নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ষ্টেডিয়াম প্ৰদৰ্শন কৰি অভিভূত দৌৰকন্যা হিমা দাস

বিশেষ বাৰ্তা, ২৭ আগষ্ট : মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে অসম গৌৰৱ হিমা দাস আজি শুৱালকুছিৰ নিৰ্মানৰত ষ্টেডিয়াম প্ৰদৰ্শনৰ বাবে উপস্হিত হয় শুৱালকুছিত। বিয়লি ৩-৩০ বজাত শুৱালকুছি লক্ষ্মীনাথ নগৰত নিৰ্মান হৈ থকা অসমৰ দ্বিতীয় খন চিনথেটিক ষ্টেডিয়াম দেখি অভিভূত হৈ পৰে। প্ৰায় ৮০ শতাংশ নিৰ্মাণ হোৱা ষ্টেডিয়ামখন ছমাহ পিচত সম্পূৰ্ণ ৰূপে হস্তান্তৰ কৰাৰ সম্ভাৱনা বুলি কনষ্টাকশ্বন গোষ্ঠীয়ে হিমা দাসক জনায়। গ্ৰাম্যঞ্চলৰ খেলুৱৈসকলৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এনে এখন উচ্চ পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মান কৰা দেখি গৌৰৱবোধ কৰে আৰু দৌৰবিদ গৰাকীয়ে অসমলৈ আহিলে শুৱালকুছিৰ ষ্টেডিয়ামত অনুশীলন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ স্টেডিয়াৰ সকলো নিৰ্মাণ কাৰ্য আৰু ক’ত কি ইভেণ্টৰ বাবে খেল পথাৰখন ঠাই নিৰ্ণয় কৰিছে সেইবোৰো প্ৰত্যক্ষ কৰে৷ এনে উচ্চমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলপথাৰ এখন গ্ৰামাঞ্চলত নিৰ্মাণ কৰাত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক ভূয়সী প্ৰশংসা কৰে৷ শুৱালকুছিবাসীও সৌভাগ্যবান বুলি দোহাৰি ইয়াত এটা সুন্দৰ খেলৰ পৰিবেশ থকা বুলি অভিমত ব্যক্ত কৰে৷ পিচত শুৱালকুছিৰ বালিচৰৰ মাধৱ ক্ষেত্ৰত ষ্পোৰ্টচ একাডেমী অব শুৱালকুছিৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময়ত অংশ লয়। সকলো দিশতে গ্ৰাম্যাঞ্চলৰ পৰাই অধিক সম্ভাৱনাই সাফল্যৰ মাপকাঠী নিৰ্মাণ কৰে। খেলৰ ক্ষেত্ৰতো শুৱালকুছিৰ পৰাই পুনৰ বহুজন হিমা দাসৰ সৃষ্টি হৈ অসমৰ নাম ক্ৰীড়াৰ ক্ষেত্ৰত উজ্বলাব লাগিব বুলি ছাত্ৰ ছাত্ৰী সকলক হিমা দাসে কয়।মতবিনময়ৰ পূৰ্বে এথেলেটিকগৰাকীক ষ্পোৰ্টচ একাডেমী, ভাটিপাৰা একাদশ ভাষ্কৰ্য শিল্পী প্ৰকাশ বায়ন শুৱালকুছি ক্ৰীড়া সন্হা আৰু ব্যবসায়ী খনিন দাসে সম্বৰ্ধনা জনায়।

প্ৰেৰক দিলীপ মেধি

You might also like