নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ

🔹 উভালিল গছ-গছনি, চূৰ্ণ-বিচূৰ্ণ ট্ৰেঞ্চফৰ্মাৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ। যোৱানিশা অহা এজাক প্ৰচণ্ড ধুমুহাৰ পিছৰ পৰাই ধুবুৰী চহৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। প্ৰচণ্ড বতাহত ধুবুৰী চহৰৰ কেইবাটাও অঞ্চলত গছ বাগৰি পৰে। ইয়াৰ মাজতে চহৰখনৰ ১নং ৱাৰ্ডস্থিত জিলা গ্ৰন্থাগাৰৰ সমীপৰ এডাল গছ বাগৰি বিদ্যুৎ বিভাগৰ এটা খুঁটাত পৰাত সেই খুঁটাটোৰ সৈতে সংলগ্ন এটা ট্ৰেঞ্চফৰ্মাৰ মাটিত পৰি যায়। ইপিনে নিশাৰ পৰা এই বাতৰি যুগুতোৱালৈকে চহৰখনৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ আছে। ফলত কাৰেন্ট নথকাৰ বাবে বহুতেই নিজৰ গৃহৰ পানীৰ পাম্প চলাব পৰা নাই। ইপিনে, বিদ্যুৎ যোগান ব্যাহত থকা বাবে ধুবুৰী পৌৰসভাকে ধৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ আৰবান ৱাটাৰেও এতিয়ালৈ পানী যোগান ধৰিব পৰা নাই। ফলত দেওবাৰে আজিৰ বন্ধৰ দিনটোতে পানীৰ অভাৱত হাৰাশাস্তি ভুগিবলগীয়া হৈছে ধুবুৰী চহৰৰ বহুতে।

You might also like