নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি যুৱ–ছাত্রৰ বাইক ৰেলী, সোণাপুৰত আছুৰ ঘাইপথ অৱৰোধ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা) আৰু পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনা (ই আই এ) বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ সংগঠনটোৰ প্রতিখন জিলা সমিতিয়ে বাইক ৰেলী উলিয়াই উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এই সন্দর্ভত পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু পলাশ চাংমায়ে কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ অধিসূচনা জাৰি কৰা দিনৰে পৰা বিধেয়কখন আইনলৈ গৃহীত কৰালৈকে অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰি আহিছে৷ কিন্তু অসমৰ সকলো সমস্যাৰ প্রতি উদাসীন, অসমীয়া ৰাইজৰ আৱেগ–নুভূতিৰ কোনো মূল্য নিদিয়া কেন্দ্রীয় চৰকাৰে অসমৰ ৰাইজৰ মতামতক উপেক্ষা কৰি এই আইনখন জাপি দিয়ে৷ যদিও ই এখন সর্বভাৰতীয় আইন, তৎসত্ত্বেও কিন্তু আইনখনৰ দ্বাৰা দেশৰ ভিতৰতে অসম আটাইতকৈ ক্ষতিগ্রস্ত হৈছে আৰু অনাগত সময়ত ইয়াৰ ভয়ংকৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ নাগৰিকত্ব সংশোধনী আইন অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাই আৰু প্রতিজন জাতিপ্রেমী অসমীয়াই ইয়াৰ বিৰোধিতা কৰে৷ পৰিষদেও এই আইন বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে আৰু ইয়াক বাতিল নকৰা পর্যন্ত আন্দোলন অব্যাহত ৰাখিব৷ সমান্তৰালভাৱে পৰিষদে এই জাতিধ্বংসী ক’লা আইন বাতিলৰ বাবে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত আইনী যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে, কেন্দ্রীয় চৰকাৰে দেশৰ জনসাধাৰণৰ স্বার্থবিৰোধী এখনৰ পিছত আনখন আইন প্রণয়ন কৰি গৈছে৷ শেহতীয়াভাৱে জনস্বার্থবিৰোধী ‘ই আই এ’খনেই তাৰ অন্যতম উদাহৰণ৷ কেন্দ্রীয় চৰকাৰে দেশৰ জনসাধাৰণৰ মতৰ বিপক্ষে গৈ কেৱল বৃহৎ পুঁজিপতি আৰু কর্প’ৰেট গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে এনে নীতি গ্রহণ কৰিছে৷ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে পুনৰ কয় যে ‘কা’ বাতিল নোহোৱা পর্যন্ত ধাৰাবাহিক আন্দোলন তীব্রৰ পৰা তীব্রতৰ হ’ব৷ পৰিষদে কোনোদিনেই ‘কা’ আৰু ‘ই আই এ’ মানি নলয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷
সোণাপুৰত ৰাষ্ট্রীয় পথ অৱৰোধ ডিমৰীয়া আছুৰ
