নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ ছোনিয়া গান্ধীঃ দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: বুধবাৰে গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক। পিটিআইৰ সূত্ৰই জনোৱা মতে, ছোনিয়া গান্ধীক ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মাতৃৰ লগত কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা চিকিৎসালয়ত উপস্থিত আছে।

সূত্ৰই জনোৱা মতে, মঙলবাৰৰ পৰা ছোনিয়া গান্ধী অসুস্থ, যাৰ বাবে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা ভাৰত জোড়ো যাত্ৰাত সাত কিলোমিটাৰ খোজ কাঢ়ি আধাতে সামৰি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীলৈ উভতি আহিছিল।

উল্লেখ্য যে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে বিগত বৰ্ষৰ জুন মাহতো দিল্লীৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

You might also like