নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ভৱানীপুৰৰ দাতিৰবৰীত মাজনিশা শোৱাপাটীতে হত্যাঃ সম্পৰ্কীয় ভাতৃলৈ সন্দেহৰ আঙুলি

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দাতিৰবৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহিম আলী(৫০)ক যোৱানিশা নিজৰ বাসগৃহতেই দুস্কৃতিকাৰীয়ে চোকাঅস্ত্ৰেৰে ঘপিয়াই হত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোতেই তীব্র প্ৰতিক্ৰিয়া তথা চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ৰহিম আলীৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ মতে,দাতিৰবৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহিম আলীয়ে টাংলা গাঁৱৰ নিজ গৃহত নিশা অকলশৰে শুই থকা অৱস্থাত তেওঁৰ গৃহৰ সমীপৰ সম্পৰ্কীয় ভাতৃ মুবাৰক আলীয়ে দাৰে ঘপিয়ায়। অভিযোগ মতে, ৰহিম আলীৰ বাসগৃহত মুবাৰক আলীয়ে নিশা প্ৰাযৃ তিনি বজাত প্ৰৱেশ কৰি বিছনাত শুই থকা অৱস্থাত ৰহিম আলীক দাৰে ঘপিয়ায়। ইয়াৰ পিছতে ৰহিম আলীয়ে তেজেৰে লুতুৰি পুতুৰি হৈ তেওঁৰ গৃহৰ সমীপত থকা শহুৰেকৰ ঘৰলৈ সংকটজনক অৱস্থাৰে উপস্থিত হয়। ৰহিম আলীয়ে তেওঁক মুবাৰক আলীয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰা বুলি শহুৰেকৰ পৰিয়ালৰ সদস্যৰ আগত ব্যক্ত কৰে। ইয়াৰ পিছতেই সংকটজনক অৱস্থাত ৰহিম আলীক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও হাস্পতালতেই ৰহিম আলীৰ মৃত্যু হয়। ইপিনে আজি পুৱা ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত মুবাৰক আলীৰ লগতে মকবুল হুছেইন নামৰ আন এগৰাকী লোককো আটক কৰে। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ভৱানীপুৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। লগতে আটক কৰা দুয়োজনকে জেৰা অব্যাহত ৰাখিছে বুলিও ভৱানীপুৰ আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে ৰহিম আলীয়ে ২০০২ চনত দাতিৰবৰী গাওঁ পঞ্চায়তত কংগ্ৰেছ দলৰ পৰা সভাপতিৰূপে নিৰ্বাচিত হৈ পাঁচ বছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।
প্ৰেৰক কল্যাণ কলিতা

You might also like