নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰ হৈ থাকিবলৈ সদায়ে কুকুৰৰ মূত্র পান কৰে এইগৰাকী তৰুণীয়ে

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ বহু লোকে স্বাস্থ্য আৰু সৌন্দৰ্য বজাই ৰখাৰ বাবে বহু চেষ্টা কৰে। তেওঁলোকে বিভিন্ন সামগ্ৰীও ব্যৱহাৰ কৰে। ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা লকডাউনে স্বাস্থ্যৰ প্ৰতি সকলোৰে সচেতনতা বৃদ্ধি কৰিলে।

আপুনি সুন্দৰ হৈ থাকিবলৈ কি কি কৰিব পাৰে? আপুনি কিমান পৃথক উপায় ল’ব পাৰে? গোমূত্ৰ পান কৰাটো ভাৰতত নতুন কথা নহয়। কিন্তু আপুনি সৌন্দৰ্যৰ বাবে কুকুৰৰ প্ৰস্ৰাৱ পান কৰিব পাৰিব নে? আপুনি নোৱাৰিলেও আমেৰিকান লিনা নামৰ এইগৰাকী যুৱতীয়ে কিন্তু পাৰে। আৰু ইয়াক তেওঁ নিয়মীয়াকৈ পান কৰে।

আচৰিত যেন লাগিলেও এয়াই সত্য! চালৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ তেওঁৰ কুকুৰৰ প্ৰস্ৰাৱ অতিকৈ প্ৰিয়। যাৰ বাবে লিনাই প্ৰতিদিনেই কুকুৰৰ প্ৰস্ৰাৱ পান কৰি আহিছে। এই বাতৰি মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হয়। সংবাদ মাধ্যমৰে সৈতে হোৱা এক সাক্ষাৎকাৰত লিনায়ে কৈছিল যে বহুতে তেওঁৰ সুন্দৰ ৰূপ দেখি মুগ্ধ হৈ যায়। উজ্জ্বল চালৰ গোপন তথ্য জানিব বিচাৰে। কিন্তু যেতিয়া তেওঁৰ চালৰ এই বিশেষ ৰহস্যৰ বিষয়ে জানি উঠি সকলোৱে লগেলগে চিঞৰি উঠে।

You might also like