নিয়মীয়া বাৰ্তা, ৪ জুলাই : শিৱসাগৰ জিলাখনৰে অন্যতম পুৰণি আগশাৰীৰ জনপ্ৰিয় ইংৰাজী মাধ্যমৰ বিদ্যালয় হিচাবে পৰিচিত চফি মাৰ্চী মেমৰিয়েল স্কুলৰ স্বত্বাধিকাৰী তথা নগৰৰ কে পি চাৰিআলিৰ খ্ৰীষ্টিয়ান পট্টিৰ নিৱাসী পৱিত্ৰ কুমাৰ আচাওৰ আজি ডিব্ৰুগড়ৰ কেঞ্চাৰ প্ৰতিষ্ঠানত ৬৯ বছৰ বয়সত মৃত্যু হয়। সকলোৰে মাজত কাবুল নামেৰে জনপ্ৰিয় আচাওৰ জন্ম হৈছিল ১৯৫৩ চনৰ ১০ মাৰ্চত। এক সাংস্কৃতিক পৰিয়ালত জন্ম লোৱা আচাওৰ পিতৃ হিলটন আচাও এগৰাকী বিখ্যাত ফটোগ্ৰাফাৰ হোৱাৰ লগতে অসমীয়া ছবি জগতৰ একালৰ মোহময়ী অভিনেত্ৰী ইভা আচাও তেওঁৰ পেহীয়েক আছিল। সেই সূত্ৰে শিৱসাগৰৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল কাবুল। শিৱসাগৰ নগৰৰ ১ নং টাউন টাউন প্ৰাইমেৰী স্কুলৰ পৰা প্ৰাথমিক তথা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ আচাওৱে স্নাতক ডিগ্ৰী লাভ কৰে। বিভিন্ন সামাজিক আৰু আধ্যাত্মিক অনুষ্ঠানৰ সৈতে জড়িত কাবুলে বিভিন্ন ব্যৱসায়ৰ মাজেৰে ব্যক্তিগত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত পত্নীৰ সহযোগত খ্ৰীষ্টিয়ান পট্টিত আৰম্ভ কৰে চফি মাৰ্চি মেমৰিয়েল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। অতি কম সময়ৰ ভিতৰত এইখন বিদ্যালয় শিৱসাগৰৰ লগতে অসমৰ এক প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত পৰিণত হোৱা লগতে দীৰ্ঘ সময় ধৰি এইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰি আহিছিল৷ বিভিন্ন সামাজিক, সাংস্কৃতিক,ৰাজনৈতিক আৰু আধ্যাত্মিক কামত জড়িত পৱিত্ৰ কুমাৰ আচাও বিগত শতিকাৰ সত্তৰ দশকৰ শেষত আৰু আশী দশকৰ আৰম্ভণিত শিৱসাগৰ পৌৰসভাৰ চৰকাৰী মনোনীত সদস্যৰূপে কৰ্মৰত আছিল। জীৱনৰ সৰহ ভাগ সময় শিক্ষাৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা কাবুল যোৰহাট খ্ৰীষ্টিয়ান মেডিকেল কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা সদস্যৰূপেও কাৰ্যনিৰ্বাহ কৰাৰ ওপৰিও খ্ৰীষ্টিয়ান সাহিত্য কেন্দ্ৰৰ সৈতেও জড়িত আছিল। সততে শিক্ষা আৰু জ্ঞানক আদৰ আৰু ভাল পোৱা আচাওৱে জীৱিত কালত বহু অসহায় জনক অৰ্থ আৰু পৰামৰ্শৰে সহায় কৰি গৈছিল। পৱিত্ৰ কুমাৰ আচাও শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ সদস্য হোৱাৰ লগতে মণ্ডলীৰ উত্তৰণত বহু অৰিহণা যোগাই গৈছে। শিৱসাগৰ মণ্ডলীৰ সভাপতি, সম্পাদকৰ ওপৰিও ডিকন বৰ্ডৰ সভাপতিৰূপে তেওঁ সেৱা আগবঢ়াই গৈছে। ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ লগতে ভৱিষ্যতৰ দিনত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে উৎসাহ আৰু পৰামৰ্শ প্ৰদান কৰা আচাওৰ মৃত্যুত শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰ, শিৱসাগৰ সভা, অসম বাপ্তিষ্ট কনভেঞ্চন, চিবিচিএনইআইৰ লগতে বিভিন্ন খ্ৰীষ্টীয় অনুষ্ঠানে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।সেইদৰে শিৱসাগৰ পৌৰসভা,সদৌ অসম ছাত্ৰ সন্থা, আটাছু, লাচিত সেনা অসম, শিৱসাগৰ প্ৰেছ ক্লাৱ, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই-মিডিয়া সংস্থা,বিভিন্ন শিক্ষা অনুষ্ঠানৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকন,সদৌ টাই আহোম ছাত্র সন্থাৰ উপ সভাপতি বসন্ত গগৈ,লাচিত সেনা অসমৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহা,শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, শিৱসাগৰ বাপ্তিষ্ট সভাৰ সভাপতি তথা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ সভাপতি ৰণি স্মিথ আদিয়ে পৱিত্ৰ কুমাৰ আচাওৰ মৃত্যুত শোকপ্ৰকাশ কৰি এৰি যোৱা পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।কাইলৈ শিৱসাগৰ নগৰৰ বাবুপট্টিৰ খ্ৰীষ্টিয়ান কৱৰস্থানত দিনৰ ১.৩০ বজাত অন্তিম সংস্কাৰ কৰা হ’ব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিব দিয়ে।মৃত্যুৰ সময়ত পৱিত্ৰ কুমাৰ আচাওৱে তেওঁৰ পত্নী, এগৰাকী জী ,পুত্ৰ,জোঁৱাই ৰ লগতে বহু পৰিয়াল এৰি থৈ যায়।
প্ৰেৰক আশ্ৰফুৰ ৰহমান