নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু সংগঠনৰ কৰ্মীয়ে হাতত তুলি ললে সংগ্ৰামী সেনা অসমৰ পতাকা

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : প্ৰতিষ্ঠা কালৰে পৰা মাত্ৰ চাৰে পাঁচটা বছৰৰ ভিতৰতেই জাতীয় স্বাৰ্থত আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰখা সংগ্ৰামী সেনা অসমৰ প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাতীয়তাবাদী ভাৱাপন্ন যুৱকসকলে আকৃৰ্ষ্ট হৈ উঠিছে ৷ বিগত সময় চোৱাত জাতীটোৱে সন্মুখীন হোৱা প্ৰতিটো দুৰ্য্যোগৰ সময়ত সাহসেৰে সন্মুখৰ পৰা গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি শিৱসাগৰত এক বৃহত যোগদান কাৰ্য্যসূচী অনুস্থিত হয়৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ড, সম্পাদক লুইচ হাজৰিকা আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি চফৰ আলি, উপ সভাপতি হৰেণ গগৈৰ উপস্থিতিত আয়োজিত যোগদান কাৰ্য্যসূচীত ৰিতু নাথ, ৰফিকুল হুছেইনৰ নেতৃত্বত বহু সংখ্যক যুৱকে সংগ্ৰামী সেনা অসমত যোগদান কৰে৷ যোগদান কাৰ্য্যসূচীত উপস্থিত থকা সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ডে কয় যে, অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰি যোৱাটোৱেই সংগ্ৰামী সেনা অসমৰ মূল লক্ষ্য আৰু উদেশ্যে ৷ অসমীয়া জাতীয় সত্বাটোলৈ ভাবুকি সৃষ্টি কৰা অপ-শক্তি সমুহৰ বিৰুদ্ধে শক্তিশালী ৰূপত সংগ্ৰামী সেনাই সংগ্ৰাম চলাই যাব ৷অসমত শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা, স্মাৰ্ট মিটাৰ বন্ধ কৰা, অ এন জি চিক ব্যক্তিগত কৰণৰ বাবে চলাই অহা অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ উৎখাত কৰি নৱৰত্ন উদ্যোগটোৰ ভৱিষ্যত সুৰক্ষাৰ বাবে সংগ্ৰামী সেনা অসমক কাম কৰি যাবলৈ আহব্বান জনাই ৷ আনহাতে যোগদান কাৰ্য্যসূচীত প্ৰতি গৰাকী সংগ্ৰামী সতীৰ্থক একোখনকৈ গামোছাৰে উস্ম আদৰণী জনাই জিলা সভাপতি তথা দীঘলীয়া সময় আন্দোলনেৰে পৰিপুষ্ট চফৰ আলিয়ে কয় যে বৰ্তমান সময়ত সকলো দিশৰে পৰা অসমীয়া জাতীটো গভীৰ সংকটৰ দিশেৰে আগুৱাই গৈছে ৷থলগিৰি খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্ব বহু পৰিমাণে বিপন্ন হবলৈ ধৰিছে ৷সেইয়ে এই সময়ত সকলো জাতী-জনগোষ্ঠীয়ে একত্ৰিত ভাৱে হাতে হাত ধৰি ন্যাৰ্য্য প্ৰাপ্তিৰ সংগ্ৰাম খন অধিক ত্বৰাম্বিত কৰিবলৈ আহব্বান জনায় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like