নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰা হৈছে। বালিপৰা লখিমপুৰ পথৰ দাঁতি পূজা অনুষ্ঠিত কৰি অহা নৱজাগৰণ দুৰ্গা পূজা সমিতিৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ দুৰ্গা পূজা। নৱজাগৰণ শ্ৰীশ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত ২০ অক্টোবৰৰপৰা ২৪ অক্টোবৰলৈ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আয়োজন কৰিছে। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, ২০ অক্টোবৰত দুৰ্গোৎসৱৰ ষষ্ঠী উপলক্ষ্যে বেদীত দেৱী প্ৰতিষ্ঠা, ২১ অক্টোবৰত নৱপত্ৰিকাত প্ৰৱেশ স্থাপন, সপ্তমাদি কল্পাৰম্ভ আৰু সপ্তমী পূজা, ২২ অক্টোবৰত মহা অষ্টমী পূজা। আবেলি সময়ত সন্ধি পূজা, সন্ধ্যা আধুনিক নৃত্য প্ৰতিযোগিতা। ২৩ অক্টোবৰত মহানৱমী পূজা আৰু নিশা মূল সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰা হ’ব। ২৪ অক্টোবৰৰ দিনাখন দশমী পূজা আৰু প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। বিয়লি ৰাৱণ দাহ অনুষ্ঠান সম্পাদন কৰা হ’ব। এইবেলি পূজাৰ প্ৰতিমা দাতা অজয় সেন ডেকা। উল্লেখ্য যে বালিপৰা নগৰৰ মাজমজিয়াত চাৰিখনকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় যদিও কেৱল নৱজাগৰণ দুৰ্গা পূজা উদযাপন সমিতিয়েহে দশমীৰ দিনাখন বিশালকায় ৰাৱণ দাহৰ কাৰ্যসূচী বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। ৰাৱণ দাহ কাৰ্যসূচী চাবলৈ দশমীৰ দিনা বালিপৰা নগৰত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়। প্ৰতিবছৰৰ দৰে বালিপৰা নগৰৰ মাজমজিয়াত চাৰিখনকৈ দুৰ্গা পূজা সামৰি চাৰিদুৱাৰ-বালিপৰা অঞ্চলত মুঠ ৩৪খনকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে।
প্ৰেৰক প্ৰাঞ্জল বৰা