নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভলক্ষ্মীক লকআপত গৰম পানী, গাড়ীত এ চি…  

নিয়মীয়া বাৰ্তা,  ১০ ছেপ্টেম্বৰ : উতলা গৰম পানীৰে বনকৰা আদিবাসী মহিলাক অকথ্য নিৰ্য্যাতন চলাই গ্ৰেপ্তাৰ হোৱা বহু বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই লকআপতো গৰম পানী বিচৰাক লৈ পুনৰ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ অৱশ্যে এইবাৰ কাৰোবাৰ গাত ঢালি নিৰ্য্যাতন চলাবলৈ নহয়, লকআপত থকা অহংকাৰী-অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই খাবলৈহে বিচাৰিছে গৰম পানী ৷ সহজ-সৰল আদিবাসী মহিলাক নিজৰ চৰকাৰী আৱাসত বনকৰাৰ বাবে আনি সুদীৰ্ঘ ছটা মাহে এটা টকাও দৰমহা নিদিয়াকৈ অকথ্য নিৰ্য্যাতন চলাই অৱশেষত মহিলাগৰাকীৰ এজাহাৰ-আদিবাসী সংগঠনসমুহৰ ধাৰাবাহিক প্ৰতিবাদত গ্ৰেপ্তাৰ হ’বলৈ বাধ্য কৰোৱা শুভলক্ষ্মী দত্তই গ্ৰেপ্তাৰৰ পিছতো এৰা নাই দম্ভালি ৷ কালি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰা নাজিৰা আৰক্ষী থানালৈ লৈ যোৱাৰ সময়ত কৰ্তব্যৰত মহিলা আৰক্ষীক গাড়ীৰ এ চি চলাবলৈ নিৰ্দেশ দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, নাজিৰা মহকুমা আদালতত হাজিৰ কৰি তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা শুভলক্ষ্মী দত্তই নিজৰ কুখ্যাতিৰ বাবেই আৰক্ষী থানাৰ লকআপত পাৰ কৰে প্ৰথমটো নিশা ৷ নিশা চবজিৰে দুখন শুকান ৰুটী খোৱা বিষয়াগৰাকীয়ে বাৰে বাৰে কৰ্তব্যৰত মহিলা আৰক্ষীক গৰম পানী বিচাৰে খাবলৈ ৷ আজি পুৱাও কেৱল লাল চাহ-বিস্কুটেৰে ব্ৰেকফাষ্ট কৰা শুভলক্ষ্মীয়ে অৱশ্যে পাহৰা নাই সাজসজ্জা কৰিবলৈ ৷ ইফালে, কালিৰে পৰা উচ্চপদস্থ আৰক্ষী বিষয়াৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱা অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই জেৰাত মুখ খোলাৰ পৰিৱৰ্তে নিত্য নতুন নাটকৰ অৱতাৰণা কৰিছে ৷ পাকে প্ৰকাৰে শাৰীৰিক অসুস্থতাৰ অভিনয় কৰি অহা শুভলক্ষ্মী দত্তই অতি পৰিকল্পিতভাৱে সংঘটিত কৰা ভয়ংকৰ-ঘৃণনীয় ঘটনাক এটা দুৰ্ঘটনা হিচাপেহে প্ৰতিষ্ঠা কৰিবৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তদন্তকাৰী আৰক্ষী বিষয়াৰ সকলো কৌশল ওফৰাই নিজৰ স্থিতিত অটল থকা শুভলক্ষ্মীয়ে সংঘটিত ঘটনা সন্দৰ্ভত মুখ নোখোলাৰ বাবেই এতিয়া তদন্তকাৰী আৰক্ষী বিষয়াও বিবুধিত পৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে আজি বিয়লিৰ ভাগত শুভলক্ষ্মী দত্তৰ জেৰা আৰু ভাষ্য সংগ্ৰহৰ বাবে আৰক্ষীৰ এটা ভিডিঅ’গ্ৰাফীৰ দলো নিয়োগ কৰা হৈছে ৷ আনহাতে, এনিশা শিৱসাগৰ সদৰ আৰক্ষী থানাৰ লকআপত পাৰ কৰা শুভলক্ষ্মী দত্তক আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ চৌহদত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰি একপ্ৰকাৰৰ অভেদ্য ছাউনীলৈ ৰূপান্তৰিত কৰি এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়াৰ ফটো-ভিডিঅ’ যাতে