিল বৰদলৈ । বৰদলৈৰ বিয়োগত শোকত ভাগি পৰিছে পৰিয়াল, বন্ধুবৰ্গৰ লগতে সংবাদ ক্ষেত্ৰৰ সহকৰ্মীসকল। দেৰগাঁও সাংবাদিক সংস্থাৰো ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল বৰদলৈয়ে। বৰদলৈৰ বিয়োগত দেৰগাঁও সাংবাদিক সংস্থাই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভাস্কৰজ্যোতি বৰদলৈয়ে মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নীসহ দুটি সন্তান আৰু ভাতৃক এৰি যায়। ভাস্কৰজ্যোতি বৰদলৈৰ মৃত্যুত ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বাৰ্তা’ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে আত্মাৰ শান্তি কামনা কৰা হয়।
Prev Post
Next Post
You might also like