বিশেষ বাৰ্তা, ২৩ আগষ্টঃ মৰিয়নি সমষ্টিৰ দহটাকৈ ধৰ্মীয়নুষ্ঠানত আজি আধাৰশিলা স্থাপন কৰে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয়নুষ্ঠান সমূহলৈ আগবঢ়োৱা আঢ়ৈ লাখকৈ টকাৰে নিৰ্মাণ হ’বলগীয়া বিভিন্ন কামৰ বাবে এই আধাৰশিলাসমূহ স্থাপন কৰা হয়। মৰিয়নিৰ বুঢ়া নামঘৰ নামেৰে পৰিচিত অন্যতম পুৰণি নামঘৰ শ্ৰীশ্ৰীশংকৰদেৱ কীৰ্তনঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰো আজি আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপজ্যোতিয়ে। আধাৰশিলা স্থাপন কৰি বিধায়ক কুৰ্মীয়ে নামঘৰে মানুহৰ মনলৈ শান্তি আনে বুলি উল্লেখ কৰি এনে নামঘৰ সমূহৰ উন্নয়নৰ বাবে ৰাইজৰ লগতে চৰকাৰও আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে। শ্ৰীশ্ৰীশংকৰদেৱ কীৰ্তনঘৰৰ উন্নয়নৰ বাবে নিজৰ বিধায়ক উন্নয়ন পূঁজিৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষনা কৰে বিধায়ক কুৰ্মীয়ে। এই উপলক্ষ্যে অনুষ্ঠিত এক চমু অনুষ্ঠানত শিক্ষাবিদ আনন্দ শইকীয়া, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ বৰুৱা, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, প্ৰাক্তন সম্পাদক মৃদুল শইকীয়া, মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সম্পাদক পল্লৱ দত্ত, নিৰ্মাণ সমিতিৰ সম্পাদক অৰুণ বেৰিয়া, জয়ন্ত মেধি, আতৈ পোনা গগৈ, প্ৰদীপ গগৈ, ভুপেন হাজৰিকা, আই মাতৃ সমাজৰ সভানেত্ৰী চম্পাৱতী শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জলতা হাজৰিকা, লাৱন্য বৰুৱা, বীনা শইকীয়া, পূৰৱী হাজৰিকা আদি কেবাগৰাকীও ব্যক্তি উপস্থিত থাকে। ইয়াৰোপৰি বিধায়ক কুৰ্মীয়ে আজি পুখুৰীয়াৰ দেৱাগুৰি হৰি গৃহ, নতুনমাটি নামঘৰ, ভেলেউগুৰি কৰতিপাৰ, মৰঙীয়াল চমুৱাচুক নামঘৰ, বলিমৰা নামঘৰ, বৰগাঁও শংকৰজ্যোতি নামঘৰ, মগ্ৰৈ গাঁও নামঘৰ, হেমলাইৰ শ্ৰীশ্ৰীভাগৱতী নামঘৰ, ডালিম বিষ্ণু মন্দিৰ আৰু কলীয়াপানী চাংমাই গাঁও নামঘৰৰো আন্তঃগাঁঠনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া