নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বশিক্ষা ঘেৰাও শিক্ষাকর্মীৰঃ ৰাজপথত উত্তাল প্রতিবাদ

চাকৰি নিয়মীয়াকৰণ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ  চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সোমবাৰে কাহিলিপাৰাস্থিত সর্বশিক্ষা অভিযানৰ কার্যালয় ঘেৰাও কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ পুৱা ১১ বজাৰ পৰা দিনৰ এক বজালৈ তিনিঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচীৰ জৰিয়তে এই প্রতিবাদ সাব্যস্ত কৰে শিক্ষাকর্মীসকলে৷ কাহিলিপাৰাৰ ৰাজপথত অৱস্থান গ্রহণ কৰি চৰকাৰবিৰোধী শ্লোগানেৰে শিক্ষাকর্মীসকলে অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ শিক্ষাকর্মীসকলক টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তি, শিক্ষাকর্মীসকলৰ বয়সৰ ঊর্ধ্ব সীমা ৰেহাই, সহযোগী শিক্ষক হিচাপে পাঠদান কৰা বিদ্যালয়সমূহতে নিযুক্তি প্রদানৰ দাবীৰে এই প্রতিবাদ সাব্যস্ত কৰা হয়৷ তিনিঘণ্টীয়া অৱস্থান ধর্মঘটৰ অন্তত দাবী সম্বলিত স্মাৰক–পত্র প্রদান কৰাৰ লগতে বিভাগীয় কর্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছত সন্থাই সোমবাৰে কার্যসূচীৰ সামৰণি মাৰে৷ অৱশ্যে অহা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত শিক্ষাকর্মীসকলক স্থায়ী পদত নিযুক্তি দিবলৈ চূড়ান্ত সয়মসীমা বান্ধি দিয়ে সন্থাই৷ ইয়াৰ ভিতৰত চৰকাৰৰ কোনো সঁহাৰি লাভ নকৰিলে অহা এক অক্টোবৰত কাহিলিপাৰাৰ সর্বশিক্ষাৰ কার্যালয়ৰ পৰা দিছপুৰ চলো কার্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে শিক্ষাকর্মী সন্থাই৷ উল্লেখ্য যে ২০০৫–০৬ চনৰ পৰা গাঁও শিক্ষা সমিতি আৰু চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে সংযোগী শিক্ষা কেন্দ্রসমূহত এই শিক্ষাকর্মীসকলে সেৱা আগবঢ়াই আহিছে৷ প্রাথমিকভাৱে ১১ মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি প্রদান কৰা হৈছিল যদিও পৰৱর্তী সময়ত তেওঁলোকৰ কার্যকাল ২০১২ চনৰ ৩১ মার্চলৈ বৃদ্ধি কৰে৷ আনহাতে, নূ্যনতম মজুৰিৰে কাম কৰি অহা শিক্ষাকর্মীসকলক পৰৱর্তী সময়ত চাকৰিৰ পৰা অব্যাহতি দিয়াত তেওঁলোক উপায়ান্তৰ হৈ পৰে৷ ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি অহা শিক্ষাকর্মীসকলে ২০১৮ চনৰ এক নৱেম্বৰত তদানীন্তন শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ সৈতে এখন বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে বিশেষ টেটযোগে তেওঁলোকৰ নিযুক্তিৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়া হৈছিল যদিও আজিপর্যন্ত কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ সন্থাৰ সভাপতি আবুল কালাম আৰু সম্পাদক মৃদুল ৰাজবংশীয়ে সদৰী কৰা অনুসৰি ইতিমধ্যে ৩,৫৫৯গৰাকী শিক্ষাকর্মীৰ তথ্য–পাতি পৰীক্ষণৰ কাম সম্পূর্ণ হৈছে৷ বহুসংখ্যক শিক্ষাকর্মীয়ে ডিএলএড পাঠ্যক্রমো সম্পূর্ণ কৰিছে৷ তৎসত্ত্বেও বিশেষ টেট অনুষ্ঠিত কৰাৰ কোনো কার্যকৰী পদক্ষেপ গ্রহণ নকৰিলে৷ ফলত তেওঁলোকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে বুলি নেতাদ্বয়ে মন্তব্য কৰিছে৷ ইতিমধ্যে সন্থাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি দাবী সম্বলিত স্মাৰক–পত্রও প্রদান কৰিছে

You might also like