নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ লাখ টকাৰ সন্দেহজনক ব্ৰাউন ছুগাৰসহ আটক ৬ দুৰ্ধৰ্ষ চোৰ

🔹 লামডিং ষ্টেচনত চি আই বি-ৰে’লৱে আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : লামডিং ৰে’লৱে ষ্টেচনত ৰে’লৱে  সুৰক্ষা বাহিনী, ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ দল চি আই বি(CIB)ৰ যৌথ অভিযান । চলন্ত ৰে’লত যাত্ৰীসকলৰ ম’বাইল ফোন, টকা, বেগ আদি মূল্যৱান সামগ্ৰী চুৰি কৰা এটাৰ পিছত এটা চোৰ চক্ৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ জালত পৰিছে ৷ বৃহস্পতিবাৰে নিশা লামডিং ৰে’ল ষ্টেচনৰ পৰা ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই দুৰ্ধৰ্ষ চোৰৰ এটা গেঙক আটক কৰিবলৈ সক্ষম হয় ৷ ৰে’লৱে ষ্টেচনৰ পৰা চোৰ চক্ৰটোৰ ৬ জনীয়া দলটোক আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, চোৰ চক্ৰটোৰ পৰা ৬টাকৈ ম’বাইল ফোন, নগদ ধন ১০,৭২৫ টকা আৰু প্ৰায় ৯ লাখ টকাৰ ৪৫.৪৫ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰে ৷ আটকাধীন ৬জন ক্ৰমে হোজাইৰ ৰফিক উদ্দিন, আজিজুল হক, আব্দুল ৱাহিদ, আনোৱাৰ হুছেইন, ৰাজীৱ হুছেইন আৰু নগাঁৱৰ তথা এই গেংটোৰ মাষ্টাৰ মাইণ্ড মহিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ৪ দিন পূৰ্বেও ৰে’লত সন্ত্ৰাস চলোৱা ৯ জনীয়া চোৰৰ দল এটাক আটক কৰিছিল ৰে’লৱে আৰক্ষী আৰু CIBৰ দলে। সম্প্ৰতি আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷
প্ৰেৰক বিণ্টু ৰঞ্জন কেওট
You might also like