নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ডুবিত লোমহৰ্ষক ঘটনা

🔹 পাষাণ পিতৃয়ে হত্যা কৰি পুতিলে এঘাৰদিনীয়া কন্যা সন্তানক

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : বজালীৰ ডুবিত সংঘটিত সভ্য সমাজক লজ্জানত কৰা এক লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এগৰাকী পাষাণ হৃদয়ৰ পিতৃয়ে নিজৰ ১১ দিনীয়া পানীকেঁচুৱা এটিক হত্যা কৰি পুতি থোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ৰহস্যজনকভাৱে সমগ্ৰ বিষয়ত সাঙোৰ খাইছে এগৰাকী প্ৰসূতি বিভাগৰ চিকিৎসকৰ নাম৷  ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আজিৰ পৰা ১১ দিন পূৰ্বে পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত বজালীৰ ডুবি-মালিপাৰা গাঁৱৰ এগৰাকী প্ৰসূতিয়ে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দিগন্ত দেৱ চৌধুৰীৰ তত্ত্বাৱধানত এটি কন্যা সন্তান জন্ম দিয়ে৷ কিন্তু কালি সন্ধিয়ালৈকে সম্পূৰ্ণ সুস্থ হৈ থকা পানীকেঁচুৱাটি যোৱানিশা মৃত্যুমুখত পৰা বুলি গাঁৱৰ একাংশ লোকে আজি পুৱাৰ ভাগত গম পোৱাৰ পিছতে ঘটনাই অন্য ৰূপ লয়৷ উল্লেখ্য যে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে ডুবি গাঁৱৰ নিৰঞ্জন মালাকৰ নামৰ অতি দৰিদ্ৰ ব্যক্তিগৰাকীৰ পত্নী তথা দুটি পুত্ৰ সন্তানৰ মাতৃ কণমণি মালাকৰে তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাত পাঠশালাৰ চিকিৎসক ডাঃ দিগন্ত দেৱ চৌধুৰীৰ কাষ চাপে আৰু গৰ্ভপাত কৰাৰ বাবে অনুৰোধ জনায়৷ তেতিয়া চিকিৎসকগৰাকীয়ে এনেকুৱা সময়ত গৰ্ভপাত কৰোৱাটো সম্ভৱ নহব বুলি ব্যক্ত কৰি যদি তেওঁলোকে আহিবলগীয়া সন্তানটি প্ৰতিপালন কৰিব নোৱাৰে তেন্তে কোনোবা সন্তানহীন দম্পতীক প্ৰদান কৰি পুণ্য অৰ্জনৰ কথা ব্যক্ত কৰে৷ প্ৰসূতিগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি ইয়াৰ পিছতে চিকিৎসকগৰাকীৰ নিজৰ গাঁৱৰে ওচৰৰ গাঁও ৰায়পুৰৰ জনৈক চৌধুৰী উপাধিৰ এটি পৰিয়ালে সন্তানটি গ্ৰহণ কৰিব বুলি আলোচনা কৰা বুলি কয়৷ সেই আলোচনা মৰ্মে নিৰঞ্জন মালাকৰে চাৰি লাখ টকাৰ বিনিময়ত নিজৰ আহিবলগীয়া সন্তানটিক ৰায়পুৰৰ পৰিয়ালটিৰ ওচৰত বিক্ৰী কৰাৰ চুক্তি কৰি আগতীয়াকৈ ধন লয় বুলি প্ৰকাশ ৷ কিন্তু আজিৰ পৰা এঘাৰদিন পূৰ্বে যেতিয়া পাঠশালাৰ চিকিৎসালয়ত শিশুটিৰ জন্ম হয় তেতিয়া নৱজাতকটিৰ মোমায়েকে এই ক্ষেত্ৰত বিধি-পথালি দিয়ে আৰু নিজৰ নৱজাতক ভাগিনীয়েকক বিক্ৰী কৰাত বাধা আৰোপ কৰে৷ যাৰ ফলত নিৰঞ্জনৰ কন্যা সন্তানৰ বিনিময়ত ধন ঘটা পৰিকল্পনা বিফল হয়৷ ইয়াৰ পিছতে নিৰঞ্জনে নৱজাতকটিক তিনি বছৰ পৰ্যন্ত মোমায়েকক তুলি-তালি ডাঙৰ কৰিবলৈ দাবী জনায়৷ কিন্তু মোমায়েকে যদিও নৱজাতকটিক বিক্ৰী কৰিব নিদিলে, তেওঁ পানীকেঁচুৱাটিক