নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ পি কুমাৰ সঞ্জীত কৃষ্ণক মাৰাথন জেৰা

উপ–পৰিদর্শক পৰীক্ষা কেলেংকাৰিৰ চাঞ্চল্যকৰ মোৰ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিত এইবাৰ সাঙোৰ খাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ তথা কৰিমগঞ্জলৈ দুদিন আগতে বদলি হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ নাম৷ অসম আৰক্ষীক কলংকিত কৰা এছ আই পদৰ নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতে আজি গুৱাহাটীৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ত কুমাৰ সঞ্জীত কৃষ্ণক জেৰা কৰে৷ এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্ত প্রক্রিয়াৰ তদাৰক কৰি থকা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে কুমাৰ সঞ্জীত কৃষ্ণক জেৰা কৰে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ খোদ মুখ্য সচিবৰ ভাতৃ তথা স্বয়ং অসম আৰক্ষীৰ এজন আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়া এছ আই পদৰ নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰা তথা এই সংক্রান্তত শীর্ষ বিষয়াৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হোৱা ঘটনাই ৰাজ্য প্রশাসনত জোকাৰণি সৃষ্টি কৰিছে৷

উল্লেখ্য যে এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছতে কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক চি আই ডিয়ে উলুবাৰীৰ কার্যালয়ত হাজিৰ হ’বলৈ চমন দিছিল৷ সেইমর্মে কুমাৰ সঞ্জীত কৃষ্ণই সোমবাৰে চি আই ডিৰ কার্যালয়ত হাজিৰ হয়৷ চি আই ডিৰ কার্যালয়ত উক্ত কেলেংকাৰি সন্দর্ভত জি পি সিঙে জেৰা কৰাৰ পাছত কুমাৰ সঞ্জীত কৃষ্ণক মহানগৰীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়লৈ নিয়া হয়৷ এই কার্যালয়তো অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত শীর্ষ আৰক্ষী বিষয়া জি পি সিং, ডাঃ এল আৰ বিষ্ণই, সুৰেন্দ্র কুমাৰ আদিয়ে ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃক জেৰা কৰে৷ লক্ষণীয়ভাৱে এছ আই কেলেংকাৰিত সাঙোৰ খাই পৰা কুমাৰ সঞ্জীত কৃষ্ণক দেওবাৰে বন্ধৰ দিনটোত গৃহ বিভাগে এক নির্দেশমর্মে কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছিল৷ ইয়াৰ এদিন পাছতে আজি এ পি এছ বিষয়াগৰাকীক চি আই ডি আৰু আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়ত শীর্ষ বিষয়াই জেৰা কৰা কার্যই এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ তদন্তই স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত কৰিমগঞ্জৰ সদ্যপ্রাক্তন আৰক্ষী অধীক্ষকজন গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ এক সূত্রই সদৰী কৰা মতে, এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা এই কেলেংকাৰিৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ হোৱা অক্ষয় টেলিকমিউনিকেচনৰ অংশীদাৰ ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত কুমাৰ সঞ্জীত কৃষ্ণক আজি চি আই ডিৰ কার্যালয়লৈ তলব কৰা হৈছিল৷

আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, বিগত ২০১৫ চনৰ পৰা ৰুবুল হাজৰিকাৰ কুমাৰ সঞ্জীত কৃষ্ণৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছিল৷ কুমাৰ সঞ্জীত কৃষ্ণ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক হৈ থকা সময়ত অক্ষয় টেলিকমিউনিকেচন নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰ অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দ আৰু অংশীদাৰ ৰুবুল হাজৰিকাৰ আৰক্ষী বিষয়াজনৰ সৈতে চিনা–পৰিচয় হৈছিল৷ সেই চিনাকি সূত্রে এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱা আৰু পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা অক্ষয় টেলিকমিউনিকেচনৰ আখিয়া চান্দ আৰু ৰুবুল হাজৰিকা এছ আই পদৰ নিযুক্তি কেলেংকাৰিত জড়িত হৈ পৰিছিল৷ চি আই ডিৰ সূত্রটোৱে জনোৱা মতে, যোৱা ২০ ছেপ্টেম্বৰত  এছ আই পদৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুদিন পূর্বে অর্থাৎ ১৮ ছেপ্টেম্বৰত  কৰিমগঞ্জত উপস্থিত হৈছিল ৰুবুল হাজৰিকা৷ কৰিমগঞ্জত উপস্থিত হৈ ৰুবুল হাজৰিকাই তেতিয়া আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকা কুমাৰ সঞ্জীত কৃষ্ণৰ বাসগৃহত হাজিৰ হয়৷ তাত থকাৰ সময়তে পূর্বপৰিকল্পনা অনুসৰি আৰক্ষী অধীক্ষকজনে এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত উলিয়াই দিয়ে৷ ৰুবুলে ম’বাইল ফোনেৰে প্রশ্নকাকতৰ ফটো তোলে৷ ম’বাইলত ফটো তুলি লৈ গুৱাহাটীলৈ ঘূৰি আহে ৰুবুল হাজৰিকা৷ ইয়াৰ পাছতে ৰুবুলে প্রশ্নকাকত প্রিণ্ট কৰি এছ আই পদৰ পৰীক্ষাৰ অনুশীলন পাতে৷ ৰুবুল হাজৰিকাই জু–ৰোডস্থিত তৃষ্ণা গ্ল’বেল প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৰ সঞ্চালক সৰোজ শর্মাৰ লগ লাগি বহুকেইজন এজেণ্ট নিয়োগ কৰে৷ এই নির্দিষ্ট এজেণ্টৰ জৰিয়তে নলবাৰী, চিৰাং, বঙাইগাঁও আদিৰ বহু প্রার্থীৰ পৰা ৰুবুল এণ্ড কোম্পানীয়ে কোটি কোটি টকা সংগ্রহ কৰে৷ আৰক্ষী সূত্রটোৰ মতে, পূর্বতে বঙাইগাঁৱত অতিৰিক্ত অধীক্ষক (সীমান্ত) হিচাপে কার্যনির্বাহ কৰা তথা বর্তমান কৰিমগঞ্জত একেটা পদত কার্যনির্বাহ কৰা প্রশান্ত কুমাৰ দত্তৰ নামো এছ আই পদৰ নিযুক্তি কেলেংকাৰিত সাঙোৰ খাই পৰিছে৷ আখিয়া চান্দ আৰু ৰুবুল হাজৰিকাৰে ঘনিষ্ঠ সম্পর্ক থকা এইজন অতিৰিক্ত আৰক্ষী অধীক্ষকে এছ আই পদৰ নিযুক্তি কেলেংকাৰি ফাদিল হোৱাৰ দিনাৰ পৰা ছুটীত আছে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ দোহাই দি ছুটীত থকা প্রশান্ত কুমাৰ দত্তই আজিলৈকে কর্তব্যত যোগদান কৰা নাই৷ আজি আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত কুমাৰ দত্তকো ক্রাইম ব্রাঞ্চে জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, প্রশান্ত কুমাৰ দত্ত অৱসৰপ্রাপ্ত আৰক্ষী মহাপৰিদর্শক পি কে দত্তৰ সৈতে মধুৰ সম্পর্ক আছে৷ জানিব পৰা মতে আজি নিশা দুয়োজন আৰক্ষী বিষয়াকে বিশেষ শাখাৰ কার্যালয়ৰ পৰা অজ্ঞাত স্থানলৈ লৈ যোৱা হয়৷ দুয়োকে নিশা চতুর্থ এপিবিএনৰ শিবিৰত ৰখা হ’ব বুলি আৰক্ষীৰ এক বিশেষ সূত্রই সদৰী কৰিছে৷ ইফালে, এই কেলেংকাৰিত সাঙোৰ খাই পৰা কুমাৰ সঞ্জীত কৃষ্ণ আৰু প্রশান্ত কুমাৰ দত্ত গ্রেপ্তাৰ হ’বনে, সেয়া এতিয়া বৃহৎ প্রশ্ণ হৈ পৰিছে৷

বঙাইগাঁৱত আৰক্ষী–চিআইডিৰ অভিযান অব্যাহত
এছ আই কেলেংকাৰিৰ তদন্তক লৈ বঙাইগাঁৱৰ বিভিন্ন স্থানত আজিও আৰক্ষী–চি আই ডিৰ অভিযান অব্যাহত থাকে৷ অভিযানকাৰী দলে বিভিন্নজনক সোধা–পোছাৰ লগতে তালাচী চলাই থকা বুলি খবৰ পোৱা গৈছে৷ চি আই ডিৰ দলে বেংক আদিতো উপস্থিত হৈ তথ্যপাতি সংগ্রহ কৰি থকা বুলি জানিব পৰা গৈছে৷ কালি নিশা অক্ষয় চান্দ বৈদ্যৰ পুত্র দীপক বৈদ্যৰ শহুৰেক পান্নালাল চানচুকাৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়৷ সন্ধিয়া প্রায় ছয় বজাৰ পৰা পাঁচ ঘণ্টাৰো অধিক সময় অভিযান চলায় আৰক্ষীৰ দলে৷ অৱশ্যে অভিযান সম্পর্কে বিশেষ একো মন্তব্য কৰা নাই অভিযানত নেতৃত্ব দিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে৷

You might also like