নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্ত কালি আৰক্ষীৰ জালত পৰাৰ পাছতে বহু বিস্ফোৰক তথ্য সদৰী কৰিছে চি আই ডিৰ মাৰাথন জেৰাত৷ এছ আই কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অতুল নাথ নামৰ এ পি আই আৰ বি এনৰ জোৱান এজনক লখিমপুৰৰ পৰা গ্রেপ্তাৰ কৰে৷ তদুপৰি কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শক পি কে দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ জাপৰিগোগৰ পৰা সুৰজ শর্মা নামৰ এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত অভিযুক্তজনৰ টি এন–১৯ কিউ–৪৬৪৬ নম্বৰৰ এখন বিলাসী ৰেঞ্জ ৰ’ভাৰ গাড়ী জব্দ কৰে চি আই ডিয়ে৷ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে উক্ত কেলেংকাৰিত জড়িত আন এজন অভিযুক্ত তথা বঙাইগাঁৱৰ ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকাৰ চহৰখনৰ মাজমজিয়াত থকা অক্ষয় টেলিকমিউনিকেচন নামৰ প্রতিষ্ঠানখন বুধবাৰে বঙাইগাঁও আৰক্ষীয়ে ছীল কৰি দিয়ে৷ বর্তমান চি আই ডিৰ জিম্মাত থকা দুর্নীতিৰ সদাগৰ পি কে দত্তক কেলেংকাৰি সংক্রান্তত তদন্তকাৰী বিষয়াই জেৰা অব্যাহত ৰাখিছে৷
উল্লেখ্য যে এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ তথ্য ফাদিল হোৱাৰ পাছতে পি কে দত্তই পুত্র ঈশান দত্তৰ সৈতে নেপাললৈ পলায়ন কৰিছিল৷ দেশখনত থকা জোঁৱায়েক সুজন জংগল মহাৰাজনৰ ঘৰত দত্তই পুত্রৰ সৈতে আত্মগোপন কৰি আছিল৷ নেপালত পলাতক হৈ থকা পি কে দত্তই অসম আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিবলৈ প্রস্তুত হোৱা বুলি চর্চা চলি থকাৰ মাজতে কালি দেশখনৰ সীমান্ত অঞ্চলৰ কাকৰভিঠাৰ পানীটেংকীত সীমান্ত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত পুত্র–জোঁৱায়েকৰ সৈতে আটক হৈছিল দত্ত৷ পলাতক পি কে দত্ত সন্দর্ভত অসম আৰক্ষীয়ে জাৰি কৰা লুক আউট ন’টিচ আৰু নেপালৰ সীমান্ত আৰক্ষীলৈ ইতিমধ্যে দত্তৰ ফটো প্রেৰণ কৰিছিল৷ নিয়মীয়া তালাচীৰ সময়ত সোধা–পোছা কৰাত দত্তই অসম অভিমুখে আহি থকা আৰু গুৱাহাটীৰ বাসিন্দা বুলি নিজৰ পৰিচয় দিয়াত ফটো চাই দত্তক সীমান্ত আৰক্ষীয়ে আটক কৰি ইমিগ্রেচন চেণ্টাৰলৈ লৈ যায় আৰু নেপালৰ সীমান্ত আৰক্ষীয়ে পশ্চিমবংগৰ দার্জিলিং জিলাৰ শিলিগুৰি আৰক্ষীক পি কে দত্তৰ বিষয়ে সবিশেষ জনায়৷ লগে লগে শিলিগুৰি আৰক্ষীৰ এটা দল পানীটেংকীত উপস্থিত হৈ দত্তসহ পুত্র আৰু জোঁৱায়েকক চমজি লয়৷ ইয়াৰ পাছতে শিলিগুৰি আৰক্ষীয়ে অসম আৰক্ষীৰ লগত যোগাযোগ কৰি পি কে দত্তক আটক কৰি ৰখা বুলি খবৰ দিয়ে৷ অসম অভিমুখে আহি থকা দত্তক শিলিগুৰি