নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ বছৰত ১০ লাখক দিব নিযুক্তি, মোদীৰ ডাঙৰ ঘোষণা

বিশেষ বাৰ্তা, ১৪ জুনঃ দেশৰ নিৱনুৱাসকলৰ বাবে এক সুখৰ খবৰ। অহা ডেৰ বছৰত দেশজুৰি ১০ লাখক কর্মসংস্থাপন দিয়া হ’ব। চৰকাৰী দপ্তৰবোৰক তেনে নির্দেশেই দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মঙলবাৰে এই কথা জনোৱা হৈছে। সম্প্রতি কেন্দ্রীয় চৰকাৰৰ সকলো দপ্তৰ তথা মন্ত্রালয়ৰ মানব সম্পদ পর্যালোচনা কৰা হয়। তাৰ পাছতে ১০ লাখ কর্মসংস্থাপনৰ নির্দেশ দিলে প্রধানমন্ত্রীয়ে। নৰেন্দ্র মোদীৰ শাসনকালত কর্মসংস্থাপনৰ দশাক লৈ বিৰোধীয়ে বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰি আহিছে।

দেশত নিৱনুৱাৰ হাৰ দিনে দিনে বাঢ়িছে, অর্থনৈতিক অগ্রগতিও থমকিছে। কেন্দ্রীয় চৰকাৰৰ বিভিন্ন দপ্তৰত প্রচুৰ শূণ্যপদ ৰৈছে বুলি অভিযোগ উঠিছে, য’ত বছৰৰ পাছত বছৰ ধৰি কোনো নিয়োগ হোৱা নাই। নিৱনুলা সমস্যাক লৈ বিৰোধীৰ আক্রমণৰ মাজতেই ডাঙৰ ঘোষণা কৰিলে প্রধানমন্ত্রী মোদীয়ে। পিএমঅ’ কাৰ্যালয়ৰ পৰা টুইট কৰি জনোৱা হৈছে এই নির্দেশৰ কথা। ‘মিছন মোড’ৰ অধীনত এই ১০ লাখক চাকৰিত নিয়োগ কৰাৰ কথা কৈছে প্রধানমন্ত্রীয়ে। অর্থাৎ কোনো লেহেমীয়া নহয়, অবিলম্বে নিয়োগ প্রক্রিয়া সম্পন্ন কৰিব লাগিব।

You might also like