নগৰবেৰাত মাটিক লৈ খুড়াক-ভতিজাক পক্ষৰ মাৰপিট, আহত সাত
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ নগৰবেৰাৰ নতুন বদলাত ভয়ানক মাৰপিট কাণ্ড। খুড়াক-ভতিজা পক্ষৰ মাজত ভূমিকেন্দ্ৰিক এই মাৰপিট। দুই ফৈদৰ ৭জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। তিনিজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। গাঁওখনৰ নুৰুল ইছলাম (ভতিজা) আৰু ইয়াদ আলী (খুড়া)ৰ মাজত দীৰ্ঘদিনৰে পৰা এডোখৰ ভূমিক লৈ চলি আহিছিল বিবাদ। এই বিবাদে বুধবাৰৰ সন্ধিয়া ভয়ংকৰ ৰূপ লয়। প্ৰথমে বাক-বিতণ্ডা আৰু পাছলৈ দা, লাঠীৰে কুৰুক্ষেত্ৰ। মাৰপিটত আহত হয় উভয় পক্ষৰ ৭জনকৈ লোক। গুৰুতৰভাৱে আহত ইয়াদ আলী, ফাইজুল হক আৰু জাকিৰ হুছেইনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস