নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীখুলি চাহ বাগিচা-ত পাত তুলিলে শিৱৰাজ সিং চৌহানে, Vaani Greensত নৈশ যাপন

পঞ্চায়ত নিৰ্বাচনৰ বিজয় ইতিহাসৰ সৰ্বাধিক বিজয়, মুখ্যমন্ত্ৰীক প্ৰশংসা চৌহানৰ 

কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা-ত মূৰত টুকুৰী লৈ পাত তুলিলে শিৱৰাজ সিং চৌহানে

নিয়মীয়া বাৰ্তা, ১৫ মেঃ শেহতীয়াভাৱে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অভূতপূৰ্ব, এই বিজয় ইতিহাসৰ সৰ্বাধিক বিজয় আখ্যা কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ।

অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰি দেখুৱালে যে সৰ্ব সাধাৰন ৰাইজ উন্নয়নৰ পক্ষত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্রতি আস্থা। আজি কাজিৰঙাত উপস্হিত হৈ এই মন্তব্য কৰে কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে।

আজি বিয়লি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হয় কাজিৰঙাৰ হাতীখুলিত চাহ বাগিছাত।আনকি, হাতীখুলি চাহ বাগিছাৰ একাংশ মহিলা শ্ৰমিকৰ স’তে একেলগে মূৰত টুকুৰী লৈ পাত তোলে মন্ত্ৰী চৌহানে৷

উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত কালি বিয়লি উপস্থিত হোৱা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আজি পুৱা হেলিকপ্তাৰৰে নগালেণ্ডলৈ যায়৷ আনহাতে, তাৰ পৰা উভতি আহি পোনে পোনে উপস্থিত হয় হাতীখুলি চাহ বাগিছাত৷ এটি কলি দুটি পাতৰ সেউজীয়া সৌন্দৰ্যৰ স’তে কিছু সময় অতিবাহিত কৰি মন্ত্ৰী গৰাকীয়ে হাতীখুলি চাহ বাগিচাৰ মহিলা শ্ৰমিক সকলৰ লগত মূৰত টুকুৰী লৈ নিজে পাত তোলাৰ অভিজ্ঞতা লয়৷

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু বিজেপিৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বাগিছাখনৰ শ্ৰমিক সকলৰ সৈতে মত বিনিময় কৰে আৰু শ্ৰমিকসকলৰ অৱস্থাৰ খবৰ লোৱাৰ লগতে শ্ৰমিকসকলৰ দুখ দুৰ্দশাৰ বুজ লয়৷ খুবেই সাধাৰণ, সাৱলীলভাৱে চৰকাৰী বিভিন্ন আঁচনি শ্ৰমিক মহিলাসকলে লাভ কৰিছে নে নাই, দৈনিক মজুৰি কিমান , শ্ৰমিকসকলৰ আৱাসিক এলেকা কেনেধৰণৰ, শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ সুবিধা আদি লাভ কৰিছেনে নাই আদি বিষয়েও মন্ত্ৰীগৰাকীয়ে শ্ৰমিকসকলৰ পৰা অৱগত হয়৷

ইয়াৰ পিছতে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত উপস্থিত হৈ বোকাখাত মহকুমাৰ অন্তৰ্গত এলেকাৰ কিছু সংখ্যক কৃষকৰ সৈতে মত বিনিময় কৰে। মহকুমাটোৰ কৃষকে নিজৰ খেতিত উৎপাদিত ৰঙালাও, তিয়ঁহ, কাজি নেমু, ভোট জলকীয়া আদি বিভিন্ন পাচলি কেন্দ্ৰীয় মন্ত্ৰীজনক উপহাৰ হিচাপে  আগবঢ়ায় আৰু মন্ত্ৰীজনে অতি আগ্ৰহেৰে অসমৰ খেতিয়কে উৎপাদন কৰা সামগ্ৰী গ্ৰহণ কৰে।

আজি উক্ত মত বিনিময় অনুষ্ঠানত বোকাখাত বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ, বোকাখাত সম জিলাৰ বিষয়া তথা নতুনকৈ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আদি উপস্থিত থাকে। উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সপত্নীক কাজিৰঙাত উপস্থিত হৈ উদ্যানৰ কাষৰীয়া কাঞ্চনজুৰিৰ বাণী গ্ৰীনছ Vaani Greens নামৰ এখন ব্যক্তিগত অতিথিশালাত নিশা কটায়৷ আনহাতে, আজি নিশাও উক্ত অতিথিশালাতে কটাই মন্ত্ৰীগৰাকীয়ে কালিলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব৷ পুৱা ই কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে পত্নীৰ সৈতে খোলা জীপচি ত উঠি বাগৰি আৰু কঁহৰা বনাঞ্চলৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like