গুৱাহাটীত স্পাত মাছাজৰ নামত যৌনতাৰ বেহাঃ পোহৰলৈ কেইবাগৰাকী কণ্ঠশিল্পী, অভিনেতাৰ তথ্য!
: উজনিৰ সুন্দৰী যুৱতী যোগানেৰে লাখপতি যোৰহাটৰ পল্লৱী
নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: গুৱাহাটীৰ অভিজাত স্পাত আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে চলোৱা অভিযানৰ পিছতে পোহৰলৈ আহিছে ভয়ানক তথ্য৷ সৌন্দর্য চর্চাৰ নামত এই অভিজাত স্পাত চলে নাৰী দেহৰ ব্যৱসায়। এই ভয়াৱহ জাল কিমান দূৰলৈ সম্প্রসাৰিত হৈ আছে সেয়া হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে৷ আর্থিক দৈন্যৰ অচিলৰাে দুর্বল পৰিয়ালৰ সুন্দৰী যুৱতীক প্রলোভনেৰে সৌন্দর্য চর্চাৰ প্রশিক্ষণৰ নামত গুৱাহাটীলৈ আনি দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ এটা চক্র ৰাজ্যজুৰি সক্রিয় হৈ আছে৷ গুৱাহাটীত ছয়জন স্পাৰ মালিক আৰু ২২ যুৱতীক আটক কৰাৰ পিছত পোহৰলৈ আহিছে বিশাল এই নেটৱর্ক৷
শেহতীয়াকৈ পাণবজাৰ মহিলা থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত যোৰহাটৰ পল্লৱী কাকতি নামৰ যুৱতীগৰাকীক গ্রেপ্তাৰ কৰা হয়। পল্লৱীৰ গ্ৰেপ্তাৰৰ পিছত উন্মোচিত হৈছে ভয়ংকৰ তথ্য ৷ জনা মতে যোৰহাটৰ পল্লৱীয়ে গুৱাহাটীৰ স্পালৈ উজনিৰ সুন্দৰী যুৱতী যোগান ধৰি বৃহত ধন লাভ কৰিছিল৷ আৰক্ষীৰ জালত পৰা জানমণি দাস নামৰ মহিলাগৰাকীয়ে পল্লৱীয়ে যোগান ধৰা যুৱতীৰে স্পাত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই স্পালৈ আগমন ঘটে আঢ়্যৱন্ত লোকৰ লগতে সম্ভ্রান্ত ঘৰৰ বহু সন্তান। ধৃত পল্লৱীৰ নাৰী সৰবৰাহৰ এই নেটৱর্ক ইমানেই সম্প্রসাৰিত হৈ আছে যে সাংস্কৃতিক জগতৰ একাংশ লোকৰ সৈতেও তেওঁৰ সু–সম্পর্ক আছিল৷
ৰাজ্যৰ আগশাৰীৰ কণ্ঠশিল্পী, অভিনেতালৈও পল্লৱীয়ে সুন্দৰী যুৱতী যোগান ধৰিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷ উল্লেখ্য যে এনে এখন স্পাৰ পৰা পলাই যোৱা এগৰাকী গোলাঘাটৰ যুৱতীয়ে অভিজাত স্পাত চলি থকা এই অন্ধকাৰ জগতখনৰ বহু গোপন তথ্য ফাদিল কৰিছিল৷ সংবাদ মাধ্যমৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত যুৱতীগৰাকীয়ে কিদৰে যুৱতীসকলক বিউটিচিয়ানৰ প্রশিক্ষণ দিয়া হ’ব বুলি আনি অবৈধ কাম–কাজত লিপ্ত কৰোৱা হৈছিল তাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছিল৷ ‘এক্সট্রা ইনকাম’ৰ নামত এই যুৱতীসকলক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাই একাংশ স্পাৰ স্বত্বাধিকাৰীয়ে লাখ লাখ টকা উপার্জন কৰিছিল বুলিও তেওঁ সদৰী কৰিছে৷ যুৱতীসকলক সামান্য ধন দি গ্রাহকৰ পৰা অধিকাংশ ধন এই স্পাৰ স্বত্বাধিকাৰীসকলে নিজৰ জেপত ভৰাইছিল বুলিও তেওঁ জানিবলৈ দিছে৷
