অসমআঞ্চলিক ২২ ফেব্ৰুৱাৰীত শংকৰপ্ৰসাদ ৰায়ে পুনৰ যোগ দিব বিজেপিত By নিয়মীয়া বাৰ্তা On Feb 20, 2024 Share বঙাইগাঁও জিলা কংগ্রেছত ধুমুহা : ৪৫গৰাকী কংগ্রেছ নেতাৰ কংগ্রেছ দলত্যাগ বিশেষ বাৰ্তা, ২০ ফেব্রুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলৰ ভিতৰত অন্তৰ্দ্বন্দ্ব আৰু খহনীয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দলটোৰ পৰা ইজনৰ পিছত সিজন নেতাই কংগ্ৰেছ দল ত্যাগ কৰি গৈ আছে। প্ৰদেশ কংগ্ৰেছৰ লগতে দলটোৰ জিলা জিলাই দল ত্যাগৰ বতাহ ববলৈ ধৰাত তৃণমূল পৰ্যায়ত সাংগঠনিক স্থিতি ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে৷ এইবাৰ বঙাইগাঁও জিলাৰ পৰা বৃহৎসংখ্যক দলৰ বিষয়ববীয়া আৰু কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ বাবে সাজু হৈ পৰিছে ৷ বিগত বিধানসভা নিৰ্বাচনত বঙাইগাঁৱৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য শংকৰ প্ৰসাদ ৰায়ে এইবাৰ দলৰ পৰা পদত্যাগ কৰিছে ৷ বঙাইগাঁও জিলা কংগ্রেছৰ প্রাক্তন সভাপতি শংকৰ প্রসাদ ৰায়সহ ৪৫গৰাকী কংগ্রেছ নেতাই কংগ্রেছ দল ত্যাগ কৰিছে ৷ অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰালৈ আজি প্ৰেৰণ কৰা পদত্যাগ পত্রত শংকৰ প্রসাদ ৰায়ে ব্যক্তিগত অসুবিধাৰ বাবে দলৰ প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা প্রকাশ কৰিলেও দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷ ৰায়ৰ সৈতে বঙাইগাঁও জিলাৰ লগতে বিভিন্ন জিলাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ৷ অসম প্রদেশ যুৱ কংগ্রেছৰ মুখপত্র বীৰ কুমাৰ অধিকাৰীয়েও কংগ্রেছ দল ত্যাগ কৰিছে ৷ অসম প্রদেশ যুব কংগ্রেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰলৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে৷ বঙাইগাঁও জিলা কংগ্রেছৰ অন্তর্গত ডাংতল ব্লকৰ কংগ্রেছৰ উপ সভাপতি মহিৰ উদ্দিন খান, সাধাৰণ সম্পাদক ক্রমে মোজাফফৰ আলী আহমেদ, বীৰেন্দ্র চন্দ্র মেধি আৰু অমিয় কুমাৰ ৰায়,সম্পাদকদ্বয় মুছলিম আলি আৰু ছাহজাহান আলি, ডাংতল মণ্ডলৰ কোষাধ্যক্ষ ধনঞ্জয় ৰায়সহ ৪৫গৰাকী কংগ্রেছ নেতাই দল ত্যাগ কৰি বঙাইগাঁও জিলা কংগ্রেছৰ সভাপতি আব্দুল কাশেমলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে ৷ ৰায়ৰ সৈতে আছুৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াও একেলগে গেৰুৱা বসন পিন্ধিব। উল্লেখ্যযে শংকৰ প্ৰসাদ ৰায়ে প্ৰায় এটা দশক ধৰি আছুৰ সভাপতি হিচাপে নেতৃত্ব প্ৰদান কৰিছিল। ছাত্ৰ সন্থাৰ পৰা আহি ৰায়ে বিজেপিত যোগ দিয়ে। কিন্তু অগপ আৰু বিজেপিৰ মাজত হোৱা মিত্ৰতাৰ বাবে বঙাইগাঁৱত টিকটৰ অংকত আউল লগাত বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগ দিয়ে। বিগত দুটাকৈ কাৰ্যকাল বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীৰ হাতত পৰাস্ত হ’বলগীয়া হয়। কংগ্ৰেছৰ ভিতৰ চৰাত চলি থকা অসন্তুষ্টি আৰু অন্তৰ্দ্বন্দ্বৰ মাজতে শংকৰ প্ৰসাদ ৰায়ে প্ৰায় দুই পৰা তিনি শতাধিক লোকক লগত লৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ বাবে সাজু হৈছে। প্ৰেৰক উপানন্দ শৰ্মা Featured Share