কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি
নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ১৫ লাখ টকা সহ সোণৰ আ-অলংকাৰ ৷
জানিব পৰা মতে পঞ্চায়তে প্ৰতিনিধি তথা গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ এনাম লস্কৰ ঘৰত বন্দুকধাৰী ২৫ জনীয়া এটা ডকাইতৰ দলে বন্দুক দেখুৱাই লুটি নিলে নগদ ১৫ লাখ টকা সহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ ৷ ডকাইতৰ দলটোৱে ঘৰৰ লোক সকলৰ উপৰত আক্ৰমণ চলোৱাৰ লগতে ঘৰৰ ভিতৰত শূন্য লৈ এ ৰাউণ্ড গুলি চালনা কৰে ৷ দুঃসাহসিক এই ডকাইতিৰ কাণ্ডে সমস্ত এলেকাত চাঞ্চল্য সৃষ্টি হৈছে ৷
ইপিনে ঘটনাৰ খৱৰ পাই নিশাই ঘটনাস্থলীত গৈ উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষ জগদীশ দাস ৷ পৰিস্থিতিৰ বুজ লৈ তেওঁ কয় যে এই সমস্ত ঘটনাৰ তদন্ত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ৷ শীঘ্ৰেই ডকাইতি কাণ্ডৰ লগত জড়িত সকলোক কৰায়ত্ত কৰা হব বুলি তেওঁ কয় ৷
কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ১৫ লাখ টকা সহ সোণৰ আ-অলংকাৰ ৷