আনহাতে, ধৃত পল্লৱীয়ে যোৰহাটৰ বৰুৱা চাৰিআলিত বৰাবৰা নামৰ এখন ইউনিছেক্স পার্লাৰ চলাই আহিছে৷ যোৰহাটৰ আন এখন পার্লাৰো পল্লৱীয়ে পৰিচালনা কৰি আহিছে৷ দুয়োখন পার্লাৰৰ স্বত্বাধিকাৰী এগৰাকী চিকিৎসক বুলি জানিব পৰা গৈছে৷ কেৱল স্পালৈয়েই নহয়, হোটেললৈও নিয়মীয়াকৈ পল্লৱী কলিতাই ৩ৰ পৰা ৪ হাজাৰ টকা কমিছন লৈ সুন্দৰী যুৱতী যোগান ধৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ধৃত যুৱতীগৰাকীৰ বেংক একাউণ্টসমূহ ছীল কৰিছে বুলি জানিব পৰা গৈছে৷ এইক্ষেত্রত ধৃত জানমণি দাস নামৰ স্পাৰ স্বত্বাধিকাৰী এজন দূৰ সম্পর্কীয় যুৱকৰ সৈতে মিলি পল্লৱীয়ে নাৰী দেহ সৰবৰাহৰ সৈতে জড়িত হোৱাৰো অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে এদিন পূর্বে নিশাৰ ভাগত পাণবজাৰস্থিত মহিলা থানাই ক্রাইম ব্রাঞ্চৰ সহযোগত মহানগৰীৰ কেইবাখনো স্পাত অভিযান চলাই ২২গৰাকী যুৱতীক আটক কৰাৰ লগতে জানমণি দাস, তন্ময় দাস, চিন্ময় শর্মা, উষা দৈমাৰী, মিলি সিনহাক গ্রেপ্তাৰ কৰিছে৷
ইতিমধ্যে ঊষা দৈমাৰী আৰু মিলি সিনহাক জেললৈ প্রেৰণ কৰাৰ বিপৰীতে আন চাৰিজনক চাৰি দিনৰ বাবে জিম্মাত লৈ পাণবজাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ সমান্তৰালভাৱে যোৰহাটত গ্রেপ্তাৰ কৰা পল্লৱী কলিতাকো গুৱাহাটীলৈ অনা হৈছে৷ পাণবজাৰস্থিত মহিলা থানাত পল্লৱীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ভুক্তভোগী এগৰাকী যুৱতীৰ এজাহাৰমর্মে ৰুজু কৰা ৯২/২২ নম্বৰৰ গোচৰত আৰক্ষীয়ে অধিক অভিযুক্তক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত থকা স্পাসমূহত অবৈধ কার্যকলাপ চলি অহাৰ অভিযোগ নতুন নহয়৷ ইয়াৰ পূর্বেও গুৱাহাটীত অভিজাত স্পাত অভিযান চলাই মহানগৰ আৰক্ষীয়ে নাৰী দেহৰ ব্যৱসায়ৰ তথ্য পোহৰলৈ আনিছে৷ আনকি স্পাসমূহৰ ভিতৰত আৰক্ষীয়ে বহু আপত্তিজনক সামগ্রীও জব্দ কৰিছে৷ তৎসত্ত্বেও মহানগৰীৰ একাংশ স্পাত কিদৰে এই অবৈধ ব্যৱসায় অব্যাহত আছে, সেয়াও আন এক ৰহস্য৷ অৱশ্যে জানমণি দাসসহ যোগনিয়াৰ পল্লৱী কলিতাক জেৰা কৰিলে আৰু সঠিকভাৱে তদন্ত আগবাঢ়িলে এই নেটৱর্কৰ আন বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