নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাবিদ ড০ ৰণজিৎ ডেকালৈ শিক্ষাৰত্ন বঁটা

নিয়মীয়া বাৰ্তা,  ২৬ ডিচেম্বৰ : বজালীৰ বিশিষ্ট শিক্ষাবিদ, পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকাক প্ৰদান কৰা হয় শিক্ষাৰত্ন-২০২৩ বঁটা৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ২২সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঞ্চৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পাঠশালা হৰিমন্দিৰৰ নাট্যমন্দিৰত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচীৰ কালি বিয়লি ৰতন দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা, মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত ড০ ডেকাক এই বঁটা প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে অনুষ্ঠানটোৱে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিক বিভিন্ন বঁটা প্ৰদান কৰি অহাৰ সমান্তৰালকৈ অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকাক ২০২৩ বৰ্ষৰ শিক্ষাৰত্ন বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰি শিক্ষাবিদগৰাকীয়ে এই বঁটাই অনাগত সময়ত আৰু অধিক দায়িত্ব বঢ়ালে বুলি অৱগত কৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কৰ্মকৰ্তাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত যুৱ মঞ্চৰ কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ নেতাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰো উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like