নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচি কেলেংকাৰি : আন দুই বিষয়ালৈ জাননী জাৰি এছআইটিৰ

🔹 আজি জেৰা কৰিব জয়ন্ত দলে-প্রিয়ংকা ডেকাক

🔹 ২৯ ডিচেম্বৰত হাজিৰ হ’ব লাগিব গীতার্থ বৰুৱা-হিতেশ মজুমদাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ডিচেম্বৰ : ধনৰ বিনিময়ত এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজপত্রিত বিষয়াৰ মর্যাদা লৈ থকা কেইবাজনো এচিএছ–এপিএছ বিষয়াক বিশেষ তদন্তকাৰী দল, চমুকৈ এছআইটিয়ে জেৰা চলাই পোহৰলৈ আনিছে কিদৰে সংঘটিত হৈছিল এপিএছচিৰ কেলেংকাৰি৷ এপিএছচিৰ মূল পৰীক্ষাত উত্তীর্ণ নোহোৱা কেইবাজনো ৰাজপত্রিত বিষয়াক ইতিমধ্যে এছআইটিয়ে গ্রেপ্তাৰো কৰিছে৷ এপিএছচিৰ কেলেংকাৰিক লৈ চলি থকা এনে তদন্তৰ মাজতে আজি জেৰাৰ বাবে তলব কৰা হৈছে জয়ন্ত দলে আৰু প্রিয়ংকা ডেকাক৷ দুয়োগৰাকী ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে এপিএছচিৰ মূল পৰীক্ষাত নম্বৰ বঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজি এছআইটিৰ জেৰাৰ সন্মুখীন হ’ব লাগিব এই দুয়োজন ৰাজপত্রিত বিষয়া৷ অভিযোগ অনুসৰি, জয়ন্ত দলেই এপিএছচিৰ মূল পৰীক্ষাত উত্তীর্ণই হোৱা নাছিল৷ বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগে চলোৱা প্রাৰম্ভিক তদন্তত জয়ন্ত দলে আৰু প্রিয়ংকা ডেকাৰ বিৰুদ্ধেও একাধিক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল৷ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্রতিবেদন অনুসৰি, জয়ন্ত দলেই ইংৰাজীত লাভ কৰিছিল ৭১ নম্বৰ৷ কিন্তু ৰাকেশ পাল বাহিনীয়ে এই নম্বৰ ১৭১লৈ বৃদ্ধি কৰিছিল৷ আনহাতে, সাধাৰণ অধ্যয়নত জয়ন্ত দলেই লাভ কৰিছিল ৭৭ নম্বৰ৷ এই নম্বৰো ১৭৭লৈ বৃদ্ধি কৰা হৈছিল৷ তেনেদৰে বুৰঞ্জীৰ প্রথম কাকতত জয়ন্ত দলেই লাভ কৰিছিল ৮৭ নম্বৰ৷ কিন্তু টেবুলেচন শ্বীটত এই নম্বৰ ১৫১লৈ বৃদ্ধি কৰা হৈছিল৷ একেদৰে ৰাজপত্রিত বিষয়া প্রিয়ংকা ডেকাৰো একেই দুৰৱস্থা৷ ৰাজপত্রিত এইগৰাকী বিষয়াই আইনৰ প্রথম কাকতত লাভ কৰিছিল ৯৪ নম্বৰ৷ সেই নম্বৰ বৃদ্ধি কৰি ১৪১ কৰা হৈছিল৷ আইনৰ দ্বিতীয় প্রশ্ণকাকতত প্রিয়ংকাই লাভ কৰিছিল মাত্র ৬২ নম্বৰ৷ এই নম্বৰ ১০২লৈ বৃদ্ধি কৰা হৈছিল৷ সমাজতত্ত্বৰ প্রথম কাকতত লাভ কৰা ৯৩ নম্বৰৰ ঠাইত ১২৩ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল৷ এনেদৰে নম্বৰ বৃদ্ধি কৰি এপিএছচিৰ মূল পৰীক্ষাত উত্তীর্ণ কৰোৱা ৰাজপত্রিত বিষয়া দুগৰাকীৰ বিৰুদ্ধে এছআইটিয়ে লাভ কৰিছে অনেক বিসংগতিৰ অভিযোগ৷ ইফালে, ২৯ ডিচেম্বৰত আন দুজন ৰাজপত্রিত বিষয়ালৈ এছআইটিয়ে জাননী প্রেৰণ কৰিছে৷ এই দুজন হ’ল নিয়োগ বিষয়া গীতার্থ বৰুৱা আৰু এচিএছ হিতেশ মজুমদাৰ৷ এপিএছচিৰ মূল পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে যথেষ্ট অনিয়মৰ আশ্রয় লোৱাৰ অভিযোগ উত্থাপন হৈছে এই দুজন বিষয়াৰ বিৰুদ্ধে৷ ২৯ ডিচেম্বৰত গীতার্থ বৰুৱা আৰু হিতেশ মজুমদাৰে এছআইটিৰ প্রশ্ণৰ সন্মুখীন হ’ব লাগিব৷

 

You might also like