নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা কাৰাগাৰত কয়দীৰ মাজত দক্ষতা বিকাশৰ প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ১৮ মে’ : কালি ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ওদালগুৰিৰ জিলা কাৰাগাৰত থকা বন্দীসকলৰ কাৰণে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ এটাৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ওদালগুৰিৰ জিলা ও সত্ৰ ন্যায়াধীশ নগেন সেনাবায়া দেউৰীয়ে শিবিৰটো মুকলি কৰি তেওঁৰ উদ্ধোধনী ভাষন আগবঢ়ায়। তেওঁ কয় যে কোনো ন্যায়ধীশে কাকো বেয়া পাই শাস্তি প্ৰদান নকৰে, তেওঁ মাত্ৰ আইনৰ অধীনত নিয়ম অনুসৰি কাৰাগাৰত যাবলৈ সিদ্ধান্ত দিয়ে। হ’লেও তেওঁলোকে বন্দী সকলৰ ভৱিষ্যতক লৈ সদা সতৰ্ক, সেয়েহে জেলৰ পৰা ওলোৱাৰ পাছত স্বাভাৱিক জীৱন নিৰ্বাহ কৰাক লৈ সদায়ে চিন্তিত হৈ থাকে। সেই উদ্দেশ্যে আগত ৰাখিয়েই তেওঁলোকৰ ভৱিষ্যত জীৱনত সহায়ক হোৱাৰ কাৰণে এই দুদিনীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণটোৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছতেই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সবিতা ভৰদ্বাজে উপস্থিত বন্দী সকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভালকৈ প্ৰশিক্ষণটো গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বন্দী সকলৰ কাৰণে সময়ে সময়ে বিভিন্ন ধৰণৰ উদ্গনি মুলক অনুষ্ঠান অনুষ্ঠিত হৈ থাকে আৰু এই যাত্ৰা আগলৈকো চলি থাকিব। লগতে তেওঁ প্ৰশিক্ষণত সহায় কৰা ওজা পলট্ৰী আৰু এম আৰ এছ ডি এন জি ওক ধন্যবাদ জ্ঞাপন কৰে। ডি এল এচ এৰ পেনেল অধিবক্তা ৰামেশ্বৰ দাস আৰু মহেন্দ্ৰ প্ৰসাদ ৰাভাই এই প্ৰশিক্ষণ শিকাৰ পাছত ভৱিষ্যত জীৱনত কেনেকৈ কাৰ্যকৰী কৰিব পাৰে তাৰ ওপৰত সজাগতা বৃদ্ধি কৰে। ইয়াৰ পাছতেই হৰিশিঙাৰ আগশাৰীৰ প্ৰতিষ্ঠান ওজা পলট্ৰী ফাৰ্মৰ মুৰব্বী কুলডীপ ওজাৰ লগতে সহযোগী ধৰনী কলিতা, কৌশিক চহৰীয়াকে ধৰি বিশেষজ্ঞ দল এটাই কুকুৰা পালনৰ ওপৰত বিস্তাৰিতভাৱে প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকক ভৱিষ্যতে এই ফাৰ্ম গঢ়ি তোলাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি জনায়। ইয়াৰ পাছতেই প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হয় আৰু দ্বিতীয় দিনা এম আৰ এছ এছ ডি এন জিৰ সহযোগত ইলেক্ট্ৰিচিয়ানৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি অধ্যক্ষ ড° মিলন দাসে জনায়। এই  অনুষ্ঠানটোত ওদালগুৰি জিলা কাৰাগাৰৰ অধীক্ষক মনোজ খাখলাৰীৰ লগতে ডি এল এচ এৰ অধিবক্তা ক্ৰমে নিউথন সোনা দৈমাৰী, দূৰ্গা মায়া চুব্বা, প্ৰাঞ্জল বড়ো, উৎপল মাহাটো উপস্থিত থাকে। অনুষ্ঠানটো পৰিচালনা কৰে পি এল ভি উপেন বড়ো আৰু অনুষ্ঠানটো আয়োজন কৰাত বিশেষ ভাৱে সহযোগিতা কৰে পি এল ভি অপু দাস আৰু যোছেফ চৰেনে।
প্ৰেৰক বাপন শৰ্মা
You might also like