নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সময়তে সোণাপুৰত তীব্রগতিত চলিছে টোলগেটৰ নির্মাণকাৰ্য

নিয়মীয়া বাৰ্তা, ৬ মে’ : মহানগৰীৰ নিকটৱর্তী সোণাপুৰৰ নাজিৰাখাট অঞ্চলৰ ৩৭ নং ৰাষ্ট্রীয় পথত লকডাউনৰ সময়তে তীব্রগতিত চলিছে টোলগেটৰ নির্মাণ কার্য৷ বিজ্ঞানসন্মতভাৱে ৰাষ্ট্রীয় পথটো নির্মাণৰ কাম সম্পূর্ণ নোহোৱাকৈ সোণাপুৰ অঞ্চলত কোনো কাৰণতে এই টোলগেট স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি কেইবাটাও দল–সংগঠনে তীব্র প্রতিবাদ কৰিছিল যদিও দল–সংগঠনৰ প্রতিবাদক কেৰেপ নকৰি তীব্রগতিত চলাইছে নির্মাণকার্য৷

জানিব পৰা মতে, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ৰাজহ সংগ্রহ কৰাৰ বাবে ৩৭নং ৰাষ্ট্রীয় পথৰ সোণাপুৰৰ নাজিৰাখাট অঞ্চলত চলাইছে এই টোলগেটৰ নির্মাণকার্য৷ নাজিৰাখাট যোগদল অঞ্চলটো এটা জনবসতিপূর্ণ অঞ্চল৷ এই অঞ্চলত স্থানীয় ৰাইজৰ বহু ব্যৱসায়–প্রতিষ্ঠান আছে৷ টোলগেট স্থাপনৰ নিচেই কাষতে কেইবাটাও শিক্ষা প্রতিষ্ঠানৰ লগতে চিকিৎসা প্রতিষ্ঠান আৰু সামৰিক ঘাটি আছে, যাৰ বাবে টোলগেট স্থাপনৰ ফলত সৃষ্টি হোৱা যান–জঁটে স্বাস্থ্য, শিক্ষা আৰু জৰুৰীকালীন সেৱাসমূহৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব৷

এনে সমস্যা আৰু অসুবিধাসমূহৰ বাবে কোনো কাৰণতে সেই স্থানত টোলগেট স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি স্থানীয় কেইবাটাও দল–সংগঠনে ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ তদুপৰি খানাপাৰাৰ পৰা টোপাতলীলৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ শোচনীয় অৱস্থা, পথৰ কেঁকুৰিসমূহ বিজ্ঞানসন্মত নহয়, পথ সুৰক্ষাৰ ক্ষেত্রতো কোনো সু–ব্যৱস্থা নাই৷ তেনে ক্ষেত্রত এনে সমস্যাসমূহ সমাধান নকৰা পর্যন্ত কোনো কাৰণতে টোলগেট স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি দাবী জনাইছিল৷ দেশৰ লকডাউনৰ সময়তে নির্মাণ প্রতিষ্ঠানটোৱে নির্মাণৰ কাম তীব্রগতিত চলোৱা কার্যক গৰিহণা দিছে স্থানীয় লোকে৷

You might also like