নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিন লোৱাসকলৰ পাৰ্শ্বক্ৰিয়া হৈছে নেকি? নলবাৰীত উপস্থিত হৈ জনালে স্বাস্থ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ কালি দেশৰ লগতে ৰাজ্যৰ ৬৫টা কেন্দ্ৰযোগে প্ৰদান কৰা হয় ক’ভিড ছিটা। মুঠ ৬৫০০ লোকে লোৱা ক’ভিড ছিটাৰ কোনো পাৰ্শ্বক্ৰিয়া হোৱা নাই বুলি আজি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি ঘ্ৰগ্ৰাপাৰৰ ওচৰত নিৰ্মিত মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ নলবাৰী ভ্ৰমণৰ কাৰ্যসূচীক লৈ কিছু দিশ পৰ্যবেক্ষণ কৰিবলৈ নলবাৰীত উপস্থিত হয় মন্ত্ৰী শৰ্মা।

বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই বাসগৃহত উপস্থিত হোৱাৰ পিছত শৰ্মাই সাংবাদিকে ক’ভিড ছিটাকৰণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত কয়- ‘এতিয়ালৈকে ৬৫০০ ভেকচিন লোৱা লোকৰ কোনো পাৰ্শ্বক্ৰিয়া ঘটা দেখিবলৈ পোৱা নাই। বিজ্ঞানীয়ে ছিটা লোৱাৰ পিছত কিছু বিষ হ’ব বুলি কৈছিল যদিও কালি প্ৰত্যক্ষ কৰিছিলোঁ ভেকচিন লোৱাসকলৰ সামান্যতমো বিষ হোৱা নাই। গতিকে ধাৰণা কৰিব পাৰি যে বিজ্ঞানীসকলে কোৱাতকৈও এই ভেকচিন বেছি সুৰক্ষিত।’

You might also like