আৰক্ষীয়ে আটক কৰি ৰখা বুলি খবৰ পোৱাৰ পাছতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙৰ নির্দেশত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ নেতৃত্বত এটা আৰক্ষীৰ দল শিলিগুৰিলৈ গৈ নিশাই অসমলৈ লৈ আহে৷ জি পি সিঙে নিশা চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা পি কে দত্তক চমজি লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় আৰু পুৱতিনিশা প্রায় ৩.৩০ বজাত আৰক্ষীৰ দলটো আহি মহানগৰীৰ উলুবাৰীস্থিত চি আই ডিৰ কার্যালয়ত উপস্থিত হয়৷
অসম আৰক্ষীৰ এক সূত্রই জনোৱা মতে, নিশা গুৱাহাটীলৈ আহি থাকোঁতে আৰক্ষীৰ দলটোৱে গাড়ীত দত্তক এছ আই পদৰ নিযুক্তি কেলেংকাৰি সন্দর্ভত কেতবোৰ প্রশ্ণ কৰে৷ ইফালে বুধবাৰে পুৱতিনিশা উলুবাৰীৰ চি আই ডিৰ কার্যালয়ত হাজিৰ কৰোৱা পি কে দত্তক ক’ভিড–১৯ৰ প্রট’কল অনুসৰি মহানগৰীৰ এম এম চি এইচত ভর্তি কৰোৱা হয়৷ হাস্পতালত দত্তৰ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ ওলায়৷ পাছত আনুষংগিক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত দত্তক পুনৰ চি আই ডিৰ কার্যালয়লৈ লৈ যোৱা হয়৷ তাত কিছু সময় ৰখাৰ পাছত আবেলিৰ ভাগত দত্তক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হয়৷ চি আই ডিৰ তদন্তকাৰী বিষয়াই দত্তক ৭ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায়৷ আদালতে দত্তক ৬ দিনৰ চি আই ডি জিম্মালৈ প্রেৰণ কৰে৷ বর্তমান চি আই ডিয়ে উক্ত কেলেংকাৰি সন্দর্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিছে৷
ৰুবুল হাজৰিকা সুৰজ শর্মা এছ আই কেলেংকাৰিৰ মূল নায়কঃদত্ত
চি আই ডিৰ মাৰাথন জেৰাত মুখ খুলিছে এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ মূল নায়ক পি কে দত্তই৷ চি আই ডিৰ জেৰাত কেইবাজনো ব্যক্তিৰ নাম লৈছে বিতর্কিত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজনে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, চি আই ডিৰ তদন্তকাৰী বিষয়াৰ আগত পি কে দত্তই দিয়া স্বীকাৰোক্তি মতে এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মূল নায়ক হ’ল বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী ৰুবুল আলী ওৰফে ৰুবুল হাজৰিকা৷ এছ আই পদৰ আগতীয়া পৰীক্ষা পৰিচালনা কৰা মূল মানুহজন হৈছে বঙাইগাঁৱৰ ৰুবুল হাজৰিকা৷ আনহাতে, ৰুবুলৰ ঘনিষ্ঠ বন্ধু তথা মহানগৰীৰ জু–ৰোডৰ এটা কল চেণ্টাৰৰ গৰাকী সুৰজ শর্মা৷ এইজন সুৰজৰ বৰঝাৰ বিমানবন্দৰৰ ওচৰতো এটা কল চেণ্টাৰ আছিল৷ পি কে দত্তৰ মতে ৰুবুল আৰু সুৰজে মিলি এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰে জড়িত হৈ বহু চাকৰি প্রার্থীৰ পৰা কোটি কোটি টকা সংগ্রহ কৰিছে৷ পৰৱর্তী সময়ত সুৰজে এখন অসমীয়া ছবি নির্মাণত সহঃ প্রযোজক হিচাপে ধন বিনিয়োগ কৰে৷ বিগত ২০১৬ চনৰ পৰা থকা চিনাকি সূত্রে ৰুবুলে তিনি মাহমান পূর্বে দত্তৰ ঘৰত উপস্থিত হয় আৰু এছ আই পৰীক্ষাৰ প্রশ্ণকাকত হাতত থকা বুলি জনায়৷ লগতে এছ আই পদৰ পৰীক্ষাৰ আগতীয়া পৰীক্ষাৰ বাবে মহানগৰীৰ লখৰাস্থিত পি কে দত্ত মালিকানাধীন ভার্গৱ হোটেলখন বিচাৰে৷ ইয়াৰ বিনিময়ত ৰুবুলে দত্তক ১০জন প্রার্থী নিযুক্তি দিব পাৰিব আৰু নিযুক্তিৰ বাবদ ইচ্ছা অনুসৰি টকা প্রার্থীৰ পৰা ল’ব পাৰিব বুলি প্রস্তাৱ দিয়ে৷ প্রথম অৱস্থাত দত্ত সন্মত হোৱা নাছিল যদিও পাছত ধনৰ লোভত সন্মতি দিয়ে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, পি কে দত্তই ১০জন প্রার্থীৰ পৰা এছ আই পদৰ চাকৰিৰ বাবদ ধন লোৱাৰ কথা স্বীকাৰ কৰে৷ বাকী পৰীক্ষার্থীৰ ধন ৰুবুলে সংগ্রহ কৰে৷ ৰুবুলে সুৰজৰ লগত ৰঙা ৰঙৰ ৰেঞ্জ ৰ’ভাৰ গাড়ী এখন লৈ দত্তৰ ঘৰত সঘনাই উপস্থিত হৈ এছ আই পদৰ নিযুক্তিত বহুকেইজন ৰাজনৈতিক নেতা জড়িত থকা বুলি কৈছিল৷ লগতে ৰাজনৈতিক নেতাৰ আশীর্বাদত এছ আই পদৰ চাকৰি ধনৰ বিনিময়ত বিক্রী কৰিবলৈ সাহস কৰা বুলিও ৰুবুলে দত্তক কৈছিল৷ দত্তই চি আই ডিৰ আগত স্বীকাৰোক্তি দিয়া মতে পূর্বতেও ৰুবুলে বহু প্রার্থীক লাখ লাখ টকাৰ বিনিময়ত আৰক্ষীৰ চাকৰি দিছিল৷ প্রভাৱশালী দালাল ৰুবুল হাজৰিকাই এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক দত্তৰ ঘৰলৈ লৈ আহিছিল বুলিও দত্তই চি আই ডিৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱা আৰু পৰীক্ষা পতাৰ উপ–ঠিকা লাভ কৰা অন্যতম ব্যক্তি অক্ষয় টেলিকমিউনিচনৰ অন্যতম স্বত্বাধিকাৰ ৰুবুল হাজৰিকা আৰু কল চেণ্টাৰৰ মালিক সুৰজ শর্মা এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত বুলি পি কে দত্তই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ দত্তৰ মতে তেওঁ উক্ত কেলেংকাৰিৰ মূল নায়ক নহয়৷ মাত্র ১০জন প্রার্থীৰ বিনিময়ত দত্তই তেওঁৰ ভার্গৱ হোটেল এছ আই পদৰ পৰীক্ষাৰ প্রশিক্ষণ দিয়াৰ বাবে ৰুবুল বাহিনীক দিছিল৷ দত্তৰ এই স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে আজি ৰুবুল হাজৰিকাৰ অক্ষয় টেলিকমিউনিকেচন নামৰ প্রতিষ্ঠানটো ছীল কৰি দিয়ে৷ ইফালে সুৰজ শর্মাৰ টি এন–১৯ কিউ ৪৬৪৬ নম্বৰৰ ৰেঞ্জ ৰ’ভাৰ গাড়ীখন মহানগৰৰ জাপৰিগোগৰ পৰা চি আই ডিয়ে জব্দ কৰে৷ বর্তমান দুই দালাল ৰুবুল হাজৰিকা আৰু সুৰজ শর্মা পলাতক হৈ আছে৷