নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত বিচাৰজা বিচানং চিংফৌলৈ সমাজ হিতকৰ বঁটা-২০২২ঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাকে ধৰি একাধিক সংগঠনৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত নিজা বাসগৃহ বিচাগাৱঁত চিকিৎসাধীন হৈ থকা বিছাৰজা বিছানং চিংফৌলৈ আগবঢ়োৱা হয় ভূপেন চন্দ্ৰ নেওগ সোৱঁৰণী ন্যাসৰ তৰফৰ পৰা সমাজ হিতকৰ বঁ‌টা ২০২২। ন্যাসৰ সঞ্চালক তথা জ্যেষ্ঠ সাংবাদিক জগত চাংমাই তথা সচিব ৰাণাজ্যোতি নেওগৰ নেতৃত্বত এটি দল তেখেতৰ গৃহত উপস্থিত হৈ এখন সম্বৰ্ধনা পত্ৰ, এটা স্মাৰক এখনকৈ বড়ো গামোছা অসমীয়া গামোছা আৰু চেলেং চাদৰেৰে উক্ত বঁ‌টা আগবঢ়ায়। সমাজ সংগঠক, শংকৰী কলা সংস্কৃতিৰ সাধক শিক্ষক ভূপেন চন্দ্ৰ নেওগৰ সোৱঁৰণত গঠিত ন্যাসে প্ৰৱৰ্তন কৰা এই বটাঁ পোনপ্ৰথম বাৰৰ বাবে লাভ কৰিছে চিংফৌৱে। ন্যাসৰ পৰিয়ালৰ হৈ দুই নাতি শ্যামল নেওগ আৰু স্বৰাজ নেওগ অনুষ্ঠানত উপস্থিত থাকে। অন্যহাতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, সম্পাদক ৰাণাজ্যোতি নেওগ, প্ৰাক্তন উপ সভাপতি শান্তনু গোস্বামী, সম্পাদক মনোৰঞ্জন দাস, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপদেষ্টা ৰামপ্ৰসাদ আম্বেদকাৰ উপ সভাপতি বিকাশ বৰুৱা সম্পাদক প্ৰশান্ত চেতিয়া সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান যুটীয়া সম্পাদক তপন দেৰ নেতৃত্বত এটি ২০ জনীয়া দল চিংফৌৰ গৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুঁজ লোৱাৰ লগতে সমাজজীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ স্বীকৃতি স্বৰূপে এখন সম্বৰ্ধনা বটা অসমীয়া গামোছা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় । জিলা সম্পাদক ৰাণাজ্যোতি নেওগে কয়- বিছাৰজাক নতুনকৈ পৰিচয় কৰাই দিবলৈ কোনো শব্দ নাই। তেওঁ উত্তৰ পূববাসীৰ এটা পৰিচিত নাম। নামেই তেওঁৰ পৰিচয়। বংশানুক্ৰমে তেওঁ বিচাৰজা। ৰজাৰ ধৰ্ম প্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া। তেখেতৰ সোনসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতা। সেই বাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয় । বিছাৰজাৰ অতি সহজ সৰল কথন ভংগী সদায় মানুহৰ কাণত বাজি থাকিব। সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত আপুনি লোৱা পদক্ষেপে আপোনাক সদায় জনতাৰ হ্নদয়ত সমন্বয়ৰ প্ৰতীক কৰি ৰাখিব। আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ’বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন ডাঙি ধৰিলে সেইয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব। এই অনুষ্ঠানত মাৰ্ঘেৰিটা আন্ঞ্চলিক পন্ঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ হৈ সম্পাদক প্ৰশান্ত চেতিয়া, লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ হৈ সভাপতি তৰুণ গগৈ উপ সভাপতি ধীৰাজ সোণোৱাল সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তা আদিয়ে সম্বৰ্ধনা জনায় ।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like