কোনো কাৰণতেই সংবাদ মাধ্যমে সংগ্ৰহ কৰিব নোৱাৰে, তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ যি সময়ত সাধাৰণ অপৰাধী- জাতীয় সংগঠনৰ প্ৰতিবাদী নেতাক হাতকেৰেয়া লগাই চোঁচৰাই গাড়ীত তুলি লোকচক্ষুৰ সন্মুখেদি আদালত-চিকিৎসালয়লৈ নিয়ে, সেই সময়ত কিন্তু এইগৰাকী নৃশংস আৰক্ষী বিষয়াক আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৰাজকীয় আতিথ্য প্ৰদান কৰাহে পৰিলক্ষিত হল ৷ আন নালাগে, শিৱসাগৰ সদৰ থানাৰ ইতিহাসত এগৰাকী অত্যাচাৰী আৰক্ষী বিষয়াৰ ছবি যাতে সংবাদ মাধ্যমে সংগ্ৰহ কৰিব নোৱাৰে, তাৰ বাবে সদৰ থানাৰ প্ৰকাণ্ড কাঠৰ দৰ্জাও সময়ে সময়ে বন্ধ কৰি দিয়া পৰিলক্ষিত হয় ৷ শুভলক্ষ্মীয়ে আত্মসমৰ্পণৰ পূৰ্বে নিশা কোন ব্যক্তিৰ ঘৰত অতিবাহিত কৰিছিল সেই ব্যক্তিগৰাকীক কিন্তু অদ্যপৰিমিত তদন্তৰ আওতালৈ অনা হোৱা নাই ৷ শুভলক্ষ্মী দত্তই ব্যৱহাৰ কৰা মোবাইল ফোন জব্দ নকৰা তথা নিৰ্য্যাতনৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰীসমুহ জব্দ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে আদালতত তদন্তকাৰী আৰক্ষীয়ে সঠিক সাক্ষ্য প্ৰমাণেৰে শুভলক্ষ্মীৰ বিৰুদ্ধে যে অভিযোগৰ দস্তাবেজ দাঙি ধৰিব পাৰিব, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে ৷ ইফালে, শুভলক্ষ্মীক সুৰক্ষা দিবলৈ গৈ চিকিৎসালয়ৰ পৰা টিপ চহীৰে নিজৰ জিম্মাত লৈ ডিব্ৰুগড়লৈ নিয়া সন্দেহজনক প্ৰকাশ দুৱৰী কোন, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷ কিয় শিৱসাগৰ আৰক্ষীয়ে এই ভয়ংকৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা প্ৰকাশ দুৱৰীক তদন্তৰ খাতিৰত নিজৰ জিম্মাত লোৱা নাই, তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্মৰ্তব্য যে ৪ ছেপ্টেম্বৰত গুৱাহাটীৰ পাৰ্লে এপাৰ্টমেন্টৰ পৰা আৰক্ষীৰ বেহু ভেদি পলায়ন কৰাৰ আগে-পিছে কোন প্ৰভাৱশালী ব্যক্তিৰ সৈতে শুভলক্ষ্মীয়ে মুঠ এশবাৰ মোবাইল ফোনত যোগাযোগ কৰিছিল, তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে ৷ যিগৰাকী ব্যক্তিৰ মালিকানাধীন এপাৰ্টমেন্টত শুভলক্ষ্মীয়ে প্ৰায় সাতটা দিন আত্মগোপন কৰিছিল, সেইগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আৰক্ষীয়ে ননাৰ ঘটনাই তদন্ত কিমান স্বচ্চ হ’ব, তাক লৈও সন্দেহৰ সৃষ্টি হৈছে ৷ মঙলবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিবলগীয়া শুভলক্ষ্মী দত্তক সেইদিনাই আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিম্মাত বিচাৰিব নে জেললৈ যাব, সেয়াহে লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হ’ব ৷ অৱশ্যে এক সূত্ৰই কাইলৈৰ ভিতৰত নতুন নাটক ৰচনাৰে শুভলক্ষ্মীয়ে প্ৰভাৱশালী চক্ৰটোৰ সহযোগত যিকোনো প্ৰকাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ চেষ্টা চলাব বুলিহে সৰৱ চৰ্চা আৰম্ভ হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like