প্ৰতিপালন কৰিব নোৱাৰাৰ কথা সদৰী কৰে৷ আনহাতে, ইতিমধ্যে ধন দিয়া পৰিয়ালটোৱেও নিৰঞ্জনক ধনখিনি ওভতাই দিয়াৰ বাবে তাগিদা দিবলৈ লয়৷ এই সমগ্ৰ ঘটনাৰ মাজতে যোৱানিশা সংঘটিত হয় গাৰ নোম শিয়ৰি উঠা ঘটনাটো৷ অভিযোগ অনুসৰি, নিৰঞ্জনে নিজ হাতে নিজৰ নৱজাতক কন্যাটিক হত্যা কৰে আৰু আজি পুৱা পেহীয়েকৰ ল’ৰা খগেন মালাকৰৰ লগত নিৰঞ্জনে এঘাৰদিনীয়া কন্যা সন্তানটিক বিষন্নলা জানৰ পাৰত পুতি থৈ আহে৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বজালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ঘাতক পিতৃ নিৰঞ্জনে পলায়ন কৰে৷ পিছত আৰক্ষীয়ে নিৰঞ্জনৰ এঘাৰ বছৰীয়া পুত্ৰ সন্তানটিৰ জৰিয়তে পানীকেঁচুৱাটিৰ মৃতদেহ পুতি থোৱা ঠাইৰ পৰা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ততালিকে নিৰঞ্জনৰ পত্নী তথা নৱজাতকটিৰ মাতৃ কণমণি মালাকৰ, নিৰঞ্জনৰ জ্যেষ্ঠ ভগ্নী প্ৰমীলা মালাকৰ আৰু পেহীয়েকৰ ল’ৰা খগেন মালাকৰক আটক কৰি পাঠশালা আৰক্ষী থানালৈ লৈ আহে৷ আনহাতে, সন্ধিয়াৰ ভাগত বজালী আৰক্ষীয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত পাষাণ হৃদয়ৰ পিতৃ নিৰঞ্জন মালাকৰক আটক কৰিবলৈ সক্ষম হয়৷ নিজৰে ঘৰৰ ভঁৰালত আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে ঘাতক পিতৃগৰাকীক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি আটকাধীন আটাইকেইজনকে বজালীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নি জেৰা অব্যাহত ৰখা হৈছে৷ আনহাতে, চিকিৎসকগৰাকীকো বজালী আৰক্ষীয়ে সোধা-পোছাৰ বাবে মাতি নিয়ে৷ ইপিনে, নিৰঞ্জনৰ খুলশালীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টভাৱে অভিযোগ উত্থাপন কৰি কয় যে নৱজাতক সন্তানটিক বিক্রী কৰিবলৈ নিদিয়াৰ বাবেই নিজ হাতে পানীকেঁচুৱাটিক হত্যা কৰিলে পাষাণ হৃদয়ৰ পিতৃগৰাকীয়ে৷ ইপিনে, সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীয়ে সন্তান বিক্ৰীৰ যো-জা চলোৱা ঘটনাৰ স’তে জড়িত নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে যেতিয়া সাতমহীয়া গৰ্ভৱতীগৰাকীয়ে গৰ্ভপাত কৰিব বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ এয়া সম্ভৱ নহয় বুলি কৈ দুমাহ পিছত কেঁচুৱাটিৰ জন্ম দি কোনোবা নিঃসন্তান মানুহক দান দি পুণ্য অৰ্জন কৰিবলৈ কোৱা কথাটো সত্য৷ কিন্তু দান কৰা বিষয়টো আইনগতভাৱেহে কৰিবলৈ তেওঁ দম্পতীটোক পৰামৰ্শ দিয়ে বুলি কয়৷ সম্প্ৰতি সমগ্ৰ বিষয়টোৱে বজালীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাইজে সমগ্ৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰক্ষীক নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ আহ্বান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like