নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় বক্সিঙত উজলিল শোণিতপুৰৰ বিদ্যাৰ্থী

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ গুজৰাটৰ বডনগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত যোৱা ২৮ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ নৱোদয় বিদ্যালয় সমিতিৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত শোণিতপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পদক অৰ্জন কৰি বিদ্যালয়ৰ লগতে সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে । উল্লেখ্য যে বিদ্যালয়ৰ বক্সিং প্ৰশিক্ষক বিকাশ জ্যোতি বৰাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা বিদ্যালয় বক্সিং দলটোৰ সৰ্বমুঠ ১১জন বক্সাৰ সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ সমূহ নৱোদয় বিদ্যালয়ৰ শ্ৰেষ্ঠ বক্সাৰসকল মিলি গঠন হোৱা শ্বিলং বিভাগৰ ৩৭জনীয়া দলটোত নিৰ্বাচিত হয়। প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ দশম শ্ৰেণীৰ ছাত্ৰ শংকৰজ্যোতি পাটগিৰিয়ে দু্ৰ্দান্ত প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু লগতে নৱোদয় বিদ্যালয় সমিতিৰ সৰ্বভাৰতীয় বক্সিং দলটিত নৱেম্বৰত হ’ৱলগীয়া এচ জি এফ আই প্ৰতিযোগিতাত অংশগ্রহণৰ বাবে স্হান লাভ কৰে । আনহাতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ)ৰ ৫গৰাকী বক্সাৰে ৰূপৰ পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জন কৰা বক্সাৰসকলৰ নামসমূহ হ’ল- নৱম শ্ৰেণীৰ ছাত্ৰ অয়ন জ্যোতিষ নাথ আৰু চৰাংছাৰ বসুমতাৰী, সপ্তম শ্ৰেণীৰ ছাত্ৰ কৌশিক বৰা আৰু য়ছৰাজ বৰ্মন আৰু একাদশ শ্ৰেণীৰ বিদ্যাৰ্থী এণ্টিলো ৰ’মাট। প্ৰতিযোগিতাখনত জৱাহৰ নৱোদয় বিদ্যালয় (শোণিতপুৰ)ৰ ৩গৰাকী বক্সাৰে ব্ৰজ্ঞৰ পদক অৰ্জন কৰে। বক্সাৰসকল হ’ল- সপ্তম শ্ৰেণীৰ অভিজ্ঞান শইকীয়া, অষ্টম শ্ৰেণীৰ জয়স্মিতা দত্ত আৰু দশম শ্ৰেণীৰ অংকুৰ জ্যোতি কুটূম। ইয়াৰে প্ৰতিযোগিতাখনত ৰূপৰ পদক লাভ কৰা অয়ন জ্যোতিষ নাথৰ ঢেকীয়াজুলিৰ কাৱৈমাৰীত ঘৰ৷ অয়ন কাৱৈমাৰী নিবাসী অবন কুমাৰ নাথ আৰু সুষমা দেবীৰ কনিষ্ঠ পুত্ৰ ৷ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এই সাফল্যই বিদ্যালয় তথা বিশ্বনাথ আৰু শোণিতপুৰৰ ক্ৰীড়ানুৰাগীক উৎফুল্লিত আৰু গৌৰৱান্বিত কৰি তুলিছে ।
প্ৰেৰক সুজিৎ কটকী
You might also like