নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া ৰেংকিঙত ২ নম্বৰলৈ উন্নীত ভাৰত

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰাৰ সুবাদতে এদিনীয়া ৰেংকিঙত নিজৰ স্থান উন্নীত কৰিলে ভাৰতে৷ শ্রীলংকাৰ বিৰুদ্ধে পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বিদায় লোৱাৰ পিছত ক্রম তালিকাত অৱনমিত হয় পাকিস্তান৷ এক নম্বৰৰ পৰা দলটো তিনি নম্বৰলৈ অৱনমিত হয়৷ অহা মাহত আৰম্ভ হ’ব বিশ্বকাপ ক্রিকেট৷ ইয়াৰ পূর্বে এছিয়া কাপেই অন্তিমখন বৃহৎ প্রতিযোগিতা৷ মেগা ইভেণ্টৰ পূর্বে অৱশ্যে অষ্ট্রেলিয়াৰ সৈতে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব ভাৰতীয় দলে৷ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত–অষ্ট্রেলিয়া এদিনীয়া শৃংখলা৷ ইপিনে, দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ক্রমাগতভাৱে জয়লাভ কৰাৰ ফলত অষ্ট্রেলিয়াই লাভ কৰিছে এক নম্বৰ স্থান৷ অৱশ্যে দ্বিতীয় স্থানৰ পৰা এক নম্বৰলৈ উন্নীত হ’ব পাৰে ভাৰত৷ কাৰণ অষ্ট্রেলিয়াই তৃতীয়খন এদিনীয়াত ১১১ ৰানত পৰাস্ত হৈছে৷ দক্ষিণ আফ্রিকাৰ বিপক্ষে শৃংখলাটোৰ এতিয়াও দুখন মেচ বাকী আছে৷ ইপিনে, দেওবাৰে এছিয়া কাপত ফাইনেল খেলিব ভাৰতে৷ এই মেচখনত ৰেংকিঙৰ ৭ নম্বৰত থকা শ্রীলংকাক পৰাস্ত কৰিব পাৰিলে ভাৰত সুবিধাজনক স্থিতিত থাকিব৷ সদ্যপ্রকাশিত ৰেংকিঙত চতুর্থ স্থানত আছে ইংলেণ্ড৷ ৬ আৰু ৭ নম্বৰত আছে ক্রমে নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা৷

You might also like