দক্ষিণ বৰপেটাৰ চৰাঞ্চলত শালি ধানে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : বৰপেটা জিলাৰ চৰাঞ্চলৰ বসতিৰ ওপৰত বিভিন্ন কিতাপ পত্ৰৰ লগতে গৱেষণা পত্ৰত পোৱা তথ্য অনুসৰি তেতিয়াৰ অবিভক্ত ভাৰত বৰ্ষৰ পূৰ্বৰ বংগৰ যথেষ্ট সংখ্যক লোকে মূলতঃ অভাৱৰ বাবেই এই অঞ্চলসমূহলৈ আহি বসতি স্থাপন কৰিছিল। একাংশ গ্ৰন্থত পোৱা তথ্য অনুসৰি ১৮৯০ চনৰ পৰা ১৯১০ চনৰ ভিতৰত কিছুসংখ্যক লোকে আজিৰ বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলৰ পলসুৱা মাটিত বিভিন্ন শস্যৰ খেতি কৰি যথেষ্ট উৎপাদন লাভ কৰাত তেওঁলোকৰ খৱৰৰ ভিত্তিতে চৰ-চাপৰি অঞ্চললৈ পূৰ্ববংগীয় লোকৰ সোঁত বৈছিল। হাড়ভঙা পৰিশ্ৰমি লোক সকলে নিজৰ কষ্টৰ বলত প্ৰতিষ্ঠা লাভ কৰিলেও পৰৱৰ্ত্তী সময়ত বিশেষকৈ নদীৰ গৰাখহনীয়াৰ বাবে শ শ পৰিয়াল দুৰ্ভিক্ষৰ সন্মুখীন হব লগীয়া হয়। একাংশ জ্যেষ্ঠ নাগৰিকে ব্যক্ত কৰা মতে, ৭০-৮০ দশকত চৰাঞ্চলৰ কৃষিজীৱি লোক সকলৰ অভাৱ অনাটন কুলাই পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হয়। সেই সময়ত চৰাঞ্চলৰ প্ৰায় ৮০ শতাংশ পৰিয়াল দুৰ্ভিক্ষৰ সন্মুখীন হয়। চৰাঞ্চলত বসতি কৰা বহু পৰিয়ালে পথাৰৰ কচু খাই জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছিল। কিন্তু কথাতে কয় মন থাকিলে ছন নপৰে…। নব্বৈৰ দশকত এয়াই সঁচা প্ৰমাণিত কৰিলে চৰাঞ্চলৰ একাংশ কৃষিজীৱি লোকে। সময় বাগৰাৰ লগে লগে চৰাঞ্চলৰ কৃষিভূমিত বিকল্প আৰু লাভজনক খেতি কৰিবলৈ আৰম্ভ কৰাত দৌপতদোপে আগুৱাই যাবলৈ সক্ষম হয় চৰবাসী। এসময়ত কেৱল আহু ধান আৰু মৰাপাট খেতিতে সীমাৱদ্ধ থকা চৰাঞ্চলৰ কৃষক সকলে ইৰি ধানৰ খেতি কৰি নতুন জীৱিকাৰ সন্ধান লাভ কৰে। বিঘাই প্ৰতি ২০-২৫ মোনকৈ উৎপাদন লাভ কৰাৰ লগতে চৰাঞ্চলৰ একাংশ কৃষকে বৰপেটা ৰোড, কুচবিহাৰ আদি অঞ্চলৰ পৰা পাচলি খেতিয়ক আনি চৰাঞ্চলত ব্যৱসায় ভিত্তিত পাচলি খেতি কৰিবলৈ আৰম্ভ কৰে। অতি কম দিনৰ ভিতৰতে ইৰি ধান আৰু পাচলি খেতি কৰি অৰ্থনৈতিকভাৱে সবলস্থিতি লাভ কৰা চৰ-চাপৰি অঞ্চলৰ কৃষক সকলে সম্প্ৰতি আন আন লাভজনক খেতি কৰিবলৈ আৰম্ভ কৰা দেখা যায়। দৰংৰ একাংশ কৃষকৰ পৰামৰ্শ মতে চৰাঞ্চলৰ মাটিত মাকৈ খেতি কৰি এক সেউজ বিপ্লৱৰ সৃষ্টি কৰিছে। অতি কম খৰছত অধিক উপাদান কৰি এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰা চৰাঞ্চলৰ কৃষক সকলে ইমানতে ক্ষান্ত থকা নাই। প্ৰায় ২০-২৫ বছৰ ইৰি ধানৰ খেতি কৰা চৰাঞ্চলৰ কৃষক সকলে সম্প্ৰতি আৰম্ভ কৰিছে শালি ধানৰ খেতি। ইৰি ধানৰ খেতি অত্যধিক ব্যয়বহুল আৰু বৰ্ষাকালৰ খেতি হোৱা বাবেই বিকল্পৰ সন্ধান বিচাৰি চৰাঞ্চলৰ ভূমিত তিনি বছৰ পূৰ্বে একাংশ কৃষকে পৰীক্ষামূলকভাৱে শালি ধানৰ খেতি কৰি চমকপ্ৰদ সুফল লাভ কৰে। এই সফলতাৰ বাবেই বিগত বৰ্ষৰ লগতে চলিত বৰ্ষতো বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ চৰ-চাপৰি অঞ্চলত ব্যাপকভাৱে শালি ধানৰ খেতি কৰা পৰিলক্ষিত হৈছে। উন্নতমানৰ ধান বীজ আৰু আধুনিক পদ্ধতিত ন্যূনতম খৰছত হাজাৰ হাজাৰ হেক্টৰ ভূমিত শালি ধানৰ খেতি কৰি মুক্তমনে হাঁহিব পাৰিছে কৃষকসকলে। একাংশ কৃষকে জনোৱা মতে, বিগত বৰ্ষত প্ৰতি বিঘাত ১৫-২০ মোন উৎপাদন লাভি কৰিছিল যদিও এইবাৰৰ ফচল অধিক ভাল হৈছে। চলিত বৰ্ষত প্ৰতি বিঘাত ২০-৩০ মোন পৰ্যন্ত উৎপাদন লাভ কৰাৰ আশা ব্যক্ত কৰিছে কৃষক সকলে। চৰাঞ্চলৰ কৃষক সকলে কৃষি কৰ্মৰ জৰিয়তে আগবাঢ়ি যোৱা বাটত কৃষি বিভাগৰ এক শতাংশও অৰিহনা নথকাৰ বিপৰীতে এই সকল কৃষকক বিভিন্ন প্ৰকাৰে সময়োপযোগী সহায় সহযোগ কৰি আহিছে বিভিন্ন ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী, এজেন্টসকলে। পথাৰে পথাৰে কৃষকক লগ ধৰি কোনবিধ খেতি কি পদ্ধতিত, কেনকৈ আৰু কেনেধৰণৰ যত্ন লব লাগিব সেয়া বুজাই দিয়াত চৰাঞ্চলৰ কৃষক সকলে প্ৰতিখোজতেই সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা ব্যক্ত কৰিছে একাংশ কৃষকে। শীঘ্ৰে পঞ্জাৱ, হাৰিয়ানাৰ কৃষি পদ্ধতিৰে খেতি কৰিবলৈও আৰম্ভ কৰিব চৰাঞ্চলৰ কৃষকসকলে।
প্ৰেৰক ৰবিউল হুছেইন