৩ ছেপ্টেম্বৰত অভিৰুচি ক্রীড়া দিৱসৰ ৪২ বছৰ
বিশেষ বাৰ্তা, ১৯ জুলাই : অসম তথা পূর্বাঞ্চলৰ প্রথমগৰাকী অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰত আয়োজিত ‘অভিৰুচি ক্রীডা দিৱস’-এ এইবেলি ৪২ বছৰত ভৰি দিলেহি৷ অসমৰ জনজীৱনৰ পৰা হেৰাই যাবলৈ ধৰা এইগৰাকী বীৰ সন্তানৰ ক্রীড়া জীৱন জনমানসত, বিশেষকৈ নৱপ্রজন্মৰ মাজত জীয়াই ৰখাৰ এক ব্যতিক্রমী চিন্তাৰে ১৯৮৪ চনত অভিৰুচি গোষ্ঠীয়ে আৰম্ভ কৰিছিল এই ক্রীড়া দিৱসৰ৷ এগৰাকী জীৱন্ত ক্রীড়াবিদৰ জন্মদিনত এনেদৰে ৰাজহুৱাভাৱে আয়োজন কৰা দিৱস ভাৰতবর্ষতেই নহয়, বিশ্বৰ ক’তো নজিৰ নাই বুলি স্বীকাৰ কৰি গৈছে এই অনুষ্ঠানত ভাগ ল’বলৈ অহা মিলখা সিং, কপিল দেৱ, অজিত ৱাদেকাৰ, প্রকাশ পাডুকন আদিৰ দৰে বহুকেইগৰাকী স্বনামধন্য ক্রীড়া মহাৰথীয়ে৷
উৎসাহৰ বিষয়- অহা ৩ ছেপ্টেম্বৰত গুৱাহাটীৰ লগতে ৰাজ্যৰ শতাধিক ঠাহত ৪২সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপিত হ’ব৷ এইবাৰ ক্রীড়া দিৱসৰ কেন্দ্রীয় কার্যসূচী দুদিনীয়াকৈ উদযাপন কৰাৰ প্রস্তুতি চলোৱা হৈছে৷ পূর্বৰ দৰে ৩ ছেপ্টেম্বৰৰ পুৱা ৬.১৫ বজাত জজ খেলপথাৰৰ পৰা আৰম্ভ হ’বলগীয়া সামূহিক দৌৰৰ অন্তত পুৱা ৯ বজাত স্কুলীয়া ছাত্র–ছাত্রীসকলৰ সামূহিক ব্যায়াম আৰু নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি ৭ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ক্রীড়া বিষয়ক আলোচনা–চক্র, পুৱা ১১ বজাত আন্তঃ শিক্ষানুষ্ঠান ক্রীড়া কুইজ প্রতিযোগিতা আৰু সন্ধিয়া ৫.৩০ বজাত বিশিষ্ট ক্রীড়া সংগঠক, প্রশিক্ষক আৰু যোৱা বছৰটোত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা অসমৰ খেলুৱৈসকলৰ বাবে সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই ক্রীড়া দিৱসৰ অংশীদাৰ জিলা ক্রীড়া সন্থা তথা ক্রীড়া সংগঠনসমূহক আগস্তুক ৪২সংখ্যক অভিৰুচি ক্রীড়া দিৱস সফল কৰি তোলাৰ বাবে অনুৰোধ জনোৱাৰ লগতে শীঘ্রেই এমচি ৰোড, গুৱাহাটী–৭৮১০০৩ত থকা উদযাপন কমিটীৰ কেন্দ্রীয় কার্যালয়ত যোগাযোগ কৰিবলৈ কেন্দ্রীয় কমিটীয়ে অনুৰোধ জনাইছে৷