নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ বিধায়কৰ পৃষ্ঠপোষকতাত ৪ পঞ্চায়তক স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ ই -ৰিক্সা প্ৰদান

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ : ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ পৃষ্ঠপোষকতাত আজি সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত সমষ্টিটোৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ গ্ৰহণ কৰা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। উল্লেখ্য যে ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহযোগত অসম বিত্তীয় উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ দুখীয়া পৰিয়াল তথা মহিলাৰ মাজত আৰ্থিক সাহায্যৰ চেক বিতৰণী কাৰ্যসূচীৰ সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত দিনৰ বাৰ বজাত উদ্বোধন কৰে বিধায়ক ফনীধৰ তালুকদাৰে।লগতে একেটা অনুষ্ঠানতে স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ গোটা আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনাৰ অধীনত আৱৰ্জনা কঢ়িওৱা চাৰিখন উন্নতমানৰ ই-ৰিক্সা বিতৰণ কৰে বিধায়ক ফনীধৰ তালুকদাৰে সৰুপেটা,গলিয়া,হাঠিনাপুৰ,শিঙিমাৰী মুঠ চাৰিখন পঞ্চায়ক প্ৰতি পঞ্চায়তক একোখনকৈ ই-ৰিক্সা বিতৰণ কৰে।এই উদ্দেশ্যে অনুষ্ঠিত ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নিৰ্মল দাসে আত ধৰা ৰাজহুৱা সভাত বিধায়ক ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয় যে – “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ লাখ লাখ দুখীয়া পৰিয়ালক অসম ক্ষুদ্ৰ বিত্তীয় উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি ৰাজ্যখনৰ দুখীয়া পৰিয়ালক সকাহ দিলে। নহ’লে ঋনী পৰিয়ালে আত্মহত্যা কৰিবলগীয়া হ’লহেঁতেন।এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ পৰা ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেয়াই কাৰ্যত পৰিণত কৰে।সভাত বজালী জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, সহকাৰী কাৰ্যবাহী অভিযন্তা নিতুল তালুকদাৰেও বক্তৃতা প্ৰদান কৰাৰ লগতে অতিথিৰূপে উপস্থিত থাকে ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰিয়ে।সভাত আৰম্ভণিতে আদৰণি ভাষণ দিয়ে ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া প্ৰাণজিৎ দাসে। উল্লেখ্য যে – আজি আৰু কাইলৈ দুদিনীয়াকৈ সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণী ৫৭৭১ টকা দুখীয়া পৰিয়ালৰ মাজত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হ’ব।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like