নাগৰিকত্ব সংশোধনী আইন, পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনা বাতিল আৰু সোণাপুৰৰ নাজিৰাখাটত টোলগেট স্থাপনৰ বিৰোধিতাৰে সোমবাৰে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰা হয়৷ প্রথমে প্রতিবাদকাৰীসকল সোণাপুৰ খেলপথাৰত একত্রিত হৈ দীঘলীয়া সমদল কৰি আগবাঢ়ে ৩৭নং ৰাষ্ট্রীয় পথৰ দিশে৷ ইয়াৰ পিছতে প্রতিবাদকাৰীসকলে ৩৭নং ৰাষ্ট্রীয় ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ অসম মহিলা সংঘ, গ্রেটাৰ ডিমৰীয়া য়ুথ ৱেলফেয়াৰ এছ’চিয়েচন, ডিমৰীয়া আটছা, জাতীয়তাবাদী যুৱ–ছাত্র সন্থা আৰু বৃহত্তৰ ডিমৰীয়া মেজিক সন্থায়ো অংশগ্রহণ কৰা এই প্রতিবাদী কার্যসূচীৰ আগতীয়াকৈ খবৰ পাই পুৱাৰে পৰা সোণাপুৰত আৰক্ষী সষ্টম হৈ আছিল৷ প্রতিবাদী কার্যসূচী সন্দর্ভত আন্তঃডিমৰীয়া ছাত্র সন্থাৰ তৰফৰ পৰা কোৱা হয় যে কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে অসমবাসীয়ে মানি নলয়৷ ইয়াৰ বিৰুদ্ধে ৰাইজে বিভিন্ন সময়ত গণতান্ত্রিক আন্দোলন কৰি আহিছে৷ ইপিনে, কেন্দ্রীয় চৰকাৰে পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনাৰ জৰিয়তে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ প্রকৃতি, প্রাকৃতিক সম্পদ আৰু গণতান্ত্রিক ব্যৱস্থাটো মষিমূৰ কৰাৰ এক পৰিকল্পনা কৰিছে৷ ইয়াৰ জৰিয়তে বিশেষকৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলত ভয়াৱহ সমস্যাৰ সৃষ্টি হ’ব৷ বিশেষকৈ আন্তঃৰাষ্ট্রীয় সীমাৰ পৰা ১০০ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰত বৃহৎ প্রকল্প স্থাপনত ৰাইজে আপত্তি কৰিব নোৱাৰিব৷ জলসিঞ্চন প্রকল্প আধুনিকীকৰণত ৰাইজে মাত মাতিব নোৱাৰিব৷ ৰাষ্ট্রীয় পথ সম্প্রসাৰণত ৰাইজে আপত্তি কৰিব নোৱাৰিব৷ ৰাষ্ট্রীয় সুৰক্ষা বা প্রতিৰক্ষাজনিত প্রকল্পত জনতাই মাত মাতিব নোৱাৰিব৷ পৰিৱেশ আইন উলংঘা কৰিলেও জনসাধাৰণে একো কৰিব নোৱাৰিব৷ ৰাষ্ট্রীয় স্বার্থজড়িত প্রকল্পৰ ৰাজহুৱা শুনানি নহয়৷ বনাঞ্চলিক কয়লা খনন আৰু তৈল খাদৰ দৰে প্রকল্প বাধাহীন হৈ পৰিব৷ সেইদৰে মহানগৰীৰ নিচেই কাষতে সোণাপুৰৰ নাজিৰাখাটত স্থাপিত টোলগেট শীঘ্রে বন্ধৰ দাবী জনায় আজিৰ প্রতিবাদকাৰীয়ে৷ টোপাতলীৰ পৰা খানাপাৰালৈ আসোঁৱাহপূর্ণ ৰাষ্ট্রীয় পথৰ কাষত নাই জৰুৰীকালীন সেৱা, ট্রাক পার্কিঙৰ অভাৱ, জিৰণি চ’ৰাৰ অভাৱ৷ যোৰাবাট, নমাইল আদি অঞ্চলত এজাক বৰষুণতে কৃত্রিম বানপানীৰ সৃষ্টি হয়৷ এনে আসোঁৱাহপূর্ণ ৰাষ্ট্রীয় পথত টোলগেট স্থাপন কৰি কৰ সংগ্রহ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে৷ আজিৰ প্রতিবাদী কার্যসূচীত অংশ লয় কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে৷ লক্ষণীয়ভাৱে প্রতিবাদস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগতে অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু তেওঁলোকৰ জৰিয়তে সংগঠনকেইটাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ উল্লেখ্য যে দুই সহস্রাধিক প্রতিবাদকাৰীয়ে দীর্ঘসময় ধৰি ৰাষ্ট্রীয় ঘাইপথটো অৱৰোধ কৰি ৰখাৰ ফলত তীব্র যান–জঁটৰ সৃষ্টি হৈছিল৷

You might also like